মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »আন্তঃৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৰাকৰ দুই যুৱ শ্বাটলাৰে

আন্তঃৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৰাকৰ দুই যুৱ শ্বাটলাৰে

বনিপ সিনহা আৰু চৈয়দ আবু মহম্মদ ইউছুফ

বনিপ সিনহা আৰু চৈয়দ আবু মহম্মদ ইউছুফ

শিলচৰৰ বনিপ সিনহা আৰু বদৰপুৰ‌ৰ গড়কাপন গাঁৱৰ চৈয়দ আবু মহম্মদ ইউছুফক আগন্তুক আন্তঃৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হৈছে । ৮ জুনত উদীয়মান খেলুৱৈ দুগৰাকীয়ে শিলচৰৰ পৰা চেন্নাই হৈ মালয়েছিয়ালৈ ৰাওনা হ’ব । 

  • Share this:
শিলচৰ, ২২ মাৰ্চ: বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে এটা ভাল খবৰ। উপত্যকাটোৰ দুই যুৱ শ্বাটলাৰ (a badminton player) শিলচৰৰ বনিপ সিনহা আৰু বদৰপুৰ‌ৰ গড়কাপন গাঁৱৰ চৈয়দ আবু মহম্মদ ইউছুফক আগন্তুক আন্তঃৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হৈছে। অহা ৯ জুনৰ পৰা ১১ জুনলৈ মালয়েছিয়াৰ জোহৰ বাহৰুত অনুষ্ঠিত হ’ব এই আন্তঃৰাষ্ট্ৰীয় ষ্টুডেণ্টছ অলিম্পিক।

যোৱা বছৰ পঞ্জাৱ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিত অনুষ্ঠিত হোৱা নৱম ৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকত বেডমিণ্টনত ভাল প্ৰদৰ্শন কৰিছিল বনিপ সিনহা আৰু আবু মহম্মদ ইউছুফে। বেডমিণ্টন প্ৰতিযোগিতাত ২৩ বছৰ অনুৰ্ধৰ একক শাখাত বনিপে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ২২ বছৰ অনুৰ্ধ একক শাখাত ইউছুফ ৰানাৰ্ছ আপ হৈছিল।

ইয়াৰ পিছত তেওঁলোকে টিম আপ কৰি ডাবলছত স্বৰ্ণ পদক লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্টছ অলিম্পিকত তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনেই নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু শেষত আন্তঃৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকৰ বাবে দুয়োৱে ভাৰতীয় দলত স্থান লাভ কৰে।

৮ জুনত উদীয়মান খেলুৱৈ দুগৰাকীয়ে শিলচৰৰ পৰা চেন্নাই হৈ মালয়েছিয়ালৈ ৰাওনা হ’ব। তেওঁলোকৰ লগত যাব ভাৰতীয় ষ্টুডেন্টছ অলিম্পিক সন্থাৰ সম্পাদক প্ৰদীপ ভৰদ্বাজ।

খবৰ অনুসৰি ভাৰতৰ মুঠ ২৭ গৰাকী শিক্ষাৰ্থীয়ে আন্তঃৰাষ্ট্ৰীয় ষ্টুডেন্টছ অলিম্পিকত অংশগ্ৰহণ কৰিব আৰু অসমৰ বৰাক উপত্যকাৰ পৰা বনিপ সিনহা আৰু চৈয়দ আবু মহম্মদ ইউছুফ দুয়োজনেই এই অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰিব ৷

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি