মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Rahul Gandhi: ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে শিলচৰত সত্যাগ্ৰহ কাৰ্যসূচী

Rahul Gandhi: ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে শিলচৰত সত্যাগ্ৰহ কাৰ্যসূচী

সমগ্ৰ ভাৰতৰ লগতে শিলচৰ জিলা কংগ্ৰেছে ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে দেওবাৰে এই সত্যাগ্ৰহ কাৰ্যসূচীৰ আয়োজন কৰে । বিৰোধী দলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি জেলত ভৰাই পুনৰ শাসনলৈ অহাৰ চক্ৰান্ত কৰিছে বিজেপিয়ে ৷ এই অভিযোগ কংগ্ৰেছৰ ৷

  • Share this:
শিলচৰ, ২৬ মাৰ্চ: "আদানী-মোদী ভাই ভাই, দেশ বেচকে খাই মালাই, মোদীয়ে হিটলাৰী শাসন বন্ধ কৰক, অত্যাচাৰী বিজেপি চৰকাৰৰ ধিক্, মোদী হাটাও দেশ বাচাও, ৰাহুল গান্ধী তুম আগে বড়ো দেশ তুমহাৰা সাথ হে" ইত্যাদি শ্লোগানেৰে আজি উত্তাল হৈ পৰে শিলচৰ ৷ চহৰখনৰ ফাটক বজাৰৰ গান্ধী প্ৰতিমূৰ্তিৰ তলত চলে এই প্ৰতিবাদ ।

সমগ্ৰ ভাৰতৰ লগতে শিলচৰ জিলা কংগ্ৰেছে ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে দেওবাৰে এই সত্যাগ্ৰহ কাৰ্যসূচীৰ আয়োজন কৰে । জিলা কংগ্ৰেছৰ সভাপতি তামল কান্তি বণিকে ভাষণত কয় যে বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ কৰাত সকলো দিশতে ব্যৰ্থ হৈছে ।

আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনত বিজেপিয়ে জনসমৰ্থন নাপাব বুলি বিৰোধীৰ ওপৰত প্ৰতিহিংসামূলক ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ বিৰোধী দলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি জেলত ভৰাই পুনৰ শাসনলৈ অহাৰ চক্ৰান্ত কৰিছে বিজেপিয়ে ৷

শেহতীয়াকৈ আদানী কেলেংকাৰী, কৃষকৰ সমস্যা, আৰ্থিক সংকট, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদিক লৈ যিদৰে ৰাহুল গান্ধীয়ে ভাৰত জোৰো যাত্ৰাৰ দ্বাৰা জনসাধাৰণৰ সমৰ্থন লাভ কৰিছে, সিয়ে বিজেপিক শংকিত কৰি তুলিছে । সংসদত ৰাহুলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অসমৰ্থ চৰকাৰ ।

অৱশেষত আন কোনো পথ বিচাৰি নাপাই মানহানিৰ গোচৰৰ ভিত্তিত তেওঁৰ সাংসদ পদ বাতিল কৰিলে । যিটো সম্পূৰ্ণ প্ৰতিহিংসামূলক আৰু গণতন্ত্ৰ বিৰোধী । বহু বিজেপি নেতাই ৰাহুলৰ পিতৃ-মাতৃক লৈ ঠাট্টা-মস্কৰা কৰিছে যদিও ৰাহুল বা কংগ্ৰেছ কোনোৱেই কেতিয়াও এনে বিতৰ্কলৈ যোৱা নাই ।

ভাৰতীয় পৰম্পৰাগত সংস্কৃতিত প্ৰতিহিংসামূলক চিন্তাৰ কোনো স্থান নাই । তমালৰ উপৰিও শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ দুই সাধাৰণ সম্পাদক কিশোৰ ভট্টাচাৰ্য আৰু আজমল হোছেইন লস্কৰ, উপ সভাপতি সুজন দত্ত, সীমান্ত ভট্টাচাৰ্য, সুশান্ত ৰায় আদিয়ে এই সত্যাগ্ৰহ কাৰ্যসূচীত বিজেপি চৰকাৰৰ বিৰুদ্ধে ভাষণ দিয়ে ।

প্ৰদেশ কংগ্ৰেছৰ অ’বিচি চেলৰ সাধাৰণ সম্পাদক পণ্ডিত হেমন্ত সিং, নিশিকান্ত সৰকাৰ, আনছাৰ আহমেদ চৌধুৰী, ৰাজেশ পাল, তপস কান্তি দাস, ভাস্কৰ দাস, গৌৰাং নাথ, আমৰুল মজুমদাৰ, সুৰজিত ৰায় জিলা কংগ্ৰেছৰ মুখপাত্ৰ পাভলভ লস্কৰৰ লগতে বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ নেতা আজিক এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি