শিলচৰ, ২৫ শিলচৰ: ক্লাব ইচ্ছেডানা আৰু আদ্যা মা প্ৰডাকচনৰ উদ্যোগত শনিবাৰে শিলচৰৰ বংগভবনত আৰম্ভ হৈছে দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱ ৷ টলীউডৰ তাৰকাৰে ভৰি পৰে এই মহোৎসৱৰ ।
টলীউড তাৰকা ৰুদ্ৰনীল ঘোষ, আবিৰ চেটাৰ্জী, ঈশা সাহা, অংকিতা চক্ৰৱৰ্তী, ইন্দ্ৰজিৎ মজুমদাৰ, বিশিষ্ট কবি দীপ্তিমান বসু, অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° তপোধীৰ ভট্টাচাৰ্য, শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি তমাল বনিক, ক্লাব ইচ্ছেডানাৰ সভাপতি শৰ্মিষ্ঠা দেৱ আৰু আদ্যা মা প্ৰডাকচনৰ হীৰকজ্যোতি পালে দীপ জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
বিশিষ্ট টলীউড তাৰকা তথা এই চলচ্চিত্ৰ মহোৎসৱৰ অন্যতম পৃষ্ঠপোষক ৰুদ্ৰনীল ঘোষে অসম চৰকাৰে দক্ষিণ অসম চলচ্চিত্ৰ মহোৎসৱখন বৃহত্তৰ পৰিসৰত আয়োজন কৰাৰ কথা চিন্তা কৰিব বুলি আশা প্ৰকাশ কৰে । তেওঁ কয়, ‘কলকাতা আৰু শিলচৰৰ দূৰত্ব বেছি নহয়, ঘৰৰ বেলকনিৰ পৰা চোতাললৈ আহিছো যেন লাগিছে। এই চলচ্চিত্ৰ মহোৎসৱে দৰ্শকৰ জৰিয়তে এটা ডাঙৰ ব্ৰেণ্ডৰ কাষ চাপিব। এই অনুষ্ঠানটো আৰু ডাঙৰ হওক ।'
আবীৰ চেটাৰ্জীয়ে কয়, ‘এই চলচ্চিত্ৰ মহোৎসৱৰ বাবেই মই প্ৰথমবাৰৰ বাবে সুন্দৰ চহৰ শিলচৰলৈ আহিছো । সংগীত, কবিতা বা চিনেমাৰ দৰে মাধ্যমৰ কোনো ভৌগোলিক সীমা নাই । কৰ্মৰ জৰিয়তে মানুহৰ ওচৰলৈ যোৱাটো যিকোনো শিল্পীৰ ইচ্ছা । আমাৰ মূল লক্ষ্য হৈছে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা । সাংস্কৃতিক আদান-প্ৰদান আৰু হওক ।' এই দিনটোত সকলোকে আৰু অধিক বাংলা চিনেমা চাবলৈ আবিৰে অনুৰোধ জনায় ।
অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কবি আৰু লেখক ড° তপোধীৰ ভট্টাচাৰ্যই ক’য়, ‘মই চকুৰ আগত এই শিলচৰ চহৰখন ডাঙৰ হোৱা দেখিছোঁ । মই কেতিয়াও কল্পনা কৰা নাছিলো যে আজিৰ দৰে এটা অনুষ্ঠান এই চহৰত আয়োজন কৰিব পৰা যাব । চিনেমাই সংযোগ বৃদ্ধি কৰে । ছবিবোৰ কেৱল মনোৰঞ্জন নহয় বৰঞ্চ ই আমাক চিন্তা কৰিবলৈ বাধ্য কৰে । টলিউড তাৰকাৰ উপস্থিতিয়ে অনুষ্ঠানটো উজ্জ্বল কৰি তুলিছে ।' বিশিষ্ট কবি দীপ্তিমান বসুৰ ভাষাত- বাংলা আত্মাৰ আত্মীয় ৰাজ্য অসম ।
চলচ্চিত্ৰ পৰিচালক শৰ্মিষ্ঠ দেৱে অনুষ্ঠানত তেওঁৰ কাষত থিয় দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানৰ শেষত শিলচৰৰ নিৰ্বান সাংস্কৃতিক সন্থাৰ শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে । পিছত শিশু শিল্পীৰ এটা দলে ৰেম্প ৱাক অনুষ্ঠিত কৰে । শিশুসকলে বিভিন্ন সাজ-পোছাক পৰিধান কৰি ৰেম্পত খোজ কাঢ়ি অতিশয় প্ৰশংসা লাভ কৰে ।
আজিৰ দিনটোতে আবেলি শিলচৰ বংগভৱনত চিনেমা প্ৰদৰ্শন আৰম্ভ হয় । ইয়াৰ ভিতৰত আছিল, আবাৰ বছৰ কুড়ি পৰে, চুটি ছবি দ্য ডাৰ্ক ডানজিওন, কথামৃত, চুটি ছবি বহুবৃত্ত, প্ৰিমিয়াৰ শ্ব’ মেৰেজ এনিভাৰ্চেৰী, কাদম্বৰী আজো, চুটি ছবি এচেন্স, প্ৰিমিয়াৰ শ্ব’ অৰ্কিড, মহানন্দা, চুটি ছবি শিবু আৰ ৰাক্ষস ।
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 21:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।