உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • career
    • »
    • BYJU’S Young Genius Season 2ৰ প্ৰথমটো খণ্ড ধামাকাৰ সৈতে আৰম্ভ হৈছে

    BYJU’S Young Genius Season 2ৰ প্ৰথমটো খণ্ড ধামাকাৰ সৈতে আৰম্ভ হৈছে

    BYJUSYoungGenius2 উভতি আহিছে এটা নকআউট প্ৰথম খণ্ডৰ সৈতে। এইবোৰ কাৰণত এইটো খণ্ড আপুনি এতিয়াই চোৱা উচিত!

    BYJUSYoungGenius2 উভতি আহিছে এটা নকআউট প্ৰথম খণ্ডৰ সৈতে। এইবোৰ কাৰণত এইটো খণ্ড আপুনি এতিয়াই চোৱা উচিত!

    BYJUSYoungGenius2 উভতি আহিছে এটা নকআউট প্ৰথম খণ্ডৰ সৈতে। এইবোৰ কাৰণত এইটো খণ্ড আপুনি এতিয়াই চোৱা উচিত!

    • Share this:
     নিজৰ প্ৰতিভা সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰি শিশু আৰু কিশোৰসকলে এনে এক মঞ্চত কৰা প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ আনন্দ অনিৰ্বচনীয় আৰু অনন্য। ভাৰতৰ ইয়ং জিনিয়াছসকলে নিজৰ বৈশিষ্ট্য তথা দক্ষতা প্ৰদৰ্শন কৰাৰ সময়ত চকুত সন্তুষ্টিৰ জিলিঙনি বা দৰ্শকৰ তৃপ্তিৰ হাঁহি সঁচাকৈয়ে অপূৰ্ব।

    ৱৰ্ল্ড কিকবক্সিং চেম্পিয়ন – এবাৰ নহয় দুবাৰকৈ

    News18 ৰ উদ্যোগ BYJU'S Young Geniusৰ দ্বিতীয়টো ছীজন আৰম্ভ হওঁতে ঠিক সেয়াই আমি দেখিবলৈ পাওঁ- কাশ্মীৰৰ তৰ্কপুৰাৰ চৈধ্য বছৰীয়া তাজামুল ইছলামক, যি সমাজৰ নিয়ম আৰু দেউতাকৰ বাধা নেওচি বিশ্ব কিকবক্সিং চেম্পিয়ন খিতাপ লাভ কৰিছিল।

    মাত্ৰ ন বছৰ বয়সৰ ইছলামে 2016 চনত ইটালীৰ এন্দ্ৰিয়াত অনুষ্ঠিত বিশ্ব কিকবক্সিং চেম্পিয়নশ্বিপত বিজয়ী হৈছিল! তেওঁ ধাৰাবাহিকভাৱে আন কেইবাটাও পদক আৰু প্ৰশংসা জিকাত সক্ষম হৈছে, যাৰ ভিতৰত আছে U-13 বিভাগত 2015 চনত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ।

    পাঁচবছৰ বয়সতে ইছলামে দেউতাকৰ প্ৰাৰম্ভিক বিৰোধিতাক অতিক্ৰম কৰে আৰু তেওঁক নিজৰ আটাইতকৈ উৎসাহী অনুৰাগীলৈ ৰূপান্তৰিত কৰে। 2016 চনৰ বিজয়ৰ পিছত, ইছলামে বিত্তীয় সংকটৰ বাবে মাত্ৰ 12 বছৰ বয়সতে আনক কিকবক্সিং শিকাবলৈ বাধ্য হৈছিল। 800 ৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ পিছত, ইছলামে আশা কৰে যে তাইৰ শিক্ষাৰ্থীসকলে কিকবক্সিঙত জিকি গৌৰৱ কঢ়িয়াই আনিব।

    তেওঁৰ আটাইতকৈ শেহতীয়া সাফল্য আহিছিল 2021চনৰ অক্টোবৰত- যেতিয়া তেওঁ ইজিপ্তত অনুষ্ঠিত বিশ্ব কিকবক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছিল আৰু সমগ্ৰ ষ্টেডিয়াম জুৰি ভাৰতীয় ত্ৰিৰংগা উৰুৱাইছিল। যদি 2028 চনত কিকবক্সিং অলিম্পিকৰ আনুষ্ঠানিক ক্ৰীড়াত অন্তৰ্ভুক্ত হয়, ইছলামৰ উচ্চাকাংক্ষা এয়ে যে তেওঁ অলিম্পিকৰ পদক দেশলৈ কঢ়িয়াই আনিব। আমি এই বিষয়ে পতিয়ন গৈছোঁ কাৰণ এনে গৌৰৱময় পৃষ্ঠভূমিৰ সৈতে জড়িত ইছলামক লৈ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লভলীনা বৰগোঁহায়েও অনুষ্ঠানটোত ইছলামক লগ পোৱাৰ পাছত এই বিশ্বাস প্ৰতিফলিত কৰিছে।

