Assam Police Admit Card 2022 : অসম আৰক্ষীৰ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিবলৈ সাজু ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট ব’ৰ্ড চমুকৈ SLPRB। SLPRBৰ বিভিন্ন পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট
slprbassam.in ৰ পৰা ডাউনলোড কৰিব পাৰিব তেওঁলোকৰ এডমিট কাৰ্ড।
প্ৰাৰ্থীসকলে মনত ৰাখিবলগীয়া কথাটো হ’ল, ফৰেষ্ট গ্ৰেড ১, ফৰেষ্ট গাৰ্ড, AFPF কনিষ্টবল, ড্ৰাইভাৰ কনিষ্টবল আৰু ড্ৰাইভাৰ পদৰ PST আৰু PETৰ বাবে এডমিট কাৰ্ড মুকলি কৰা হ’ব আৰু শাৰীৰিক মান পৰীক্ষা (PST) আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PET) ১৩ ফেব্ৰুৱাৰী ২০২৩ৰ পৰা আৰম্ভ হ’ব। পৰীক্ষাৰ স্থানত এডমিট কাৰ্ডত উল্লেখ থাকিব।
এই পদসমূহৰ বাবে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট (PST) আৰু ফিজিকেল এফিচিয়েন্সী টেষ্ট (PET) অনুষ্ঠিত হ’ব য’ত পুৰুষ আৰু মহিলাৰ বাবে ৩২০০ মিটাৰ আৰু ১৬০০ মিটাৰৰ দৌৰ অনুষ্ঠিত হ’ব।
কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড?
প্ৰাৰ্থীসকলে তেওঁলোকৰ এডমিট কাৰ্ড তলত দিয়া সহজ পদ্ধতিৰে ডাউনলোড কৰিব পাৰিব
– SLPRBৰ অফিচিয়েল ৱেবছাইট
slprbassam.inলৈ যাওক
– হোমপেজত থকা Assam Police Admit Card 2022 লিংকত ক্লিক কৰক
– লগইন পৰিচয় সন্নিৱিষ্ট কৰক আৰু ছাবমিট কৰক
– আপোনাৰ এডমিট কাৰ্ড স্ক্ৰীণত উপলব্ধ হ’ব
– পৰীক্ষা কৰক আৰু আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰক
– ভৱিষ্যতৰ বাবে আপোনাৰ এডমিট কাৰ্ডখন প্ৰিণ্ট কৰি ৰাখক
এডমিট কাৰ্ড ডাউনলোডৰ বাবে ক্লিক কৰক – Assam Police Admit Card 2022অসম আৰক্ষীৰ পৰীক্ষাৰ এডমিট কাৰ্ডৰ সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ভিজিট কৰক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 09, 2023, 19:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|