মুখ্যপৃষ্ঠা » খবৰ

» কেৰিয়াৰ

»পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু নিৰ্মাণ কৰি বিশ্বনাথৰ জয়শ্ৰীয়ে দেখুৱাইছে আদৰ্শ ! নিজৰ সৃষ্টিশীলতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰীয়ে লাভ কৰিছে ব্যাপক প্ৰশংসা...

পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু নিৰ্মাণ কৰি বিশ্বনাথৰ জয়শ্ৰীয়ে দেখুৱাইছে আদৰ্শ ! নিজৰ সৃষ্টিশীলতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰীয়ে লাভ কৰিছে ব্যাপক প্ৰশংসা...

News18 Assam | News18-Assam
Updated:August 18, 2021, 4:42 PM IST
পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু নিৰ্মাণ কৰি বিশ্বনাথৰ জয়শ্ৰীয়ে দেখুৱাইছে আদৰ্শ ! নিজৰ সৃষ্টিশীলতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰীয়ে লাভ কৰিছে ব্যাপক প্ৰশংসা...
নিজ হাতে সাজি উলিওৱা পেলনীয়া সামগ্ৰীৰে সৃষ্টি কৰা বস্তু অনলাইন যোগে বিক্ৰী কৰি বিশ্বনাথৰ জয়শ্ৰীয়ে নিজৰ  খৰচ উলিয়াই আহিছে ৷ ডাষ্টবিনৰ পাত্ৰ হোৱা অলাগতিয়াল সামগ্ৰীক জয়শ্ৰীয়ে এনেদৰেই দিছে ন-ৰূপ ৷

নিজ হাতে সাজি উলিওৱা পেলনীয়া সামগ্ৰীৰে সৃষ্টি কৰা বস্তু অনলাইন যোগে বিক্ৰী কৰি বিশ্বনাথৰ জয়শ্ৰীয়ে নিজৰ  খৰচ উলিয়াই আহিছে ৷ ডাষ্টবিনৰ পাত্ৰ হোৱা অলাগতিয়াল সামগ্ৰীক জয়শ্ৰীয়ে এনেদৰেই দিছে ন-ৰূপ ৷

  • Share this:
আগ্ৰহ আৰু সৃষ্টিশীল মনৰ অধিকাৰী হ'লে পেলনীয়া সামগ্ৰীকো যে নতুন ৰূপ দিব পাৰি সেই কথা প্ৰমান কৰি দেখুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী যুৱতীয়ে ৷ পেলনীয়া সামগ্ৰীৰে যুৱতী গৰাকীয়ে সাজি উলিয়াইছে সুন্দৰ সুন্দৰ সামগ্ৰী ৷

কণীৰ বাকলি, নাৰিকলৰ কুৰুকা, বাতৰি কাকত ইত্যাদিৰে সাজিছে ঘৰত সজোৱা বহু সামগ্ৰী ৷ যুৱতীসকল আকৰ্ষিত হোৱাকৈ নিজ হাতেৰে সাজি উলিয়াইছে ৰং বিৰঙী কানফুলি ৷ বিশ্বনাথ চাৰিআলিৰ নবজাৰৰ এগৰাকী প্ৰতিভৱান যুৱতী জয়শ্ৰী ভূঞাই  আৰ্থিক অসুবিধা থকাৰ বাবেই নিজ হাতে সাজি উলিওৱা কানফুলি অনলাইন যোগে বিক্ৰী কৰি নিজৰ  খৰচ উলিয়াই আহিছে বিগত কিছু বছৰ ধৰি ৷ জয়শ্ৰীয়ে নিজ হাতে নাৰিকলৰ কুৰুকা আৰু বাতৰি কাকতৰে সাজি উলিওৱা শিৱ লিংগই ইতিমধ্যে চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। নিজ হাতে সাজি উলিয়াইছে জাতীয় পতাকা, চাইকেল, শিৱ লিংগ, কানফুলি, ঘৰ, কাপ-প্লেট, ফুলদানি ইত্যাদি ৷ ডাষ্টবিনৰ পাত্ৰ হোৱা অলাগতিয়াল সামগ্ৰীক জয়শ্ৰীয়ে এনেদৰেই দিছে ন-ৰূপ ৷ ৰাস্তাত পৰি থকা শিলগুটি বুটলি আনি জয়শ্ৰীয়ে ৰং তুলিকাৰে জীপাল কৰিছে বিভিন্ন ছবি ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী জয়শ্ৰীয়ে এনেদৰেই পেলনীয়া সামগ্ৰীৰে সুন্দৰ সুন্দৰ বস্তু বনাই বিক্ৰী কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই স্নাতক শিক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰিলে ৷ লকডাউনৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ হৈ থকাৰ বাবে জয়শ্ৰীয়ে এতিয়া নতুন নতুন সৃষ্টিত মনোনিৱেশ কৰিবলৈ সময় লাভ কৰিছে ৷ জয়শ্ৰীয়ে এনেদৰেই সামগ্ৰী তৈয়াৰ কৰি বিশ্ববিদ্যালয়ত পঢ়াৰ খৰচ যোগাৰ কৰিবলৈ চেষ্টা কৰিছে ৷ পেলনীয়া সামগ্ৰীৰে নিজৰ সৃষ্টিশীল মনক প্ৰতিফলিত কৰা জয়শ্ৰীৰ কৰ্মৰাজিক সকলোৱে প্ৰশংসা কৰিছে ৷
Published by: Kokil Sarma
First published: August 18, 2021, 4:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি