• Home
  • »
  • News
  • »
  • career
  • »
  • Earn Money : চাকৰি এৰি ব্যৱসায় কৰিম বুলি ভাবিছে যদি কৰক এই ব্যৱসায়, প্ৰতি মাহত ৩ লাখ টকালৈ হ'ব উপাৰ্জন

Earn Money : চাকৰি এৰি ব্যৱসায় কৰিম বুলি ভাবিছে যদি কৰক এই ব্যৱসায়, প্ৰতি মাহত ৩ লাখ টকালৈ হ'ব উপাৰ্জন

যদি আপুনি প্ৰতি মাহত ৫ কেজিও হিং বিক্ৰী কৰিব পাৰে তেন্তে আপোনাৰ উপাৰ্জন হ'ব ১,৭৫,০০০ টকা। আৰু যদি আপুনি কোনো ডাঙৰ কোম্পানীৰ সৈতে চুক্তি কৰিব পাৰে তেনেহ'লে আৰু অনলাইনত বিক্ৰী কৰিব পাৰে তেনেহ'লে আপুনি ৩ লাখৰ অধিক টকা মাহিলী উপাৰ্জন কৰিব পাৰে।

যদি আপুনি প্ৰতি মাহত ৫ কেজিও হিং বিক্ৰী কৰিব পাৰে তেন্তে আপোনাৰ উপাৰ্জন হ'ব ১,৭৫,০০০ টকা। আৰু যদি আপুনি কোনো ডাঙৰ কোম্পানীৰ সৈতে চুক্তি কৰিব পাৰে তেনেহ'লে আৰু অনলাইনত বিক্ৰী কৰিব পাৰে তেনেহ'লে আপুনি ৩ লাখৰ অধিক টকা মাহিলী উপাৰ্জন কৰিব পাৰে।

যদি আপুনি প্ৰতি মাহত ৫ কেজিও হিং বিক্ৰী কৰিব পাৰে তেন্তে আপোনাৰ উপাৰ্জন হ'ব ১,৭৫,০০০ টকা। আৰু যদি আপুনি কোনো ডাঙৰ কোম্পানীৰ সৈতে চুক্তি কৰিব পাৰে তেনেহ'লে আৰু অনলাইনত বিক্ৰী কৰিব পাৰে তেনেহ'লে আপুনি ৩ লাখৰ অধিক টকা মাহিলী উপাৰ্জন কৰিব পাৰে।

  • Share this:
আপুনিও নিজাকৈ এটা ব্যৱসায় (How to start own business) আৰম্ভ কৰিব বিচাৰিছে নেকি! যদি কৰিছে আৰু আপোনাৰ খেতি-বাতিত অলপ হ'লেও মন আছে তেনেহ'লে এনে এটা বিজনেছ প্লেন (Business opportunity)ৰ কথা আমি আজি ক'ব বিচাৰিছোঁ যিটোৱে আপোনাক মাহিলী ৩ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ (Earn money) সুবিধা দিব পাৰে।

আমি আপোনাক ক'ব বিচাৰিছোঁ হিঙৰ ব্যৱসায় অৰ্থাৎ হিঙৰ খেতিৰ কথা। হিঙৰ খেতিৰ জৰিয়তে আপুনি ইমান টকা উপাৰ্জন কৰিব পাৰে যে নিজে ভাবিলেও আচৰিত হৈ পৰিব। জানি লওক যে বজাৰত এতিয়া হিঙৰ দাম প্ৰতি কিলোগ্ৰামত ৩৫০০০ (পয়ত্ৰিশ হাজাৰ) টকা।

আপুনি যদি এমাহত ৫ কেজি হিং বিক্ৰী কৰিব পাৰে তেনেহ'লেও আপুনি মোটা অংক এটা উপাৰ্জন কৰিব পাৰে। হিঙৰ খেতি মূলত আফগানিস্তান, ইৰাণ, তুৰ্কমেনিস্তান আৰু বেলুচিস্তানত হয়।

