মুখ্যপৃষ্ঠা »খবৰ »কেৰিয়াৰ »JOB : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগত চাকৰি, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৯,২৫৮টা পদ

JOB : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগত চাকৰি, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৯,২৫৮টা পদ

দৰমহা ১৪,০০০ৰ পৰা ৯৭,০০০ লৈ

দৰমহা ১৪,০০০ৰ পৰা ৯৭,০০০ লৈ

দৰমহা ১৪,০০০ৰ পৰা ৯৭,০০০ লৈ

  • Share this:

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগ (Director of Secondary Education, Assam)ত খালী হৈছে কলা, বিজ্ঞান, হিন্দী আৰু সংস্কৃত বিষয়ৰ বাবে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদ।


পদৰ সংখ্যা
স্নাতক শিক্ষকৰ বাবে ৭,৭৫৫টা আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে ১,৫০৩ পদ। অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি মাধ্যমিক শিক্ষা বিভাগে দিয়া বিজ্ঞাপন অনুসৰি স্নাতক শিক্ষকৰ ৭,৭৫৫ পদৰ ভিতৰত ৭,৫০০ পদ ৰাজ্যৰ বিভিন্ন প্রান্তত থকা Provincialised Secondary Schoolত আৰু ২৫৫টা পদ Government Secondary Schoolত পূৰণ কৰিব। আনহাতে Post Graduate Teachersৰ ১,৫০৩ পদৰ ভিতৰত ১১৮ পদ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা Government Secondary Schoolত আৰু ১,৩৮৫ পদ Provincialised Secondary Schoolত পূৰণ কৰা হ'ব।


দৰমহা
পদৰ বিপৰীতে নিযুক্তিপ্ৰাপ্তই মাহে ১৪,০০০ৰ পৰা ৭০,০০০ টকাসহ ৮,৭০০ টকাৰ গ্ৰেড পে' লাভ কৰিব আৰু Post Graduate Teachersৰ দৰমহা মাহে ২২,০০০-৯৭,০০০ টকাসহ ১১,৮০০ টকাৰ গ্রেড পে।


অৰ্হতা
Graduate Teacher পদৰ কলা আৰু বিজ্ঞান শাখাৰ বাবে চৰকাৰী স্বীকৃতিপ্রাপ্ত Universityৰ পৰা Arts/ Commerceৰ স্নাতক বা স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ লগতে National Council for Teacher Educationৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত Institution ৰ পৰা B.Ed. ডিগ্ৰীধাৰী হোৱা হ'ব লাগিব।


Graduate Teacher (Hindi) পদৰ প্ৰাৰ্থীয়ে Hindi শাখাত Pravin/Ratna ডিগ্ৰীধাৰী তথা চৰকাৰী স্বীকৃতি প্রাপ্ত Universityৰ পৰা Artsৰ স্নাতক বা স্নাতকোত্তৰ হব লাগিব। একেদৰে Graduate Teacher-Sanskrit পদৰ প্ৰাৰ্থী Sanskrit শাখাত Shastri ডিগ্ৰীধাৰী নাইবা চৰকাৰী স্বীকৃতিপ্রাপ্ত Universityৰ পৰা Artsৰ স্নাতকোত্তৰ নাইবা Sanskrit বিষয়সহ B.A ডিগ্ৰীধাৰী নাইবা Sanskrit শাখাত Artsৰ স্নাতকোত্তৰ হ'ব লাগিব।


আটাইকেইটা পদতে Higher Secondary Teachers Eligibility Test (H.S. TET) উত্তীৰ্ণ হ'ব লাগিব। অৱশ্যে ১৫ বছৰীয়া কৰ্ম অভিজ্ঞতা থকা প্ৰাৰ্থীৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় নহয়।


বয়স
বয়স ১ জানুৱাৰী, ২০২২লৈ ১৮-৪০ বছৰ। বয়সৰ ঊৰ্ধ্বসীমা সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বিধিগত ৰেহাই লাভ কৰিব। সবিশেষ তথ্যৰ বাবে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ ৱেবছাইট www.madhyamik.assam.gov.in লগ ইন কৰিব পাৰে। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ ফেব্ৰুৱাৰী, ২০২৩।


শেহতীয়া বাতৰি