মুখ্যপৃষ্ঠা »খবৰ »Cachar »Silchar News: শনবিলত স্থাপন হ'ব ৫০০ কোটি টকীয়া সৌৰশক্তি প্ৰকল্প 

Silchar News: শনবিলত স্থাপন হ'ব ৫০০ কোটি টকীয়া সৌৰশক্তি প্ৰকল্প 

বিশাল শনবিলৰ সৌন্দৰ্য

বিশাল শনবিলৰ সৌন্দৰ্য

এই ৰাতাবাৰী অঞ্চলতে আছে দেশৰ ভিতৰতে বিখ্যাত এখন ডাঙৰ বিল ৷ নাম যাৰ শনবিল । সমগ্ৰ এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম বিল হিচাপে চিহ্নিত হৈছে এই শনবিল । 

  • Share this:
আখি দাস, শিলচৰ: কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ‌ ৰাইজৰ বাবে সঁচাকৈয়ে এক আনন্দৰ দিন । অসমৰ প্ৰান্তীয় অঞ্চল বৰাক উপত্যকা আৰু এই উপত্যকাটোৰ অতিকে পিচপৰা অঞ্চল ৰাতাবাৰী সমষ্টি ।

এই ৰাতাবাৰী অঞ্চলতে আছে দেশৰ ভিতৰতে বিখ্যাত এখন ডাঙৰ বিল ৷ নাম যাৰ শনবিল । সমগ্ৰ এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম বিল হিচাপে চিহ্নিত হৈছে এই শনবিল ।

অতিপাত ডাঙৰ আৰু অবিশ্বাস্যভাৱে সুন্দৰ বিলখনে কিন্তু এতিয়াও ভাৰতৰ পৰ্যটনৰ মানচিত্ৰত নিজৰ নাম লিখিবলৈ সক্ষম হোৱা নাই । সেয়েহে হয়তো বহু পৰ্যটকে এতিয়াও নাজানে এই শনবিলৰ কথা ৷

এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰায় ৫০০ কোটি টকাৰ সৌৰশক্তি প্ৰকল্প স্থাপন কৰিব‌ খুজিছে শনবিলত । শেহতীয়াকৈ অসম বিধানসভাৰ বাজেটতো এই ঘোষণা কৰা হৈছে । শনবিলৰ প্ৰথম সমস্যা আছিল বিদ্যুৎ ব্যৱস্থা ।

বৃহৎ বৃহৎ বিলৰ বাবে উপযুক্ত বিদ্যুৎ যোগান ধৰাটো অতি কঠিন । 'সোনাৰ বিল'ৰ উন্নয়নৰ এনে পদক্ষেপ কেৱল শনবিলৰ ৰাইজৰ বাবেই নহয় সমগ্ৰ ৰাতাবাৰী অঞ্চলবাসীৰ বাবে এক অতি সুখৰ বতৰা ৷

ভাৰতৰ লগতে ৰাজ্যখনৰ পৰ্যটন মানচিত্ৰত শনবিলক স্থান দিবলৈ প্ৰকৃত উন্নয়নৰ প্ৰয়োজন । বৰাক উপত্যকাৰ বিদ্যুৎ যোগান শক্তিশালী কৰাৰ বাবে শনবিলত ৯০০ বিঘাত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন এটা ভাসমান সৌৰশক্তি কেন্দ্ৰ নিৰ্মাণৰ কাম দীৰ্ঘদিন ধৰি চলি আছে ।

সূত্ৰ অনুসৰি উপ-কেন্দ্ৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে ২৫ বিঘা মাটি আবণ্টন দিয়া হৈছে উল্লেখযোগ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত অসম বিধানসভাৰ ৯ জন বিধায়কৰে গঠিত এটা উচ্চ পৰ্যায়ৰ দল কৰিমগঞ্জ জিলাৰ শনবিল ভ্ৰমণ কৰিছিল ।

ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰা শনবিলত সৌৰশক্তি আৰু জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ বাবেই অঞ্চলটো ভ্ৰমণ কৰিছিল বিধায়কৰ দলটোৱে । যদিহে শনবিলত এনে প্ৰকল্প স্থাপন কৰি বিদ্যুৎ উৎপাদন কৰা হয় তেন্তে কৰিমগঞ্জ জিলাকে ধৰি ৰাজ্যখনৰ বিদ্যুতৰ সমস্যা কিছু পৰিমাণে নিশ্চয় সমাধান হ’ব ।

শনবিলত প্ৰাকৃতিক জলভাগ আৰু ইয়াৰ মীন, পৰ্যটন আদিৰ বাবে বিপুল সম্ভাৱনা আছে । গতিকে সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ ওপৰতো চৰকাৰে চকু ৰাখিছে যাতে প্ৰাকৃতিক সম্পদৰ ক্ষতি নহয় ।

শনবিলৰ স্থান সুবিধাজনক ৷ কাৰণ পানীৰ ওপৰৰ সৌৰ পেনেলবোৰৰ বিদ্যুৎ উৎপাদন ক্ষমতা অতি ভাল । ইয়াৰ উপৰিও এই ঠাইৰ পৰা লো হেড টাৰ্বাইনৰ জৰিয়তে জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি