অসম আৰক্ষীত নিযুক্তি (Assam Police Appointment)ৰ বৃহৎ সুযোগ ওলাইছে। হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) উত্তীৰ্ণ যুৱক-যুৱতীয়ে নিযুক্তিৰ বাবে কৰিব পাৰে আবেদন।
অসম আৰক্ষীৰ
নিৰস্ত্ৰ শাখা (Unarmed Branch, UB)ৰ বাবে ৭০৫টা কনিষ্টবল আৰু সশস্ত্ৰ শাখা (Armed Branch, AB)ৰ বাবে ১৪২৯টা কনিষ্টবল পদৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।
এই চাকৰিৰ দৰমহা
Pay Scale হ'ব 14,000-60,500 (Pay Ban-II) আৰু Grade pay 5600 টকা প্ৰতি মাহত।চাকৰিৰ বাবে আবেদনৰ বাবে শিক্ষাগত যোগ্যতা হৈছে-নিৰস্ত্ৰ শাখা (Unarmed Branch, UB)ৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।
সশস্ত্ৰ শাখা (Armed Branch, AB)ৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ বা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ।
চাকৰিত আবেদনৰ বাবে
বয়সৰ সীমা ২০২১ চনৰ ১ জুলাইত ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব। অৰ্থাৎ প্ৰাৰ্থীগৰাকী ০১-০৭-১৯৯৬ চনৰ পিছত আৰু ০১-০৭-২০০৩ চনৰ আগত জন্ম হোৱাটো বাধ্যতামূলক।
গুৰুত্বপূৰ্ণ তাৰিখ-অনলাইন আবেদন আৰম্ভ হোৱা তাৰিখ : ১০-১২-২০২১অনলাইন আবেদনৰ অন্তিম তাৰিখ : ০৯-০১-২০২২অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এই বিজ্ঞাপনৰ খবৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে সকলোকে এই সোণালী সুযোগ লোৱাৰ আহ্বান জনাইছে।
শাৰীৰিক পৰীক্ষা আৰু লিখিত পৰীক্ষাৰ বাবে অচিৰেই তাৰিখ ঘোষণা কৰা হ'ব।
ইতিমধ্যে অসমৰ আগশাৰীৰ বাতৰিকাকতসমূহত এই নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আসন সংৰক্ষণ, যোগ্যতাৰ অন্য মাপকাঠি, প্ৰয়োজনীয় নথি-পত্ৰ, পৰীক্ষাৰ নিয়মাৱলী, সবিশেষ জানিবৰ বাবে এই বিজ্ঞাপন ভালকৈ চাই লোৱাটো বাঞ্চনীয়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|