সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষাৰ আয়োজন কৰিব ছেবা SEBA)ই। ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। আজি এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।
আবেদন কিদৰে কৰিব-বিশেষ পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীয়ে ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ আবেদন কৰিব পাৰিব।
আবেদন কৰিব লাগিব sebaonline.org নামৰ ৱেৱছাইটটোত।
বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব।
পৰীক্ষা পদ্ধতি কি হ'ব-ছখন প্ৰশ্নকাকতৰ তাত্বিক (থিয়ৰি) অংশৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।
ছেবাই প্ৰদান কৰা তথ্যৰ পৰা অভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক (প্ৰেক্টিকেল) পৰীক্ষাৰ নম্বৰ গ্ৰহণ কৰা হ'ব।
বিশেষ পৰীক্ষাত নতুন মাৰ্কশ্বীট প্ৰদান কৰা হ'ব।
অৱশ্যে এই পৰ্যন্ত বিশেষ পৰীক্ষাৰ সূচী ঘোষণা কৰা নাই ছেবাই।
উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ নিৰসণৰ বাবে প্ৰতিখন জিলাতে অতিৰিক্ত উপায়ুক্তৰ অধ্যক্ষতাত একোখনকৈ অভিযোগ নিবাৰণ কমিটী গঠন কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে অভিযোগ প্ৰদানৰ সুবিধা লাভ কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|