শিলচৰ, ২২ মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ কাছাৰৰ সোণাইৰ কাবুগঞ্জ হলি ক্ৰছ স্কুলৰ ছাত্ৰী ছিনাম জয়ফাবী চানুৱে দখল কৰিলে চতুৰ্থ স্থান ৷ তেওঁৰ মুঠ নম্বৰ হৈছে ৫৯১ । ইংৰাজী, গণিত, সমাজ বিজ্ঞানত ৯৮, মণিপুৰীত ৯৭, বিজ্ঞান আৰু এডভাঞ্চড গণিতত ১০০ নম্বৰ লাভ কৰিছে ।
শীৰ্ষৰ তালিকাত স্থান পাই কাছাৰৰ মান ৰাখিলে ছিনামে । পিছে এই মেধাৱী ছাত্ৰীগৰাকী কাছাৰৰ এক অত্যন্ত ভিতৰুৱা অঞ্চলৰ বাসিন্দা । আনহাতে ২০০৭ চনত কাছাৰৰ সোণাইত কাবুগঞ্জ হলি ক্ৰছ স্থাপন কৰা হয় । ২০১৬ চনৰ পৰা আৰম্ভ হয় সেই বিদ্যালয়ৰ মাধ্যমিক পৰীক্ষা ।
২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে আজি এই বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে মেট্ৰিকত স্থান দখল কৰিবলৈ সক্ষম হৈছে । স্বাভাৱিকতে প্ৰথমবাৰৰ বাবে মেধাৰ তালিকাত চতুৰ্থ স্থান দখল কৰাৰ ফলত বিদ্যালয়খনত সুখৰ বতাহ বিৰাজ কৰে ।
ছিনাম জয়ফাবি চানুৱে Local 18 ক কয়- 'মাধ্যমিক পৰীক্ষাত ৯০ শতাংশতকৈ অধিক নম্বৰ পোৱাৰ আশা কৰিছিলোঁ, কিন্তু শীৰ্ষ দহজনৰ তালিকাত চতুৰ্থ স্থান পাম বুলি ভবা নাছিলোঁ । সমগ্ৰ কাছাৰৰ সন্মান ৰাখিবলৈ পাই মই অতি সুখী ।'
ছিনামে কয় যে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে চফটৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে । দেৰবাগ তৃতীয় খণ্ডৰ পৰা ৭ কিলোমিটাৰ দূৰত্বত ছিনামৰ বিদ্যালয় । প্ৰতিদিনে চাইকেলেৰে ছিনাম স্কুললৈ যায় । কেতিয়াবা হয়তো দেউতাকে স্কুটীত তুলি নিয়ে ।
ছিনামে অধ্যয়নৰ বাহিৰেও মেডিটেছন আৰু যোগ ব্যায়ামৰ টিপছ লয় । মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে তেওঁ দৈনিক ৭ৰ পৰা ৮ ঘণ্টা ধৰি অবিৰতভাৱে পঢ়া-শুনা কৰা বুলি কয় । পঢ়া-শুনাৰ পিছত তেওঁ নিয়মিতভাৱে মেডিটেছন আৰু যোগাসন কৰি মানসিক চাপ কমোৱাৰ বাবে অভ্যাস কৰিছিল ।
ফলত ইয়ে তেওঁক পঢ়া-শুনাত বহুখিনি সহায় কৰি আহিছে । ছিনামৰ গাঁওখনৰ নাম বেৰাবাক তৃতীয় খণ্ড । কাছাৰৰ এক অতি ভিতৰুৱা অঞ্চল বেৰাবাক গাঁওখনক এতিয়াও উন্নয়নে স্পৰ্শ কৰা নাই ।
ৰাস্তা-ঘাট নাই, খোৱাপানীৰ ব্যৱস্থা নাই, কৃষিৰ কোনো উন্নতি নাই । লগতে গাঁৱৰ মানুহৰ চিন্তাধাৰা বেলেগ । গতিকে ভৱিষ্যতে সেই গাঁওখনৰ উন্নয়নত কিবা এটা কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে ছিনামে ৷
Published by: Subham Goswami
FIRST PUBLISHED : May 22, 2023, 20:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।