অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তিৰ অধীনৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰাজ্যখনৰ লাখ লাখ প্ৰাৰ্থীয়ে। তৃতীয় বৰ্গৰ সৰ্বমুঠ ১৩,১৪১ টা পদৰ বাবে অনুষ্ঠিত হৈছিল প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়া।
বহু অপেক্ষাৰ অন্তত আজি প্ৰাৰ্থীসকলৰ বাবে আনুষ্ঠানিকভাৱে আহিছে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত তেওঁৰ অ'ফিচিয়েল টুইটাৰ আৰু ফেচবুক একাউন্টযোগে সদৰী কৰিছে এই ভাল খবৰ।
মুখ্যমন্ত্ৰীয়ে টুইটাৰ আৰু ফেচবুকযোগে জনাইছে যে অহা ৬ নৱেম্বৰ ৰবিবাৰে ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল।
মুখ্যমন্ত্ৰীয়ে ঘোষণাটোত কয়, "মই জনাবলৈ পাই সুখী যে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল অহা ৬ নৱেম্বৰ, ২০২২ তাৰিখে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰিব।"
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|