• Home
  • »
  • News
  • »
  • career
  • »
  • NEET 2021 Topper Mrinal Kutteri : দিন-ৰাতি চায় নেটফ্লিক্স, পঢ়ে মাত্ৰ ৪ ঘণ্টামান, তাৰ পিছতো NEET 2021ৰ পৰীক্ষাত ৭২০ৰ ভিতৰত পালে ৭২০ !

NEET 2021 Topper Mrinal Kutteri : দিন-ৰাতি চায় নেটফ্লিক্স, পঢ়ে মাত্ৰ ৪ ঘণ্টামান, তাৰ পিছতো NEET 2021ৰ পৰীক্ষাত ৭২০ৰ ভিতৰত পালে ৭২০ !

NEET 2021 Topper Mrinal Kutteri : মৃণাল কুট্টেৰীৰ মতে এটা ছাইজৰ জোতা সকলোৰে ভৰিৰ বাবে নহয়। অৰ্থাৎ সফলতাৰো একেটা পদ্ধতি সকলোৰে বাবে উপযোগী নহ'ব পাৰে।

NEET 2021 Topper Mrinal Kutteri : মৃণাল কুট্টেৰীৰ মতে এটা ছাইজৰ জোতা সকলোৰে ভৰিৰ বাবে নহয়। অৰ্থাৎ সফলতাৰো একেটা পদ্ধতি সকলোৰে বাবে উপযোগী নহ'ব পাৰে।

NEET 2021 Topper Mrinal Kutteri : মৃণাল কুট্টেৰীৰ মতে এটা ছাইজৰ জোতা সকলোৰে ভৰিৰ বাবে নহয়। অৰ্থাৎ সফলতাৰো একেটা পদ্ধতি সকলোৰে বাবে উপযোগী নহ'ব পাৰে।

  • Share this:
নিয়ম গঢ়িবলৈকে যেন নিয়ম ভাঙিছিল মৃণাল কুট্টেৰী (Mrinal Kutteri)য়ে। ছাত্ৰ হিচাপে যেনেধৰণে যিমান কঠোৰ অনুশাসন আৰু নিয়মৰ মাজেৰে পঢ়া-শুনা সাধাৰণতে কৰা হয় সেই সকলো প্ৰচলিত নিয়মক নস্যাৎ কৰিলে মৃণাল কুট্টেৰীয়ে। কোনো টেনচন নোলোৱাকৈ দৈনিক মাত্ৰ ৪ ঘণ্টামান পঢ়িয়েই  NEET 2021ৰ পৰীক্ষাত টপ কৰিবলৈ সক্ষম হৈছে এইজন ছাত্ৰই। ইমানেই নহয় মৃণালে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰি ১০০ শতাংশ নম্বৰো লাভ কৰিছে।

সাধাৰণতে এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে একো একোজন পৰীক্ষাৰ্থীয়ে দৈনিক ১২ৰ পৰা ১৪ বা ১৬ ঘণ্টালৈ পঢ়ে বুলি দাবী কৰে। কিন্তু মৃণালে কোনোদিন নিৰ্দিষ্ট ৰুটিন মানি পঢ়া-শুনা কৰা নাছিল। NEWS18ৰ সৈতে হোৱা এক এক্সক্লুছিভ সাক্ষাৎকাৰত মৃণালে কয় যে তেওং প্ৰতি ৪৫ মিনিটমানত পঢ়াৰ পৰা উঠি গৈছিল। অলপ জিৰণি লৈ আকৌ পঢ়াত বহিছিল। মৃণালে কয় যে NEET 2021ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ আঢ়ৈ বছৰৰ সময়ত তেওঁ অধিকাংশ সময়েই নেটফ্লিক্স বা এমাজন প্ৰাইম ভিডিঅ' চাই পাৰ কৰিছিল। তেওঁৰ দাবী ই তেওঁক অধিক মোটিভেটেড কৰি ৰাখিছিল।

কেৱল প্ৰস্তুতিৰ সময়তেই নহয়, পৰীক্ষাৰ সময়তো মৃণালৰ আছিল সাধাৰণ নিয়মতকৈ অন্য নিয়ম। সাধাৰণতে  NEET পৰীক্ষাৰ্থীয়ে জীৱবিজ্ঞানৰ প্ৰশ্ন আগতেই কৰি লয়। কিন্তু মৃণালে জীৱবিজ্ঞানৰ প্ৰশ্ন কৰিলে সৰ্ব শেষত । তাৰ বিপৰীতে পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন কৰিলে প্ৰথমতে। মৃণালে কয়, "মই পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নৰে আৰম্ভ কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ যে পৰ্যাপ্ত সময় থাকোতেই এইখিনি প্ৰশ্নৰ উত্তৰ কৰিবলৈ ভাল হ'ব। মোৰ কাৰণে জীৱ বিজ্ঞান সহজ আছিল আৰু ভাবিছিলোঁ যে সীমিত সময়তো মই জীৱবিজ্ঞানৰ প্ৰশন ভালকৈ কৰিব পৰিম।"

মৃণালৰ মতে এটা ছাইজৰ জোতা সকলোৰে ভৰিৰ বাবে নহয়। অৰ্থাৎ সফলতাৰো একেটা পদ্ধতি সকলোৰে বাবে উপযোগী নহ'ব পাৰে। "মই টপাৰসকলৰ ইণ্টাৰভিউ পঢ়িছিলোঁ। মইও ৰুটিন মানিও পঢ়িছিলোঁ। কিন্তু শেষত দেখিলোঁ যে নিৰ্দিষ্ট ৰুটিন মতে পঢ়াতো মোৰ বাবে সাধ্য নহয়। সেয়ে মই মোৰ নিজৰ ষ্টাইল মতে পঢ়িবলৈ ধৰিলোঁ। মোৰ ভাগ্য ভাল আছিল যে মোৰ মা-দেউতা আৰু শিক্ষকসকলে মোক হকা-বাধা কৰা নাছিল।" এইদৰে মন্তব্য কৰে মৃণাল কুট্টেৰীয়ে।

"প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হোৱা যি কোনো পৰীক্ষাৰ্থীক লাগে সাহস আৰু সম্পৰীক্ষাৰ বাবে মুকলি মন। কোনোবাই কেৱল এটা-দুটা পদ্ধতিকে মানি চলিবলৈ জোৰ দিলেও নিজৰ বাবে কোনটো সঠিক সেইটো বিচাৰি উলিয়াব পাৰিব লাগে আৰু সেইমতে আগবাঢ়িব লাগে। মোৰ কাৰণে অধ্যয়ন আৰু আনন্দৰ সমতুলেই আছিল উত্তম কৌশল।"

২০২০ চনত যেতিয়া সমগ্ৰ বিশ্ব কোৰোণা মহামাৰীৰ কৱলত পৰিছিল তেতিয়াই একাদশ শ্ৰেণীত পঢ়ি থকা মৃণালে NEET পৰীক্ষাৰ বাবে সাজু হৈছিল। কোৰোণাৰ সময়ত ডাক্টৰসকল যিসময়ত মানৱ জাতিৰ শেষ ভৰসা হৈ পৰিছিল তেতিয়াই নিজেও চিকিৎসক হোৱাৰ সংকল্প লৈছিল মৃণালে। আৰু আজি দেশৰ ভিতৰতে টপাৰ হৈ পৰিয়ালৰ প্ৰথমজন হিচাপে চিকিৎসক হ'বলৈ আগবাঢ়িছে মৃণাল কুট্টেৰী।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি