শিলচৰ, ২৩ মাৰ্চ: অৱশেষত খোল খালে লামডিং সংমণ্ডলৰ অন্তৰ্গত সকলো ৰে'লৱে ষ্টেচনৰ প্লেটফৰ্মৰ দোকান । যাৰ ভিতৰত আছে শিলচৰ ৰে'লৱে ষ্টেচনো। ফলত খাদ্য সামগ্ৰীসহ অন্যান্য সামগ্ৰীৰ ব্যৱসায় পুনৰ আৰম্ভ হৈছে ষ্টেচনসমূহত।
এমাহ দহ দিনৰ মূৰত পুনৰ ভেণ্ডৰসকলে দোকান খোলাৰ পিচত গ্ৰাহকে শিলচৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত চাহ, বিস্কুট, পানী, বিভিন্ন ধৰণৰ পানীয় আদি সামগ্ৰী ক্ৰয় কৰি খোৱা দেখা গ’ল । ভেণ্ডৰসকলে পুনৰ ব্যৱসায় আৰম্ভ কৰাৰ ফলত কৰ্মচাৰীসকলো সুখী।
বিগত ১০ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়ৰ পিচত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অন্তৰ্গত প্ৰতিটো ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই দোকানত তলা লগাই দিয়ে। ৰে’ল কৰ্তৃপক্ষৰ হঠাৎ এনে সিদ্ধান্তৰ ফলত হাজাৰ হাজাৰ প্লেটফৰ্ম ব্যৱসায়ীয়ে উপাৰ্জন হেৰুৱাবলগীয়া হয়।
ভেণ্ডৰসকলে ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰাৰ পিচত ৰায় তেওঁলোকৰ পক্ষতে দিয়া হয়। ১৭ মাৰ্চত এই গোচৰৰ ৰায়দানৰ পিচত ১৯ মাৰ্চত লামডিং জংচনত প্ৰথমবাৰৰ বাবে ভেণ্ডৰসকলে দোকান খুলিছিল । তাৰ পিচত শিলচৰ, বদৰপুৰ, কৰিমগঞ্জ, ধৰ্মনগৰ, আগৰতলা, চাপৰমুখকে ধৰি লামডিং সংমণ্ডলৰ সকলো ষ্টেচনত দোকান খোলা আৰম্ভ হয়।
উত্তৰ-পূব সীমান্ত ৰে'লৱেই হঠাতে দোকান ছীল কৰি দিয়াৰ লগে লগে মূৰত আকাশ ভাঙি পৰে ভেণ্ডৰসকলৰ। মন কৰিবলগীয়া যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ফালৰ পৰা ষ্টেচনত দোকানৰ ভাড়া বৃদ্ধি কৰাৰ পিচত ভেণ্ডৰ এচোছিয়েশ্যনে ৰে’ল বিভাগৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।
ভেণ্ডৰ সংস্থা আৰু ৰে’ল বিভাগৰ মাজত দীৰ্ঘদিনীয়া গোচৰৰ পিচত ২৪ জানুৱাৰীত গোচৰৰ ৰায় ৰে’ল বিভাগৰ সপক্ষে যোৱাৰ পিচত উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন ৰে’ল ষ্টেচনত বিক্ৰেতাৰ দোকান আৰু হোটেলত তলাবন্ধ কৰি ৰাখিছিল।
ইফালে, শিলচৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত থকা ভেণ্ডৰৰ এখন দোকানৰ কৰ্মচাৰী শিবু দেৱে কয় যে দোকানখন কিছুদিন বন্ধ হৈ থকাৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এটা পৰিয়াল চলাবলৈ টকাৰ প্ৰয়োজন। ঘৰৰ ভাড়া, ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ দিয়াত সমস্যা হৈছিল। গতিকে এই কেইদিনমান তেওঁ আন কিবা কাম কৰি টকা উপাৰ্জন কৰিলে। কিন্তু দোকানখন খোলাত তেওঁ সুখী।
আন এখন দোকানৰ কৰ্মচাৰী মিথুন চক্ৰৱৰ্তীয়ে কয় যে দোকানখন খুলি দিয়াৰ পিচতো ভবা ধৰণে গ্ৰাহক অহা নাই। কাৰণ কেৱল ষ্টেচনৰ যাত্ৰীয়েই নহয় আন লোকেও এই দোকানসমূহলৈ চাহ খাবলৈ আহে। যিহেতু দোকানসমূহ কেইবাদিনো বন্ধ হৈ আছে, সেয়েহে আন গ্ৰাহকসকলক দেখা পোৱা নগ'ল। কিন্তু তেওঁ আশাবাদী যে পুনৰ গ্ৰাহকে ভিৰ কৰিব ষ্টেচনৰ দোকানত।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 23, 2023, 15:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।