APSC CCE Prelims Exam: অসম লোকসেৱা আয়োগৰ (Assam Public Service Commission) অধীনত যোৰহাটটো ১২ ছেপ্তেম্বৰত ২৭ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা- ২০২০ (APSC CCE Prelims Exam) । এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈছে যোৰহাট জিলা প্ৰশাসন । এই পৰীক্ষা সন্দৰ্ভত জৰুৰী তথ্য যোগান ধৰিবলৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷
পৰীক্ষাৰ্থীসকলে পৰীক্ষা সমন্ধীয় যি কোনো তথ্যৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ দূৰভাষ নং ০৩৭৬-২৩০০১২৪ ত যোগাযোগ কৰিব পাৰিব ৷ ইয়াৰোপৰি কোনো পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে এনে পৰীক্ষাৰ্থীৰ বাবে জিলা পৰিবহন বিভাগে বিশেষ বাহনৰ ব্যৱস্থা কৰিছে । এনে বাহনৰ বাবে আগতীয়াকৈ ওপৰত উল্লেখিত নাম্বাৰটোত পৰীক্ষাৰ্থীসকলে যোগাযোগ কৰিব পাৰিব ৷ এইসমূহ বাহনৰ ভাড়া পৰীক্ষাৰ্থীসকলে নিজে ভৰিব লাগিব যদিও ন্যূনতম ভাড়াহে লোৱা হ'ব বুলি যোৰহাট জিলা প্ৰশাসনে জানিবলৈ দিছে ৷
আনহাতে পৰীক্ষাৰ্থীসকলে লগত ক'ভিড পৰীক্ষাৰ প্ৰমান পত্ৰ অথবা ক'ভিড প্ৰতিষেধক( প্ৰথম বা দ্বিতীয়) পালি গ্ৰহণৰ প্ৰমান পত্ৰ লগত লৈ অনাটো বাধ্যতামূলক কৰা হৈছে ৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, টেবলেট আদি বৈদ্যুতিন সামগ্ৰী লগত লৈ যাব নোৱাৰিব । আনহাতে পৰীক্ষা কেন্দ্ৰসমূহত এনে সামগ্ৰীসমূহ থৈ যোৱাৰ কোনো ব্যৱস্থা নাথাকিব বুলিও জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে ৷ আনহাতে পৰীক্ষা কেন্দ্ৰত কোনো পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰিলে বা এনে কোনো বৈদ্যুতিন সামগ্ৰী ব্যৱহাৰ কৰিলে তেনে পৰীক্ষাৰ্থীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হব বুলি এই পৰীক্ষাৰ যোৰহাট জিলাৰ নডেল অফিচাৰ দামোদৰ বৰ্মণে স্পষ্ট কৰি দিছে ।
" চৰকাৰে বান্ধি দিয়া সকলো গাইডলাইন অতি কঠোৰ ভাৱে মানি চলা হব । কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী লগত নানিবলৈ মই পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছো । কাৰণ তেনে সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ বাহিৰত থৈ যোৱাৰো কোনো ব্যৱস্থা নাথাকিব । তদুপৰি দূৰণিৰ পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ অসুবিধা হোৱা পৰীক্ষাৰ্থীৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা ন্যূনতম ভাড়াত গাড়ীৰ ব্যৱস্থাও কৰা হৈছে । ", অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মণে এনেদৰে কয় ।
Published by: Kokil Sarma
FIRST PUBLISHED : September 11, 2021, 20:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।