কমিটীখনে ভূগোল আৰু বুৰঞ্জী বিষয় হিচাপে বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে।
অসমৰ স্কুলীয়া শিক্ষা ব্যৱস্থা (Assam Education System)ত আমূল পৰিবৰ্তন সাধিবলৈ কেইবাটাও যুগান্তকাৰী পৰামৰ্শ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে । কমিটীখনে উচ্চ মাধ্যমিক (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS)ৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা পৰীক্ষাৰ্থীৰ তালিকা জাৰী কৰাৰ ব্যৱস্থা পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । কমিটীখনে লগতে ভূগোল (Geography) আৰু বুৰঞ্জী (History) বিষয় হিচাপে বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে ।
কমিটীখনে ছাত্ৰ ছাত্ৰী সকলক ব্যক্তিগতভাৱে শীর্ষ স্থান দিয়াৰ বিপৰীতে বিদ্যালয়সমূহৰ সামগ্ৰীক ফলাফলৰ ভিত্তিত মুল্যাংকন (Evaluation) কৰাৰ পোষকতা কৰিছে । এনে কৰিলে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাজত সকলো শিক্ষাৰ্থীৰ ভাল ফলাফল প্ৰদৰ্শনৰ প্ৰচেষ্টাৰে এটা সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশৰ সূচনা হ’ব বুলি উল্লেখ কৰা হৈছে কমিটীৰ প্ৰতিবেদনত । লগতে বুৰঞ্জী আৰু ভূগোল বিভিন্ন পৰ্যায়ত অধিক অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ দিছে চৰকাৰী কমিটীখনে ।
ইয়াৰ লগতে বিদ্যালয় সমূহক আন কিছু কাৰ্যাৱলীৰ ভিত্তিত মূল্যাংকন কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে । উদ্ভাৱনী চিন্তাৰ সূচনা, পাঠ্যপুথিৰ অতিৰিক্ত বিষয়বস্তুত ছাত্ৰ-ছাত্ৰীক জড়িত কৰা আদিৰ ভিত্তিত বিদ্যালয়সমূহ মূল্যায়ন কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।
অন্যহাতে, পাঠ্যক্ৰমত সৰ্বাধিক বিষয় সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰীক বিষয় বাচনিত অধিক স্বতন্ত্ৰতা প্রদানৰো পৰামৰ্শ দিছে কমিটীখনে । ডিজিটেল মাধ্যমত পাঠদানে (Digital Education)ৰে ছাত্ৰ-ছাত্ৰীক জড়িত কৰাটো বিচাৰিছে কমিটীয়ে ।
পৰিৱৰ্তিত সামাজিক প্ৰেক্ষাপটত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উদ্যমিতা বিকাশৰ মনষ্কতা গঢ়ি তুলিবলৈ পৰামৰ্শ প্রদান কৰিছে কমিটীখনে । বিদ্যালয়সমূহে শিক্ষাৰ্থীয়ে লৈ অহা জন্মসিদ্ধ মেধা (Born Talent) চিনাক্ত কৰি সেইধৰণৰে বাট দেখুৱাই লৈ যোৱাৰ দায়িত্ব পালন কৰিব লাগে বুলিও উল্লেখ কৰা হয় প্ৰতিবেদনত । ইয়াৰ কাৰণে দিনে এটা হলেও তেনে ধৰণৰ শ্ৰেণী সংযোজন কৰাৰ পৰামৰ্শ প্ৰদান কৰে কমিটীখনে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|