শিলচৰ ঘুংঘুৰ কুয়াৰপাৰৰ এগৰাকী মাতৃৰ দুয়ো কন্যা দিব্যাংগ। সন্তানৰ ভৱিষ্যতক লৈ সদায় চিন্তিত হৈ আছিল মাতৃগৰাকী। কাৰণ বিশেষভাৱে সক্ষম শিশু দুটাক ডাঙৰ-দীঘল কৰাটো তেওঁৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। কিন্তু এতিয়া সেই চিন্তা কিছু পৰিমাণে কমিছে। কাৰণ ২০২১ চনত সক্ষম সন্থাৰ অধীনত কুয়াৰপাৰত এটা দিব্যাংগ কেন্দ্ৰ মুকলি কৰা হৈছে।
য'ত প্ৰশিক্ষক লিপিকা দাসে বিগত তিনিবছৰ ধৰি সেই কেন্দ্ৰৰ জৰিয়তে বিশেষভাৱে সক্ষম ছোৱালীক বিভিন্ন ধৰণৰ হস্তশিল্পৰ প্ৰশিক্ষণ দি আহিছে। ভৱিষ্যতে হস্তশিল্পৰ জৰিয়তে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাৰ সপোন লৈ তেওঁ দিব্যাংগসকলক প্ৰশিক্ষণ দি আছে। আমি কৈ থকা বিশেষভাৱে সক্ষম ছোৱালী দুজনী হ’ল অংকিতা আৰু জ্যোতি। দুয়োগৰাকীয়ে এতিয়া প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন ধৰণৰ ফুল, ছফ্ট টয়েজ, মাটিৰ গহনা, বিভিন্ন ধৰণৰ বেগ তৈয়াৰ কৰিবলৈ শিকিছে ।
অৱশ্যে দুয়োৱে পঢ়া-শুনাও অব্যাহত ৰাখিছে। সেই অঞ্চলৰ ৪০ৰ পৰা ৪৫ গৰাকী দিব্যাংগ ছোৱালী এই কেন্দ্ৰৰ সৈতে জড়িত। লিপিকাৰ পৰা নিয়মীয়া প্ৰশিক্ষণ লৈ আছে তেওঁলোকে। এতিয়ালৈকে ২৫ খনতকৈও অধিক চৰকাৰী প্ৰদৰ্শনী মেলাত দিব্যাংগসকলৰ হাতৰে বনোৱা বিভিন্ন ধৰণৰ হস্তশিল্প প্ৰদৰ্শন আৰু বিক্ৰী হৈছে।
ইতিমধ্যে দিব্যাংগসকলৰ সৈতে দৃষ্টি দিব্যাংগ এছ এইচ জি গ্ৰুপ গঠন কৰা হৈছে । যাৰ জৰিয়তে এই দিব্যাংগ কেন্দ্ৰত উৎপাদিত সামগ্ৰী আৰু অধিক বৃদ্ধি কৰিব পৰা যাব । এই দিব্যাংগ কেন্দ্ৰৰ প্ৰশিক্ষক লিপিকা দাসে কয় যে তেওঁ ২০১৭ চনৰ পৰা সক্ষম সন্থাৰ সৈতে জড়িত হৈ আছে । কিন্তু ২০২১ চনৰ পৰা আৰম্ভ হৈছে এই দিব্যাংগ কেন্দ্ৰ ।
প্ৰায় ৪০ৰ পৰা ৪৫ গৰাকী দিব্যাংগ ছোৱালীক দক্ষতা বিকাশৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। যাতে তেওঁলোকে হস্তশিল্পৰ জৰিয়তে নিজৰ ভৰিত থিয় হ’ব পাৰে। দিব্যাংগ অংকিতা আৰু জ্যোতিৰ মাতৃ অনিতা কুৰ্মীয়ে কয় যে, ভৱিষ্যতে তেওঁলোকৰ কি হ’ব সেই লৈ চিন্তিত হৈ পৰিছ সন্তান দুটা।
কিন্তু দিব্যাংগ কেন্দ্ৰ আৰু প্ৰশিক্ষক লিপিকা দাস তেওঁলোকক বাট দেখুৱাই দিলে। তেওঁ বিচাৰে ছোৱালী দুগৰাকীয়ে পঢ়াৰ উপৰিও হাতৰ কাম শিকি নিজৰ ভৰিৰ ওপৰত থিয় হওক।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 24, 2023, 12:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।