অসম চৰকাৰে ৰাজ্যখনৰ এক লাখ লোকক চাকৰি প্ৰদানৰ দিশে আগবাঢ়িছে। এই উপলক্ষে বিগত বৰ্ষত প্ৰায় ২৬ হাজাৰ লোকক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছিল। আজি অৰ্থাৎ ২৫ মে’ত আন ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।
আজি অসম চৰকাৰে খানাপাৰাত এক বৃহৎ নিযুক্তি সমাৰোহৰ আয়োজন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্য চৰকাৰে ৪৪,৭০৩জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। উক্ত অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বহু মন্ত্ৰী বিষয়া উপস্থিত থাকিব। ২৫ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব আৰু অসম চৰকাৰৰ নিযুক্তি সমাৰোহত অংশগ্ৰহণ কৰিব।
আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে জাৰী কৰিবলগা নিযুক্তি পত্ৰৰ বিভাগ অনুসৰি বিভাজন–SLSC-৩ (ৰাজহুৱা নিৰ্মাণ বিভাগ অবিহনে)– ১১,০৪৮
SLSC-৩ (ৰাজহুৱা নিৰ্মাণ বিভাগ অবিহনে)– ১৩,৭৩৯
পুলিচ নিযুক্তি বোৰ্ড (SLPRB)– ৫৪২১
স্বাস্থ্য– ৫২৮১
শিক্ষা– ৭৪৭৩
সামাজিক ন্যায় আৰু সশক্তিকৰণ– ৩৬২
ক্ৰীড়া– ১৩৫
ৰাজহুৱা নিৰ্মাণ বিভাগ অবিহনে ( তৃতীয় আৰু চতুৰ্থ বৰ্গ)– ৪০৭
কৃষি– ২০২
SLPRB (PH ১)– ৩৫৯
মাটি (১১) আৰু পৰিবহন (২২)– ২৬
মুঠ– ৪৪,৭০৩
বৃহস্পতিবাৰে দিনৰ ১২ বজাত অনুষ্ঠানৰ বাবে কাৰ্যসূচী আৰম্ভ হ’ব। পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানটোত দিব্যাংগসকলে ১ নং গেটেৰে প্ৰৱেশ কৰিব পাৰিব। দিনৰ ২ বাজি ৩০ মিনিটৰ ভিতৰত প্ৰাৰ্থীসকল উপস্থিত হ’ব লাগিব। বিয়লি ৫ বজাৰ পৰা নিযুক্তি সমাৰোহ আৰম্ভ হ’ব।
উল্লেখ্য যে, প্ৰাৰ্থীসকলে নিজৰ লগত পৰিচয় পত্ৰ নিয়াটো বাধ্যতামূলক কৰা হৈছে। তেওঁলোকে উত্তীৰ্ণৰ মাৰ্কশ্বীট, পৰীক্ষাৰ ADMIT CARD লগত নিব লাগিব। প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগত তেওঁলোকৰ অভিভাৱক আহিব পাৰিব। লগতে সকলো প্ৰাৰ্থীৰ বাবে খোৱা পানীৰ ব্যৱস্থা থাকিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 25, 2023, 08:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।