உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • কৰ্ণাটকী মিউজিক জিনিয়াছৰ পৰা পাৰ্কিনছন ৰোগীৰ বাবে যন্ত্ৰ উদ্ভাৱকলৈকে, #BYJUSYoungGenius2 ৰ খণ্ড 2 আপুনি নোচোৱাকৈ থাকিব নোৱাৰে

    কৰ্ণাটকী মিউজিক জিনিয়াছৰ পৰা পাৰ্কিনছন ৰোগীৰ বাবে যন্ত্ৰ উদ্ভাৱকলৈকে, #BYJUSYoungGenius2 ৰ খণ্ড 2 আপুনি নোচোৱাকৈ থাকিব নোৱাৰে

    BYJUS Young Genius 2 ৰ খণ্ড 2 হৈছে ভাৰতৰ দুই বিস্ময়কৰ বালকৰ আবেগ আৰু পৰিশ্ৰমৰ কাহিনী

    BYJUS Young Genius 2 ৰ খণ্ড 2 হৈছে ভাৰতৰ দুই বিস্ময়কৰ বালকৰ আবেগ আৰু পৰিশ্ৰমৰ কাহিনী

    BYJUS Young Genius 2 ৰ খণ্ড 2 হৈছে ভাৰতৰ দুই বিস্ময়কৰ বালকৰ আবেগ আৰু পৰিশ্ৰমৰ কাহিনী

    • Share this:
    যোৱা সপ্তাহত BYJUS Young Genius 2-য়ে দুটা কাহিনীৰে এক অভাবনীয় আৰম্ভণি কৰিছিল। প্ৰথমটো কাহিনী আছিল 14 বছৰীয়া, দুবাৰকৈ বিশ্ব কিকবক্সিং চেম্পিয়ন তাজামুল ইছলামৰ আৰু আনটো আছিল 14 বছৰীয়া অলিম্পিয়াড আৰু পুৰস্কাৰ প্ৰাপ্ত এপ ডেভেলপাৰ হৰমনজোত সিঙৰ বিষয়ে।

    এই সপ্তাহত আমাৰ ওচৰত দেশৰ পৃথক প্ৰান্ত – বেংগালুৰু আৰু পুণেৰ পৰা দুটা অবিশ্বাস্য কাহিনী আছে। এই কাহিনীবোৰ এনে লোকসকলৰ বিষয়ে যিসকলে তেওঁলোকৰ দক্ষতাৰ জৰিয়তে একাধিক ধৰণে পাৰ্থক্য আনিছে। কিয়নো #BYJUSYoungGenius 2ৰ ঊদ্দেশ্যই হৈছে এইবোৰৰ বিষয়ে: বিস্ময়কৰ শিশুসকলৰ অদ্ভুত কাৰ্য্য প্ৰদৰ্শন কৰা আৰু ভাৰতৰ যুৱসকলক তেওঁলোকৰ নিজৰ সপোন আৰু লক্ষ্য অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰা।

    কৰ্ণাটকী মিউজিকৰ বিস্ময়কৰ প্ৰতিভা ৰাহুল ভেল্লাল আৰু চিৰি গিৰীশৰ লগত চিনাকি হওঁ আহক

    এই সপ্তাহত প্ৰদৰ্শিত শিশু প্ৰতিভাবোৰ চাওঁ আহক প্ৰথমে আৰম্ভ কৰা হওক ৰাহুল ভেল্লালৰ পৰা যি কৰ্ণাটকী মিউজিকৰ এজন 14 বছৰীয়া বিস্ময়কৰ প্ৰতিভা, যিয়ে চাৰে ছয় বছৰ বয়সতে মঞ্চত প্ৰদৰ্শন কৰা আৰম্ভ কৰিছিল কেৱল সেয়াই নহয়, আঢ়ৈ বছৰ বয়সত ৰাহুলে তেওঁৰ ঘৰত বজোৱা সকলোবোৰ গানৰ সম্পূৰ্ণৰূপে পুনৰাবৃত্তি কৰিব পাৰিছিল

    ভেল্লালে আজিলৈকে সৰ্বমুঠ ছয়টা ভাষাত অনুষ্ঠান প্ৰদৰ্শন কৰিছেসেইকেইটা হৈছে কানাড়া, তামিল, তেলেগু, হিন্দী, মাৰাঠী, আৰু গুজৰাটীতেওঁৰ নিজৰ ভাষাতে ক’বলৈ 'লে, ইম্প্ৰভাইজেশ্যন হৈছে কৰ্ণাটকী সংগীতৰ হৃদয় আৰু সৌন্দৰ্য, এক জীৱন দৰ্শন যাক যুৱ প্ৰতিভাগৰাকীয়ে আৰম্ভণিৰে পৰা অনুসৰণ কৰি আহিছে

    এটা দশকৰ অনুশীলনৰ পিছত ভেল্লালৰ নামত পুৰস্কাৰ আৰু স্বীকৃতিৰ এক দীঘলীয়া তালিকা আছে তেওঁ কৰ্ণাটকী ভকেলৰ (2018-2020) বাবে সন্মুখআনন্দ এম এছ সুব্বুলক্ষ্মী ফেল'শ্বিপ 2018 লাভ কৰিছিল এটা মিউজিক ভিডিঅ' প্ৰখ্যাত সংগীত ৰচয়িতা কুলদীপ এম পাইৰ সৈতে সহযোগিতা কৰিছিল আৰু আনকি ডিজনীৰ এনিমেটেড চলচ্চিত্ৰ "দ্য লায়ন কিং" (তেলেগু সংস্কৰণ) বাবে মুখ্য চৰিত্ৰ চিম্বাৰ বাবে কণ্ঠদান কৰি গান গাইছিল 

    ভেল্লালে থমকি ৰোৱাৰ নামেই লোৱা নাই তেওঁ কৰ্ণাটকী সংগীত গাই থাকিবলৈ আৰু ইয়াক সমগ্ৰ বিশ্বতে পৰিৱেশন কৰি থাকিব বিচাৰে অতিথি শংকৰ মহাদেৱনে খণ্ডটোত কৰাৰ দৰেই এই পৰম্পৰাগত সংগীতৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰতিভা আৰু অটল ভক্তিৰ বাবে আমি আচৰিত হৈ মূৰ দোৱাই তেওঁক নমস্কাৰ কৰিছো

    যেতিয়া বাংগালুৰুৰ 14 বছৰীয়া চিৰি গিৰীশ উপস্থিত হৈ তেওঁৰ নতুন ৰাগ নমোবীনাপানি গাইছিল সেয়া শুনি মহাদেৱন মন্ত্ৰমুগ্ধ হৈ পৰিছিল তেওঁ নিজৰ কৰ্ণাটকী ৰাগ সৃষ্টি কৰা আটাইতকৈ কনিষ্ঠ ছোৱালী হিচাপে এটা নতুন অভিলেখ গঢ়িছিল

    আমাৰ প্ৰিয় অংশটো আছিল যেতিয়া তেওঁলোকে একেলগে বন্দেমাতৰম গাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ কণ্ঠস্বৰৰ বাহিৰে সেইসময়ত আন সকলোবোৰ ম্লান পৰি গৈছিল সেই বিস্ময়কৰ ক্ষণে আমাকো তেওঁলোকৰ লগতে গানটো গাবলৈ বাধ্য কৰিছিল আন একো নহলেও আপুনি এই নিৰ্দিষ্ট মুহূৰ্তটোৰ বাবেই খণ্ডটো চোৱা উচিত

    পাৰ্কিনছনৰ বাবে জুই কেস্কাৰৰ উদ্ভাৱন

    যেতিয়া খুৰাকৰ মাজত লক্ষণবোৰ দেখুৱাবলৈ আৰম্ভ কৰিছিল আৰু পিছত পাৰ্কিনছন ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছিল তেতিয়াই জুই কেস্কাৰে তেওঁৰ বাবে কিবা কৰিবলৈ সংকল্পবদ্ধ হৈছিলতেওঁৰ উদ্ভাৱনটো JTremor-3D ডিভাইচৰ ৰূপত আহিছিল পাৰ্কিনছন ৰোগীৰ কম্পন জোখাত সহায় কৰে আৰু চিকিৎসকলৈ তথ্য প্ৰেৰণ কৰে যাতে ৰোগীক কাৰ্যকৰীভাৱে চিকিৎসা কৰিব পৰা যায় 

    পুনেৰ 15 বছৰীয়া কিংবদন্তীয়ে তেওঁৰ ডিভাইচটোৰ বাবে অসংখ্য পুৰস্কাৰ লাভ কৰিছে তাৰ ভিতৰত আছে: 2020 চনত উদ্ভাৱন আৰু সৃজনশীলতাৰ বাবে ড০ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ছাংহাই যুৱ বিজ্ঞান শিক্ষা মেলাৰ বিশেষ বঁটা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিজেনেৰন আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু অভিযান্ত্ৰিক মেলা, 2021- বিজ্ঞান বীজ বঁটা কেৱল সেয়াই নহয় পাৰ্কিনছন এচচিয়েচনে তেওঁক ৰোগটোৰ বিষয়ে ৰোগী আৰু চিকিৎসকৰ সৈতে কথা পাতিবলৈ আমন্ত্ৰণ জনাইছে

    সমগ্ৰ বিশ্বতে পাৰ্কিনছন ৰোগীসকলক সহায় কৰিবলৈ JTremor-3D ডিভাইচৰ বাণিজ্যিক সংস্কৰণ এটা মুকলি কৰাৰ আগতে কেস্কাৰে বৰ্তমান ডিভাইচটোৰ ব্যয় অধিক হ্ৰাস কৰাৰ উপায় বিচাৰি আছে আৰু আইনী বিষয়ত কাম কৰি আছে

    এই ধৰণৰ সমস্যা সমাধানৰ মানসিকতা আৰু লগতে নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰত থকা বিশ্বাসে এই যুৱ প্ৰতিভাবোৰক অসামান্য কৰি তোলে তাৰ ফলত তেওঁলোক সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰেআমি এতিয়াও কেৱল খণ্ড 2-তে আছোঁ কিন্তু এতিয়ালৈকে প্ৰদৰ্শিত সফলতা আৰু দক্ষতাৰ স্তৰ অবিশ্বাস্য

    Network 18 প্লেটফৰ্মত প্ৰচাৰিত হোৱাৰ লগে লগে BYJU’S Young Genius ছীজন 2- খণ্ড 2টো উপভোগ কৰিবলৈ নাপাহৰিব 
    Published by:Gautam Barman
    First published: