মুখ্যপৃষ্ঠা »খবৰ »Cachar »Silchar News: 'স্পৰ্শ'ৰ স্নেহ-মমতাত নৱজীৱন পাইছে চকলেট-লাড্ডুহঁতে

Silchar News: 'স্পৰ্শ'ৰ স্নেহ-মমতাত নৱজীৱন পাইছে চকলেট-লাড্ডুহঁতে

X
এই //

এই ধৰ্মনিৰপেক্ষ দেশৰ সকলো ধৰ্মীয় উৎসৱ আশ্ৰয়গৃহত থকা জীৱ-জন্তুৰ সৈতে পালন কৰা হয় ৷  চকলেট, লাড্ডু, পাঠান, ৰাধে‌ আদি (জীৱ-জন্তু সমূহৰ নাম) এতিয়া "স্পৰ্শ" পৰিয়ালৰ সদস্য । 

এই ধৰ্মনিৰপেক্ষ দেশৰ সকলো ধৰ্মীয় উৎসৱ আশ্ৰয়গৃহত থকা জীৱ-জন্তুৰ সৈতে পালন কৰা হয় ৷  চকলেট, লাড্ডু, পাঠান, ৰাধে‌ আদি (জীৱ-জন্তু সমূহৰ নাম) এতিয়া "স্পৰ্শ" পৰিয়ালৰ সদস্য । 

  • Share this:
আখি দাস, শিলচৰ: বহুতে চখ হিচাপে জীৱ-জন্তু পালন কৰে ৷ কিন্তু যেতিয়া সেই জীৱ-জন্তু বিভিন্ন কাৰণত অসুস্থ হৈ পৰে তেতিয়া বহু গৰাকীয়েই অতি অমানৱীয় আৰু নিষ্ঠুৰভাবে সেই পোহনীয়া জীৱটিক ৰাজপথত এৰি থৈ যায় ৷ অবোধ-অমাত জীৱৰ সৈতে এনে নিৰ্দয় কাৰ্য কৰাৰ সময়ত কিন্তু তথাকথিত এনে "জীৱ-জন্তু প্ৰেমী" সকলৰ হৃদয় মুহূৰ্তৰ বাবেও কপি নুঠে ৷

কেৱল সিমানেই নহয় বাটে পথে সাধাৰণতে চকুত পৰে গৰাকীবিহীন বহু অসুস্থ জীৱ-জন্তু ৷ এনে অসুস্থ নিৰ্বোধ জীৱ-জন্তু সমূহক সহায় কৰাৰ মহৎ উদ্দেশ্য আগত লৈ ওলাই আহিছে এক স্বেচ্ছাসেৱী অনুষ্ঠান ৷ বাটে পথে ঘূৰি ফুৰা এনে অসহায় জীৱ-জন্তুৰ সহায়ৰ বাবি শিলচৰত আগবাঢ়ি আহিছে 'স্পৰ্শ- টাচ দ্য এনিমেল' নামৰ এটা সংস্থা ৷

শিলচৰৰ মেহেৰপুৰত এই সংস্থাটোৰ এটা আশ্ৰয় গৃহ আছে । য'ত ৰখা হৈছে ইতিমধ্যে উদ্ধাৰ কৰা কেইবাটাও কুকুৰ আৰু মেকুৰী। ২০১৮ চনত শিলচৰৰ পথত এটা আহত কুকুৰ দেখাৰ পিচত কেইজনমান যুৱক-যুৱতীয়ে কুকুৰটোক উদ্ধাৰ কৰিছিল আঘাতপ্ৰাপ্ত কুকুৰটোক চিকিৎসা কৰি সুস্থ কৰাৰ পিচত তেওঁলোকে ৰাজপথৰ জীৱ-জন্তু উদ্ধাৰৰ কথা ভাবে ।

প্ৰথমে তেওঁলোকে ৰাস্তাৰ গৰাকীবিহীন জীৱ-জন্তুক ষ্ট্ৰীট ফিডিঙৰ কাম আৰম্ভ কৰিলে । তাৰ পিচত লাহে লাহে পথৰ জীৱ-জন্তুবোৰক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লে । অৱশেষত আৰম্ভ হ'ল "স্পৰ্শ- টাচ দ্য এনিমেল"ৰ যাত্ৰা । বিগত কেইটামান বছৰত সংগঠনটোৱে বহু অসুবিধাৰ সন্মুখীন হৈছে ।

বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে । সংস্থাটোৰ সদস্যসকলে Covid-19ৰ উপৰিও দুবাৰকৈ বানপানীৰ সন্মুখীন হৈছিল । উদ্ধাৰ কৰা জীৱ-জন্তুবোৰৰ মৃত্যুৰ পিচত মৃতদেহ সৎকাৰৰ‌ বাবেও অসুবিধাৰ সৃষ্টি হয় । কিন্তু তেওঁলোকৰ যাত্ৰা বন্ধ নহ’ল ।

এতিয়ালৈকে 'স্পৰ্শ'ই উদ্ধাৰ কৰা জীৱ-জন্তুৰ ভিতৰত আছে কুকুৰ, মেকুৰী, গৰু আদি ৷ এই সংস্থাটোৰ সফলতাৰ কাহিনী আছে, আছে বহু দুখৰ মুহূৰ্ত ৷ আঘাতপ্ৰাপ্ত বা অসুস্থ অৱস্থাত উদ্ধাৰ হোৱা কেইটামান কুকুৰে চিকিৎসাৰ সময়ত প্ৰাণ হেৰুৱাইছে ৷ আনহাতে বহুতে মৰমৰ যত্নত সুস্থ জীৱনলৈ ঘূৰি আহিছে ।

এই সংগঠনৰ সদস্যসকলেও শুনিবলগীয়া হৈছে কুকুৰ-মেকুৰীৰ কোলাহলৰ বাবে আশে-পাশে থকা মানুহৰ অভিযোগ । একেদৰে মৃত জীৱ-জন্তুৰ মৃতদেহ সৎকাৰ কৰাৰ সময়ত বহু অভিযোগ শুনিব লগা হৈছে ।সংগঠনটোৰ সদস্য সকলে‌ জনায় যে শিলচৰত এখনেই পশু চিকিৎসালয় আছে ।

সেই চিকিৎসালয়ত ক্ৰিটিকেল অবস্থাত থকা জীৱ-জন্তুৰ চিকিৎসাৰ‌ কোনো সু-ব্যৱস্থা নাই । শিলচৰৰ পশু চিকিৎসালয়ৰ পৰিবৰ্তন বিচাৰে তেওঁলোকে । এই ধৰ্মনিৰপেক্ষ দেশৰ সকলো ধৰ্মীয় উৎসৱ আশ্ৰয়গৃহত থকা জীৱ-জন্তুৰ সৈতে পালন কৰা হয় ৷ চকলেট, লাড্ডু, পাঠান, ৰাধে‌ আদি (জীৱ-জন্তু সমূহৰ নাম) এতিয়া "স্পৰ্শ" পৰিয়ালৰ সদস্য ।

'স্পৰ্শ Touch The Animal' ৰ বহু শুভাকাংক্ষী আছে যিয়ে নিয়মিতভাৱে এই সংস্থাটোক সহায় কৰি আহিছে । এই কথা জনাইছে সংগঠনটোৰ সদস্যসকলে । সংস্থাটোৰ গুৰিধৰোতা ৰূপক পালে কয়, ‘আপোনাৰ ঘৰৰ আশে-পাশে যদি কোনো জন্তু আঘাতপ্ৰাপ্ত হোৱা দেখা পায় তেন্তে আমাৰ সৈতে যোগাযোগ কৰক । যদি সকলোৱে এই সংগঠনৰ লগত জড়িত হয়, সহায়ৰ হাত আগবঢ়াই বাটৰ জীৱ-জন্তুবোৰক বচাব পৰাটো সম্ভৱ হ’ব ।"

জীৱ-জন্তুৰ ওপৰত নিৰ্যাতন‌ হোৱা দেখা পালে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় তেওঁ । শিলচৰ পশু চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কাষত থিয় দিবলৈও তেওঁ সকলোকে আহ্বান জনায় । শেহতীয়াকৈ বদৰপুৰত "স্পৰ্শ" ৰ আন এটা আশ্ৰয় গৃহ নিৰ্মাণ কৰা হৈছে । বদৰপুৰৰ এই পশু আশ্ৰয় শিবিৰৰ সদস্য কৌশিক দাসে কয় যে যিকোনো ধৰ্মীয় উৎসৱ জীৱ-জন্তুৰ সৈতে পালন কৰা হয় ।

এই আশ্ৰয় ঘৰটোতেই তেওঁলোকৰ উৎসৱ আৰম্ভ হয় আৰু শেষ হয় । দুৰ্গা পূজা, দীপাৱলী, বৰদিনৰ পৰা আৰম্ভ কৰি এই আশ্ৰয় শিবিৰৰ কুকুৰ-মেকুৰীৰ সৈতে সকলো উৎসৱ পালন কৰা হয় । "স্পৰ্শ" টিমত আছে ৰূপক পাল, অপৰাজিতা চক্ৰৱৰ্তী, ডাঃ অপৰ্ণা ৰায়, চিন্ময়ী মুখাৰ্জী, কৌশিক দাস, অমন বণিককে ধৰি বহুকেইজন ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি