Bank jobs 2021: ভাৰতীয় ষ্টেট বেংক (SBI), বেংক অব ইণ্ডিয়া (Bank of India) আৰু ইউনিয়ন বেংক অব ইণ্ডিয়াই (Union Bank of India) বিভিন্ন খালী পদত নিয়োগৰ বাবে জাননি জাৰি কৰিছে। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই পদসমূহৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।
জানি লওক খালী পদ কিমান, আবেদনৰ অন্তিম তাৰিখ, শিক্ষাগত অৰ্হতা আৰু নিৰ্বাচন পদ্ধতি সম্পৰ্কে।
SBI SCO Recruitment 2021:
ভাৰতীয় ষ্টেট বেংকে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ পদৰ বাবে আবেদন পত্ৰ বিচাৰিছে। এই পদৰ বাবে ২৪ ডিচেম্বৰ ২০২১ৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট
sbi.co.in ৰ জৰিয়তে এই পদৰ বাবে ১৩ জানুৱাৰী ২০২২লৈ আবেদন কৰিব পাৰিব। ৭টা খালী পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।
অধিক জানিবলৈ ইয়াত ক্লিক কৰক
BOI Recruitment 2021:
বেংক অব ইণ্ডিয়াই (Bank of India) স্পেচিয়েলিষ্ট ছিকিউৰিটী অফিচাৰ পদৰ বাবে আবেদন পত্ৰ বিচাৰিছে। এই পদৰ বাবে আবেদন পত্ৰ গ্ৰহণ ২৪ ডিচেম্বৰ ২০২১ৰ পৰা অব্যাহত আছে। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট
bankofindia.co.in ৰ জৰিয়তে ৭ জানুৱাৰী ২০২২লৈ আবেদন কৰিব পাৰিব। মুঠ ২৫টা খালী পদৰ বাবে বিচৰা হৈছে আবেদন।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক
UBI Recruitment 2021:
ইউনিয়ন বেংক অব ইণ্ডিয়াই (Union Bank of India) চীফ ৰিস্ক অফিচাৰ সহ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ বিচাৰিছে (Bank jobs Recruitment 2021)। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট
unionbankofindia.co.in ৰ জৰিয়তে এই পদৰ বাবে ২৯ ডিচেম্বৰ ২০২১লৈ আবেদন কৰিব পাৰে। এই পদসমূহৰ বাবে আবেদন পত্ৰ ৮ ডিচেম্বৰ ২০২১ৰ পৰা অব্যাহত আছে।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক Published by: Sanjay Kumar Das
First published: December 28, 2021, 10:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|