মুখ্যপৃষ্ঠা »খবৰ »Cachar »উধাৰবন্দ সাংবাদিক মঞ্চৰ দশম বৰ্ষপূৰ্তি পালন

উধাৰবন্দ সাংবাদিক মঞ্চৰ দশম বৰ্ষপূৰ্তি পালন

উধাৰবন্দ সাংবাদিক মঞ্চৰ অনুষ্ঠান 

উধাৰবন্দ সাংবাদিক মঞ্চৰ অনুষ্ঠান 

বিশিষ্ট সাংবাদিক তথা আনন্দবজাৰ কাকতৰ দক্ষিণ অসমৰ প্ৰতিনিধি উত্তম কুমাৰ সাহা বিশেষ অতিথি হিচাপে উপস্থিত থাকে । মুখ্য অতিথিৰ ভাষণত উত্তম সাহাই বৰ্তমানৰ সাংবাদিকতা, সামাজিক জীৱনত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু গ্ৰাম্য সাংবাদিকতাৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে ।  

  • Share this:
শিলচৰ ২০ মাৰ্চ: কাছাৰ জিলাৰ উধাৰবন্দ সাংবাদিক মঞ্চৰ দশম বৰ্ষপূৰ্তি উপলক্ষে উধাৰবন্দৰ ব্লক অডিটৰিয়াম হলত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। দেওবাৰে পুৱা বন্তি জ্বলাই কাৰ্যসূচী আৰম্ভ হয় । বিশিষ্ট সাহিত্যিক কাজল দেমতাইৰ সভাপতিত্বত অনুষ্ঠিত হয় এই অনুষ্ঠান।

বিশিষ্ট সাংবাদিক তথা আনন্দবজাৰ কাকতৰ দক্ষিণ অসমৰ প্ৰতিনিধি উত্তম কুমাৰ সাহা বিশেষ অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত উত্তম সাহাই বৰ্তমানৰ সাংবাদিকতা, সামাজিক জীৱনত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু গ্ৰাম্য সাংবাদিকতাৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে।

ছ’চিয়েল মিডিয়াই সততে প্ৰচাৰ কৰা কেতবোৰ বিভ্ৰান্তিকৰ তথ্য আৰু ভুল তথ্যৰ ব্যৱহাৰক লৈও তেওঁ চিন্তা ব্যক্ত কৰে। তাৰ সমান্তৰালকৈ উত্তম সাহাই সাংবাদিকসকলৰ বাবে সাংবাদিকতাৰ ক্ষেত্ৰত সফল হ’বলৈ বিভিন্ন পৰামৰ্শৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাংবাদিকসকলক আহ্বান জনায় ।

তেওঁ কয় যে আজিৰ সাংবাদিকসকলে অধিক কিতাপ পঢ়াৰ প্ৰয়োজন। কিতাপ পঢ়ি জ্ঞান আপডেট কৰিব লাগে। অনুষ্ঠানত ৬ গৰাকী বিশেষ ব্যক্তিক সাংবাদিক মঞ্চই বিশেষ সন্মান প্ৰদান কৰে।

উধাৰবন্দ সাংবাদিক মঞ্চৰ সভাপতি শিৱাশিস চক্ৰৱৰ্তীয়ে উধাৰবন্দৰ সাংবাদিকতাৰ অনন্য যুগৰ বিষয়ে আলোচনা কৰে। তেওঁ নতুন প্ৰজন্মৰ সাংবাদিকসকলক প্ৰকৃত সাংবাদিকতাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সুভাংকৰ চন্দে মতামত ব্যক্ত কৰে যে উধাৰবন্দ অতীতৰ পৰাই সাংবাদিকতা, সাহিত্য আৰু সংস্কৃতিৰ বাবে এক উৰ্বৰ ক্ষেত্ৰ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি