মুখ্যপৃষ্ঠা »খবৰ »কেৰিয়াৰ »Indian Army : ভাৰতীয় সেনাত যোগদানৰ বাবে প্ৰস্তুতি চলোৱা যুৱচামৰ বাবে ডাঙৰ খবৰ! এতিয়াৰ পৰা এই নিয়মবোৰ ভাৰতীয় সেনাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব

Indian Army : ভাৰতীয় সেনাত যোগদানৰ বাবে প্ৰস্তুতি চলোৱা যুৱচামৰ বাবে ডাঙৰ খবৰ! এতিয়াৰ পৰা এই নিয়মবোৰ ভাৰতীয় সেনাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব

বছৰত মাত্ৰ এবাৰহে কৰিব পাৰিব আবেদন

বছৰত মাত্ৰ এবাৰহে কৰিব পাৰিব আবেদন

বছৰত মাত্ৰ এবাৰহে কৰিব পাৰিব আবেদন

  • Share this:

আপুনি ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰে নেকি? ভাৰতীয় সেনা (Indian Army)ত যোগদানৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে নেকি? তেনেহ'লে এই বাতৰিটো মনোযোগেৰে পঢ়ক। যদি আপুনি ভাবি আছে যে আপোনাৰ বয়স  থকালৈকে, নিযুক্তি প্ৰক্ৰিয়া যিমানবাৰ অনুষ্ঠিত হ'ব, আপুনি সিমান বাৰেই আবেদন কৰিব, তেনেহ'লে সেয়া এতিয়া অসম্ভৱ। কাৰণ আপুনি বছৰত কেৱল এবাৰহে সেনাত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব। এই তথ্য ব্ৰিগেডিয়াৰ জগদীপ চৌহানে দিছে। তেওঁ এই বছৰ অনুষ্ঠিত হ'বলগীয়া সেনা অগ্নিবীৰ নিযুক্তিৰ বিষয়েও তেওঁ সংবাদ মাধ্যমক জনাইছে (Indian Army Recruitment Rules Changed)।


ৰাজস্থানৰ উপ-সঞ্চালক প্ৰধান (নিযুক্তি) ব্ৰিগেডিয়াৰ জগদীপ চৌহানে কয়, "এই বছৰৰ পৰা প্ৰাৰ্থীসকলে সেনা নিযুক্তি ৰেলীৰ বাবে বছৰত মাত্ৰ এবাৰহে আবেদন কৰিব পাৰিব। যদি আপুনি কমন এণ্ট্ৰেঞ্চ পৰীক্ষা অৰ্থাৎ চি.ই.ই.ৰ বাবে হোৱা ৰেলীৰ জৰিয়তে সেনাবাহিনীত চাকৰি প্ৰাপ্ত কৰিব বিচাৰে, তেনেহ'লে আপুনি বছৰত এবাৰতকৈ অধিক প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰে।


অগ্নিপথ আঁচনিৰ অধীনত, ভাৰতীয় সেনাত অগ্নিবীৰৰ নিযুক্তিৰ বাবে এক অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ইয়াৰ বাবে প্ৰপত্ৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা অনলাইন যোগে দিয়া হৈছে। আপুনি ১৫ মাৰ্চ ২০২৩ লৈকে joinindianarmy.nic.in নামৰ ৱেবছাইটটোৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।

শেহতীয়া বাতৰি