হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam)ত যোৰহাট বাঘচোং ডনবস্ক' স্কুলৰ ছাত্ৰী অলিভিয়া বৰাই অসমৰ ভিতৰতে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । অলিভিয়াই মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯০ নম্বৰ লাভ কৰি এই কৃতিত্ব (Assam HSLC Result 2022) অৰ্জন কৰিছে । পিছে মেধাৱী অলিভিয়াৰ দৈনন্দিন ৰুটিনৰ বিষয়ে জানিলে আপুনি আচৰিত নহৈ নোৱাৰিব, চকু কপালত উঠিব আপোনাৰ । এগৰাকী ব্যতিক্ৰমী মেধাসম্পন্ন ছাত্ৰী অলিভিয়া ।
আন বহু ছাত্ৰ-ছাত্ৰীৰ দৰে অলিভিয়া দিনটোৰ অধিক সময় কেৱল পঢ়াতে ব্যস্ত নাথাকে । অলিভিয়াৰ আছে বিভিন্ন বিষয়ত বিশেষ ৰাপ । পেইণ্টিং কৰি ভাল পোৱা অলিভিয়াই সাঁতোৰৰ চৰ্চাও অব্যাহত ৰাখিছিল । মানসিক শান্তিৰ বাবে অলিভিয়াই সংগীতৰ চৰ্চা কৰে । কিন্তু যেতিয়া পৰীক্ষাৰ পূৰ্বে নিশা অলিভিয়াই এখন পেইণ্টিং কৰিবলৈ বহিছিল বা ভাল লগা গীতৰ কলি গুণগুণাই সময় পাৰ কৰিছিল তেতিয়া পৰিয়ালৰ লোকসকলৰ লগতে উদ্বিগ্ন হৈ পৰিছিল তেওঁৰ মাতৃ ।
পৰীক্ষাৰ পূৰ্বে দৈনিক প্ৰায় ছঘণ্টাকৈ অধ্যয়ন কৰা অলিভিয়াৰ কিতাপ পঢ়াৰ প্ৰতি আছে বহু বেছি ধাউতি । আটাইতকৈ ডাঙৰ কথাটো হ'ল অলিভিয়াই ছচিয়েল মিডিয়া, ইনষ্টাগ্ৰাম, মোবাইলত উপলব্ধ বিভিন্ন অ'টিটি প্লেটফৰ্মত দিনটোৰ বহু ঘণ্টা পাৰ কৰিছিল । ৰহস্য সাহিত্য পঢ়ি ভাল পোৱা অলিভিয়াই বিভিন্ন ৱেবছিৰিজ চাওতেও বহু সময় পাৰ কৰে ।
অলিভিয়াই নিজেই কোৱা মতে তেওঁ দিনটোৰ প্ৰায় ৬-৭ ঘণ্টা সময় মোবাইল ফোনটোত পাৰ কৰে । পুৱতি নিশালৈকে প্ৰিয় সাহিত্যিকৰ কিতাপ পঢ়ি কটায় । মন গ'লেই পেইণ্টিং কৰে । অলিভিয়াৰ তৰ্কৰ প্ৰতি বিশেষ হাবিয়াস আছে আৰু সেয়েহে বিভিন্ন তৰ্ক প্ৰতিযোগিতাসমূহটো সুবিধা পালেই যোগদান কৰে । কিন্তু মূল কথাটো হ'ল নিজৰ মানসিক প্ৰশান্তিৰ বাবে এনেবোৰ কামত সময় পাৰ কৰিলেও অলিভিয়াই নিজৰ পাঠ্যক্ৰমসমূহৰ অধ্যয়নত এইবোৰৰ প্ৰভাৱ কেতিয়াও পৰিবলৈ দিয়া নাছিল । আৰু তাকেই যেন আজি প্ৰমাণ কৰিলে অলিভিয়াই ।
"অলিভিয়াই মোবাইলত বহু সময় পাৰ কৰে । বহু অনলাইন এক্টিভিটিজত তাই জড়িত হৈ থাকে । আমি এইবোৰে তাইৰ পঢ়াত প্ৰভাৱ পেলাব বুলি ভাবি ভয় কৰি আছিলোঁ। তাই পুৱতি নিশালৈকে বাহিৰা কিতাপ পঢ়ে। পৰীক্ষাৰ আগদিনা নিশা পেইন্টিং কৰিছিল। শুধিলে কয় মনটো ৰিলেক্স কৰিবলৈ কৰিছে ।" অলিভিয়াৰ মাতৃয়ে এনেদৰে কয় ।
যোৰহাট বৰিগাঁৱৰ অলিভিয়াৰ ঘৰখনত আজি উদুলি মুদুলি পৰিৱেশ । মাতৃ জ্যোতি শইকীয়াৰ লগতে ককাক, আইতাকতে ধৰি সকলোৰে মনত অপৰিসীম আনন্দ । কিন্তু তাৰ মাজতো যেন সকলোৰে অন্তৰ গধুৰ কৰি ৰাখিছে অলিভিয়াৰ পিতৃৰ স্মৃতিয়ে । কাৰণ প্ৰায় চাৰি বছৰ পূৰ্বে অলিভিয়াৰ পিতৃৰ মৃত্যু হৈছিল ।
অলিভিয়াৰ ইচ্ছা ভৱিষ্যতে ভাৰতীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাত সফল হৈ ভাৰতীয় বৈদেশিক সেৱা (IFS)ত যোগদান কৰিবলৈ । ইয়াৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰিছে অলিভিয়াই । স্নাতক পৰ্যায়ত দিল্লী বিশ্ববিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰি UPSCৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে অলিভিয়াই । অলিভিয়াৰ এই সপোন সফল হওক । NEWS18ৰ তৰফৰ পৰা আমিও অলিভিয়ালৈ জনাইছো বহুত বহুত শুভকামনা ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|