মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»শিক্ষাৰ্থীৰ মাজত নামভৰ্তিৰ সমস্যা ! বিজনী মহাবিদ্যালয়তো শিক্ষাৰ্থী অনুপাতে নাই আসন...

শিক্ষাৰ্থীৰ মাজত নামভৰ্তিৰ সমস্যা ! বিজনী মহাবিদ্যালয়তো শিক্ষাৰ্থী অনুপাতে নাই আসন...

News18 Assam | News18-Assam
Updated:September 12, 2021, 10:33 AM IST
শিক্ষাৰ্থীৰ মাজত নামভৰ্তিৰ সমস্যা ! বিজনী মহাবিদ্যালয়তো শিক্ষাৰ্থী অনুপাতে নাই আসন...
বিজনীত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি। বিজনী মহাবিদ্যালয়ত শিক্ষাৰ্থী অনুপাতে নাই আসন।

বিজনীত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি। বিজনী মহাবিদ্যালয়ত শিক্ষাৰ্থী অনুপাতে নাই আসন।

  • News18 Assam
  • Last Updated: September 12, 2021, 10:33 AM IST
  • Share this:
নামভৰ্তিৰ সমস্যাক কেন্দ্ৰ কৰি তীব্ৰ আশংকাত ভূগিছে বুকুত উচ্চ শিক্ষাৰ সপোন পুহি ৰখা বিজনী মহকুমাৰ বিভিন্ন স্তৰৰ ছাত্র-ছাত্ৰী সকল। বিজনী মহকুমাৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিজনী মহাবিদ্যালয়ত পৰ্যাপ্ত আসনৰ অভাৱৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাত ভূগিছে ছাত্র-ছাত্ৰী সকল।

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফল মুল্যাংকন পদ্ধতিৰে ঘোষণা কৰাত মহকুমাটোত পূৰ্বৰ তুলনাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পোৱাত এই সমস্যাই দেখা দিছে। বিজনী মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত তিনিশ আসনৰ বিপৰীতে সোতৰশৰ অধিক ছাত্ৰ - ছাত্ৰীয়ে আবেদন জনাইছে ৷ আনহাতে স্নাতক পৰ্যায়ত মহাবিদ্যালয়ত ছশ আসনৰ বিপৰীতে ষোল্লশ ছাত্ৰ- ছাত্ৰীয়ে নাম ভৰ্তিৰ বাবে আবেদন জনাইছে ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকল নামভৰ্তিৰ বাবে চৰম অনিশ্চয়তাত ভূগি থকা পৰিলক্ষিত হৈছে। ইফালে এই সংক্ৰান্তত বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰহাসগিৰি বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ নামভৰ্তি সমস্যা সমাধান কৰিবলৈ হ'লে মহাবিদ্যালয় খনৰ আন্তঃগাঠনিৰ উন্নত আৰু শিক্ষক নিযুক্তি দিয়াৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে।
Published by: Kokil Sarma
First published: September 12, 2021, 10:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি