যদি আপুনি তথ্য প্ৰযুক্তি খণ্ডত (IT Sector) চাকৰি পোৱাৰ সপোন দেখিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আছে। ফৰাচী আই টি কোম্পানী কেপজেমিনিয়ে (Capgemini) এই বছৰ ভাৰতত বাম্পাৰ নিয়োগৰ বাবে (Bumper Hiring in India) সাজু হৈছে। কোম্পানীটোৱে সদৰী কৰা তথ্য মতে, তেওঁলোকে এই বছৰ ভাৰতত প্ৰায় ৬০,০০০ কৰ্মচাৰী নিয়োগ কৰিবলৈ সাজু হৈছে। এয়া ২০২১তকৈও বেছি।
কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া যশভিন য়াৰ্ডিয়ে কয়- ডিজিটেল-আধাৰিত সেৱাৰ চাহিদা বৃদ্ধি পাইছে। আমাৰ বিশ্বব্যাপী প্ৰায় ৩.২৫ লাখ কৰ্মচাৰী আছে। তেওঁলোকৰ আধা ভাৰততে আছে। নতুন নিযুক্তি প্ৰতিভা ভিত্তিত দিয়া হ'ব। ৫-জি আৰু কোৱাণ্টামৰ দৰে উদীয়মান ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব।
এৰিক্সনৰ সৈতে অংশীদাৰিত্ব
কেপজেমিনিয়ে যোৱাবছৰ এৰিক্সনৰ সৈতে অংশীদাৰিত্বত ভাৰতত এটা ৫জি পৰীক্ষাগাৰ মুকলি কৰিছিল। ইয়াত কোম্পানীটোৱে ভাল ফলাফল লাভ কৰিছে। গতিকে এতিয়া ৫জি উদ্যোগক অধিক সেৱা প্ৰদান কৰিবলৈ কিছুমান গ্লবেল আৰু ভাৰতীয় সেৱা প্ৰদানকাৰীৰ সৈতে কাম কৰি আছে কোম্পানীটোৱে।
ভাৰতত কেপজেমিনিয়ে ২০২১ চনত ভাল প্ৰদৰ্শন কৰিছিল। য়াৰ্ডিয়ে কয়- আগন্তুক দিনত ইয়াৰ দৃষ্টিভংগী আৰু অধিক উন্নত হ'ব, যাৰ ফলত আমাৰ নিয়োগ অভিযান বৃদ্ধি পাইছে। আমি নিয়োগৰ প্ৰচাৰৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈও গৈ আছোঁ।
যোৱা মাহত কেপজেমিনিৰ গোটৰ মুখ্য কাৰ্যবাহী বিষয়া অমন ইজ্জতে কয় যে দীৰ্ঘম্যাদী সময়ৰ বাবে কোম্পানীৰ কাম-কাজ পৰিচালনা কৰাত ভাৰতে এক ডাঙৰ ভূমিকা পালন কৰিব। ই ভাৰতৰ উদীয়মান প্ৰতিভাক উপযুক্ত ৰূপত সুবিধা দিব, যাতে বিশ্বজোৰা দলবোৰক নেতৃত্ব দিব পাৰে। কোৱাণ্টাম, ৫জি আৰু মেটাভাৰ্ছৰ দৰে উদীয়মান প্ৰযুক্তিবোৰ আগবাঢ়িব বুলিও আশা কৰা হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2022, 16:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।