আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ১৩ খন জিলাত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। আনহাতে এইবাৰ আচৰিত ধৰণে পূৰ্বে ভাল ৰেকৰ্ড নথকা কেইবাখনে জিলাই শীৰ্ষ জিলাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণ জিলাকেইখন হৈছে বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলি, মৰিগাঁও, নলবাৰী, দক্ষিণ শালমাৰা, ওডালগুৰি আৰু পশ্চিম কাৰ্বি আংলং। উল্লেখ্য যে বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৫৭ শতাংশ।
আনহাতে কলা শাখাত জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে মাজুলি জিলাই। মুঠ ৯৯.৯১ উত্তীৰ্ণৰ হাৰেৰে জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে মাজুলি জিলাই। কলা শাখাত মাজুলিৰ লগতে শীৰ্ষ ৫খন জিলাৰ ভিতৰত ৯৯.৮৬ শতাংশৰে দ্বিতীয় স্থানত আছে দক্ষিণ শালমাৰা, ৯৯.৬৯ শতাংশৰে ত-তীয় স্থআনত আছে কৰিমগঞ্জ জিলা, ৯৯.৬৮ শতাংশৰে চতুৰ্থ স্থানত আছে দৰং জিলা আৰু ৯৯.৬০ শতাংশৰে পঞ্চম স্থআনত আছে বৰপেটা জিলা। উল্লেখ্য যে কলা শাখাত এইবাৰ সামগ্ৰিক উত্তীৰ্ণৰ হাৰ হৈছে ৯৮.৯৩।
ইপিনে বাণিজ্য শাখাত জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে ডিমা হাছাও জিলাই। ডিমা হাছাওত বাণিজ্য বিভাগত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। জিলাখনৰ পৰা বাণিজ্য শাখাত ১৩৬ গৰাকী পৰীক্ষাৰ্থী আছিল। আনহাতে বাণিজ্য শাখাত ৯৯.৮৬ শতাংশৰে দ্বিতীয় স্থানত আছে বাক্সা জিলা, ৯৯.৮৩ শতাংশৰে তৃতীয় স্থানত আছে শিৱসাগৰ জিলা, ৯৯.৭৬ শতাংশৰে চতুৰ্থ স্থানত আছে চৰাইদেউ জিলা আৰু ৯৯.৭০ শতাংশৰে পঞ্চম স্থানত আছে কাছাৰ জিলা। উল্লেখ্য যে বাণিজ্য বিভাগত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৬ শতাংশ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|