হিঙৰ আছে বহু ঔষধীয় গুণ
হিং এনে এবিধ উদ্ভিদ যাৰ গোন্ধ অতি তীব্ৰ আৰু সোৱাদ বহুত কাঢ়া। হিঙত নানধৰণৰ ঔশধি গুণো আছে। এই কাৰণেই বহুত মাগ্ৰীত হিং সুগন্ধী হিচাপে আৰু খাদ্য সামগ্ৰীতো ব্যৱহাৰ কৰা হয়। ভাৰতীয় খাদ্য সম্ভাৰত এনে অলেখ ব্যঞজন আছে যিবোৰত হিং এক প্ৰধান মছলাৰ ৰূপত ব্যৱহাৰ হয়।।

কেনেকৈ কৰিব হিঙৰ খেতি
হিঙৰ খেতি কৰিবলৈ ২০ৰ পৰা ৩০ ডিগ্ৰী তাপমান থকা ঠাই লাগে। ভাৰতৰ পাহাৰীয়া ঠাইবোৰত এনে তাপমান সহজেই উপলব্ধ পাহাৰীয়া এলেকাত সহজতে ইয়াৰ খেতি কৰিব পৰা যায়। এক কথাত হিঙৰ খেতিৰ বাবে না বেছি গৰম না বেছি ঠাণ্ডাৰ প্ৰয়োজন।

হিঙৰ খেতিৰ প্ৰণালী কেনেকুৱা
প্ৰথমে গ্ৰীণ হাউছত ২-২ ফুট দূৰত হিঙৰ বীজ ৰোপণ কৰা হয়
গজালি মেলাৰ পিছত ইহঁতক আকৌ ৫-৫ ফুট আঁতৰত ৰোপণ কৰা হয়
পানী অধিক পৰিমাণত দিব নালাগে, হাত লগাই মাটিত পানীৰ পৰিমাণ অনুমান কৰিহে পানী দিব লাগে
উল্লেখ্য যে হিঙৰ পুলি এটা ডাঙৰ হ'বলৈ কমেও ৫ বছৰ লাগে
ইয়াৰ শিপা আৰু ছিধা কাণ্ডৰ পৰা আঠা সংগ্ৰহ কৰা হয়।

কিমান টকা বিনিয়োগ কৰিব লাগিব
হিঙৰ খেতি আৰম্ভ কৰিবলৈ আপোনাক ৫ লাখ টকাৰ বিনিয়োগৰ প্ৰয়োজন হ'ব। ইয়াৰ উপৰি যন্ত্ৰপাতি আৰু সজুলিৰ বাবে অত্ৰিক্ত খৰচ হ'ব।

প্ৰয়োজন হ'ব এইবোৰ নথি-পত্ৰৰ
এই ব্যৱসায়টো কৰিবলৈ আপোনাক লাগিব পৰিচৰ প্ৰমাণ, ঠিকনাৰ প্ৰমাণ, GST পঞ্জীয়ন নম্বৰ, বিজনেছ পান কাৰ্ড আদি।

কিমান লাভ হ'ব এই ব্যৱসায়ত
হিঙৰ খেতি কৰি আপুনি কিমান টকা উপাৰ্জন কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে আপোনাৰ খেতিৰ পৰিমাণৰ ওপৰত। কিন্তু আপুনি জানি লওক যে বজাৰত প্ৰকি কেজি হিঙৰ দাম প্ৰায় ৩৫০০০ টকা। এই হিচাবত যদি আপুনি প্ৰতি মাহত ৫ কেজিও হিং বিক্ৰী কৰিব পাৰে তেন্তে আপোনাৰ উপাৰ্জন হ'ব ১,৭৫,০০০ টকা। আৰু যদি আপুনি কোনো ডাঙৰ কোম্পানীৰ সৈতে চুক্তি কৰিব পাৰে তেনেহ'লে আৰু অনলাইনত বিক্ৰী কৰিব পাৰে তেনেহ'লে আপুনি ৩ লাখৰ অধিক টকা মাহিলী উপাৰ্জন কৰিব পাৰে।
Published by:Manjumoni Borah
First published: