মুখ্যপৃষ্ঠা »খবৰ »কেৰিয়াৰ »Job recruitment: অসমৰ লোকনিৰ্মাণ বিভাগত ২৪৪টা পদ খালী; কোনে আবেদন কৰিব পাৰিব জানক

Job recruitment: অসমৰ লোকনিৰ্মাণ বিভাগত ২৪৪টা পদ খালী; কোনে আবেদন কৰিব পাৰিব জানক

এই চাকৰিৰ দৰমহাৰ নিৰিখ মাহে ৩০,০০০-১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্ৰেড পে’ আগবঢ়োৱা হ’ব।

এই চাকৰিৰ দৰমহাৰ নিৰিখ মাহে ৩০,০০০-১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্ৰেড পে’ আগবঢ়োৱা হ’ব।

এই চাকৰিৰ দৰমহাৰ নিৰিখ মাহে ৩০,০০০-১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্ৰেড পে’ আগবঢ়োৱা হ’ব।

  • Share this:
অসমৰ লোকনিৰ্মাণ বিভাগে ২৪৪টা পদ মুকলি কৰিছে। এই পদসমূহৰ আবেদনৰ বাবে অন্তিম তাৰিখ ২১ এপ্রিল নিৰ্ধাৰণ কৰা হৈছে। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ Public Works Roads (PWRD) আৰু Public Works (B&NH) Departmentৰ হৈ Assistant Engineer (সহকাৰী অভিযন্তা)ৰ ২৪৪ পদৰ এক নিয়োগ বিজ্ঞাপন  প্ৰকাশ কৰিছে।

APSCৰ উপ সচিবে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অভিযন্তাৰ মুঠ পদ ২৪৪ৰ ভিতৰত ১১৭টা পদ অসংৰক্ষিত (General), ৬৪ টা পদ OBC/ MOBC, ২৭টা পদ SC, ২৭টা পদ ST(P) আৰু ৯টা পদ ST(H)ৰ বাবে সংৰক্ষিত কৰা হৈছে। এই চাকৰিৰ দৰমহাৰ নিৰিখ মাহে ৩০,০০০-১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্ৰেড পে’ আগবঢ়োৱা হ’ব।

চাকৰি আবেদনৰ সময়সীমা

এই চাকৰিৰ বাবে আবেদন কৰিবলৈ ১ জানুৱাৰী, ২০২৩লৈ আবেদনকাৰীৰ ন্যূনতম বয়স ২১ আৰু অত্যাধিক বয়স ৩৮ বছৰ ধাৰ্য কৰা হৈছে। আনহাতে, বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বিধিগত ৰেহাই লাভ কৰিব।

কোনে আবেদন কৰিব পাৰিব? 

আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত Indian / Foreign Universityৰ পৰা Civil Engineering বিষয়ত স্নাতক ডিগ্ৰীধাৰী নাইবা Associate Membership Ex- amination of the Institution of Engineers (India) পৰা Part A আৰু Bৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে Institution of Engineers (India)ৰ প্ৰমাণ-পত্ৰধাৰী হোৱা হ'ব লাগিব। লগতে, ইংৰাজী ভাষাৰ জ্ঞান থকাৰ লগতে অসমীয়া/ বড়ো/বঙালী ভাষাৰ জ্ঞান থাকিব লাগিব। আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ APSCৰ ৱেবছাইট www.apsc.nic.in লগ-ইন কৰিব পাৰে। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ এপ্রিল, ২০২৩।

শেহতীয়া বাতৰি