মুখ্যপৃষ্ঠা »খবৰ »কেৰিয়াৰ »বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত “Hindu Studies” নামেৰে আৰম্ভ হিন্দু ধর্মৰ স্নাতকোত্তৰ পাঠ্যক্ৰম ...

বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত “Hindu Studies” নামেৰে আৰম্ভ হিন্দু ধর্মৰ স্নাতকোত্তৰ পাঠ্যক্ৰম ...

ঐতিহ্যমণ্ডিত উত্তৰ প্ৰদেশৰ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ে (Banaras Hindu University) চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰিছে হিন্দু ধৰ্মৰ পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম । “MA in Hindu Studies” নামৰে আৰম্ভ হোৱা এই পাঠ্যক্ৰমত ৪০গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা পাব ।

  • Share this:
ঐতিহ্যমণ্ডিত উত্তৰ প্ৰদেশৰ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ে (Banaras Hindu University) চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰিছে হিন্দু ধৰ্মৰ পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম । “MA in Hindu Studies” নামৰে আৰম্ভ হোৱা এই পাঠ্যক্ৰমত ৪০গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা পাব । দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকে সোমবাৰৰ সংস্কৰণত বিশ্ববিদ্যালয়খনৰ এজন উচ্চ পদস্থ বিষয়াৰ উদ্ধৃতি দি উল্লেখ কৰা মতে দৰ্শন আৰু ধর্ম, সংস্কৃত, প্ৰাচীন বুৰঞ্জী, প্ৰত্নতত্ব তথা ভাৰত অধ্যয়ন কেন্দ্রৰ উদ্যোগত এই নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে ।

উল্লেখযোগ্য যে সমগ্ৰ দেশতে হিন্দু ধর্মৰ ওপৰত এইটোৱেই প্রথম পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম । এই পাঠ্যক্ৰমত সামৰিক শক্তিৰ অধ্যয়নো অন্তৰ্ভুক্ত হৈ থাকিব । মূলতঃ বৈদিক সাহিত্যত সন্নিবিষ্ট সমৰ সজ্জাৰ আজিৰ প্ৰেক্ষাপটত প্ৰাসংগিকতা উপলব্ধি কৰাবলৈ এই চিন্তা কৰা হৈছে । সামৰিক শক্তিৰ অধ্যয়নক বিভিন্ন ভাগত ভাগ কৰা হৈছে । এই সমূহ হৈছে দেশৰ শত্ৰু আৰু মিত্ৰৰ সংজ্ঞা নিৰূপণ অধ্যয়ন,  শত্রুক মোকাবিলা তথা মিত্ৰক উদগনি দিয়াৰ কৌশল বাখ্যা, সামৰিক শক্তিত মহিলাৰ ভূমিকা, দুৰ্গ নিৰ্মাণ, আক্ৰমণৰ উচিত সময় অধ্যয়ন আদি ।

ইয়াৰ কাৰণে দুখন গ্ৰন্থ – বশিষ্টৰ ধনুৰ্বেদ সমহিতা আৰু বৈশ্যমপায়নৰ নীতি প্ৰকাশিকা পাঠ্যপুথি হিচাপে থাকিব । দুয়োখন সংস্কৃত ভাষাৰ গ্ৰন্থ । এই পাঠ্যক্ৰমত ৯টা বাধ্যতামূলক বিষয় থাকিব আৰু ৭টা ঐচ্ছিক বিষয় থাকিব ।

উল্লেখযোগ্য ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় ধৰ্ম অধ্যয়ন বিষয়ে পাঠ্যক্ৰম আছে ।  অলিগঢ় মুছলিম বিশ্ববিদ্যালয়ত ইছলামীয় বিদ্যাৰ পাঠ্যক্ৰম থকাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়ত বৌদ্ধ বিদ্যা ওপৰত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা যায় ।

শেহতীয়া বাতৰি