    এগৰাকী অলিম্পিয়াড আৰু বঁটাপ্ৰাপ্ত এপ বিকাশক

    খণ্ডটোত প্ৰদৰ্শিত পৰৱৰ্তী ইয়ং জিনিয়াছ হৰমনজ্যোত সিং হৈছে এগৰাকী বঁটাপ্ৰাপ্ত এপ বিকাশক আৰু অলিম্পিয়াড চেম্পিয়ন। এই 14 বছৰীয়া কিশোৰজন মাত্ৰ কেইশমান কিলোমিটাৰ দূৰত বাস কৰে আৰু উদ্ভাৱন্ৰ বিভাগত 2021 চনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ গৌৰৱান্বিত প্ৰাপ্তকৰ্তা। সিং ৰক্ষা মহিলা সুৰক্ষা এপ সৃষ্টি কৰাৰ বাবে জনাজাত, যিটো তেওঁ নিজৰ মাতৃ আৰু আন মহিলাসকলক সুৰক্ষিত কৰি ৰখাৰ চিন্তাৰে প্ৰস্তুত কৰি উলিয়াইছিল।

    উক্ত এপটোৱে ব্যৱহাৰকাৰীক আৰক্ষী বা পৰিয়ালৰ নিকটতম সদস্যসকলৰ সৈতে যোগাযোগ কৰোৱাৰ লগতে কাষৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ আৰু অপ্ৰত্যাশিত সমস্যাৰ ক্ষেত্ৰত জৰুৰীকালীন নম্বৰৰ এখন তালিকালৈ ফোন কৰাটো সম্ভৱপৰ কৰি তোলে। 

    সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কো কেলিফৰ্ণিয়াত অৱস্থিত হোৱাইট হেট অৰ্গেনাইজেশ্যনৰ দ্বাৰা আয়োজিত চিলিকন ভেলী ক’ড অৱ অনাৰো এই ৰক্ষা মহিলা সুৰক্ষা এপটোৰ বাবে ও লাভ কৰিছিল! এই এপটো গুগল প্লে’ ষ্টোৰত বিনামূলীয়াকৈ উপলব্ধ আৰু 5000 ৰো অধিক ডাউনল’ড লাভ কৰিছে।

    সিঙৰ গোটেই পৰিয়াল চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত; কিন্তু পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰৰ প্ৰতি থকা তেওঁৰ প্ৰেমে তেওঁক তৃতীয় শ্ৰেণীৰ পৰাই অলিম্পিয়াড পৰীক্ষাৰ বাবে ছাইন আপ কৰিবলৈ উত্‍সাহিত কৰিছিল। তেওঁ তাত বিজ্ঞানত প্ৰথম পদক লাভ কৰিছিল আৰু সপ্তম শ্ৰেণীৰ পৰাই ক’ডিং আৰম্ভ কৰিছিল। 

    যদিও তেওঁ ৰক্ষা মহিলা সুৰক্ষা এপৰ বাবে স্বীকৃতি অৰ্জন কৰিছিল, সিং তাতকৈও আগবাঢ়ি গৈছে আৰু যোৱাবছৰত দুটা নতুন এপ সৃষ্টি কৰিছে – Cyber Buddy, যিটো এক চাইবাৰ উৎপীড়ন বিৰোধী এপ আৰু Calmify, এক মানসিক স্বাস্থ্যসেৱাৰ এপ যি আৱেগিক সুস্থতাৰ প্ৰতি এক স্বাস্থ্যকৰ দৃষ্টিভংগী লোৱাত সহায় কৰে।

    বৰ্তমান, সিঙৰ ওচৰত এটা নতুন উদ্দেশ্য আছে- জুৰী সদস্য আমূলৰ মেনেজিং ডাইৰেক্টৰ আৰ.এছ সোডীয়ে পৰামৰ্শ দিয়া কৃষক আৰু গাওঁবাসীসকলক ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ উপায়েৰে সহায় কৰিব পৰা এটা এপৰ নিৰ্মাণৰ বাবে তেওঁ আগ্ৰহী। আমি সেইটোৰ বাবে অপেক্ষা কৰিম! 

    এয়া মাথো আৰম্ভণি। আমি BYJU’S Young Geniusৰ দ্বিতীয় খণ্ডৰ বাবেও অপেক্ষা কৰিম যিটো অহা সপ্তাহত প্ৰচাৰিত হ'ব আৰু ভাৰতৰ অধিক কিশোৰ প্ৰতিভাৰ দ্বাৰা অনুপ্ৰাণিত হ'ম। এই খণ্ডটো চোৱাটো নিশ্চিত কৰক আৰু আমি আপোনাক দি থকা আপডেটৰ লগে লগে অনুসৰণ কৰক।
    Published by:Gautam Barman
    First published: