• Home
  • »
  • News
  • »
  • career
  • »
  • Indian Army Recruitment 2021: আপোনাৰ সন্তানৰ বাবে সুবৰ্ণ সুযোগ, চতুৰ্থ উত্তীৰ্ণ কিশোৰসকলক ছুটিঙৰ প্ৰশিক্ষণ দিব ভাৰতীয় সেনাই, জানক কেনেকৈ কৰিব আবেদন

Indian Army Recruitment 2021: আপোনাৰ সন্তানৰ বাবে সুবৰ্ণ সুযোগ, চতুৰ্থ উত্তীৰ্ণ কিশোৰসকলক ছুটিঙৰ প্ৰশিক্ষণ দিব ভাৰতীয় সেনাই, জানক কেনেকৈ কৰিব আবেদন

Indian Army Recruitment 2021: মেট্ৰিকলৈকে বিনামূলীয়া শিক্ষা, বিনামূলীয়া বাসস্থান আৰু ব'ৰ্ডিং, আৰ্মি ছুটিং ইউনিট আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষকৰ অধীনত ছুটিঙৰ প্ৰশিক্ষণ আৰু ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টুৰ্ণামেণ্টত খেলাৰ সম্ভাৱনা।

  • Share this:
ভাৰতীয় সেনা (Indian Army)ই এতিয়া ১২ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক ছুটিং প্ৰশিক্ষণ (Shooting Training) প্ৰদান কৰাৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত, মাহুৰ আৰ্মী ছুটিং ইউনিটে চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হোৱা বা পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থকা শিশুসকলৰ পৰা আবেদন পত্ৰ আমন্ত্ৰণ কৰিছে। আবেদনৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ, ২০২১ নিৰ্ধাৰণ কৰা হৈছে। বাছনি প্ৰক্ৰিয়াত, ব্যক্তিগত প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান লাভ কৰা শিশুসকলক অগ্ৰাধিকাৰ দিয়া হ'ব।

মাহুৰ স্থিত সেনাৰ ইনফেণ্ট্ৰী স্কুলৰ কমাণ্ডিং অফিচাৰৰ মতে আগ্ৰহী প্ৰাৰ্থীসকলে ৩০ অক্টোবৰ, ২০২১ তাৰিখে সন্ধিয়া ৬ বজাৰ আগতে অ'আইচি টেলেণ্ট স্কাউটিং আৰ্মী মাৰ্ক্সমেনশ্বিপ ইউনিট (OIC Talent Scouting Army Marksmanship Unit)ক সম্বোধন কৰি পঞ্জীভুক্ত মেইলযোগে তেওঁলোকৰ আবেদন পঠিয়াব লাগিব। আবেদন প্ৰেৰণ কৰা শিশুসকলক যোগ্যতাৰ ভিত্তিত বাছনি কৰা হ'ব। লগতে, নিৰ্বাচিত শিশুসকলক এয়াৰ ৰাইফল আৰু এয়াৰ পিষ্টলৰ সৈতে ছুটিং কৰাৰ প্ৰশিক্ষণ দিয়া হ'ব।

বাছনি প্ৰক্ৰিয়া
* ৩০ অক্টোবৰ, ২০২১-ৰ ভিতৰত আবেদন কৰা শিশুসকলক তালিকাভুক্ত কৰা হ'ব।
* ১ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত আবেদন কৰা শিশুৰ প্ৰাথমিক স্ক্ৰীণিং হ'ব।
* প্ৰাথমিক স্ক্ৰীণিঙত নিৰ্বাচিত শিশুসকলৰ চুড়ান্ত স্ক্ৰীণিং ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰী, ২০২২-ৰ ভিতৰত অনুষ্ঠিত হ'ব।

আবেদন প্ৰপত্ৰৰ সৈতে শিশুসকলে দিব লাগিব এইবোৰ নথি-পত্ৰ
* জন্মৰ প্ৰমাণপত্ৰ
* আধাৰ কাৰ্ড
* শৈক্ষিক মাৰ্কশ্বীট
* উপযুক্ত বিষয়াৰ দ্বাৰা ক্ৰীড়া প্ৰমাণপত্ৰ
* গ্ৰাম প্ৰধানৰ দ্বাৰা জাৰী কৰা চৰিত্ৰ প্ৰমাণপত্ৰ
* জাতিৰ প্ৰমাণপত্ৰ
* বাসস্থানৰ প্ৰমাণপত্ৰ
* 10 পাছপোৰ্ট আকাৰৰ ফটো

প্ৰশিক্ষণৰ সময়ত পাব এইসমূহ সুবিধা
* মেট্ৰিকলৈকে বিনামূলীয়া শিক্ষা
* বিনামূলীয়া বাসস্থান আৰু ব'ৰ্ডিং
* আৰ্মি ছুটিং ইউনিট আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষকৰ অধীনত ছুটিঙৰ প্ৰশিক্ষণ
* ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টুৰ্ণামেণ্টত খেলাৰ সম্ভাৱনা
Published by:Manjumoni Borah
First published: