মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »আৰ এছ এছ প্ৰচাৰ প্ৰধান ছুনিলা সোৱনী শিলচৰত 

আৰ এছ এছ প্ৰচাৰ প্ৰধান ছুনিলা সোৱনী শিলচৰত 

ছুনিলা‌ সোৱনী

ছুনিলা‌ সোৱনী

শিলচৰৰ অম্বিকাপট্টিস্থিত ভক্তিধাম (প্ৰান্ত কাৰ্যালয়)ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, "আৰ এছ এছ কেৱল সামাজিক কাম-কাজ কৰা সংস্থা নহয় । আমি নাৰীক বিভিন্ন দক্ষতা বিকাশৰ কাৰ্যসূচীৰ জৰিয়তে সবলীকৃত আৰু স্বাৱলম্বী কৰি তুলিব বিচাৰো । আমি নিয়মিতভাৱে আমাৰ বিভিন্ন স্থায়ী প্ৰকল্প পৰিচালনা কৰোঁ ।  

  • Share this:
শিলচৰ, ২৮ মাৰ্চ: ১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে দেশৰ সকলো অঞ্চলৰ মহিলা সবলীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথমে ৱাৰ্ধাত এই সমিতি প্ৰতিষ্ঠা কৰে লক্ষ্মীবাই কেলকাৰে। আৰ এছ এছে নাৰী সবলীকৰণ আৰু শিক্ষিত কৰাৰ সুযোগ সৃষ্টি আৰু প্ৰদান কৰি আছে। এই কথা কয় আৰ এছ এছৰ প্ৰচাৰ প্ৰধান ছুনিলা সোৱনীয়ে। তেওঁ অসম ভ্ৰমণলৈ আহিছে।

শিলচৰৰ অম্বিকাপট্টিস্থিত ভক্তিধাম (প্ৰান্ত কাৰ্যালয়)ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, "আৰ এছ এছ কেৱল সামাজিক কাম-কাজ কৰা সংস্থা নহয়। আমি নাৰীক বিভিন্ন দক্ষতা বিকাশৰ কাৰ্যসূচীৰ জৰিয়তে সবলীকৃত আৰু স্বাৱলম্বী কৰি তুলিব বিচাৰোঁ। আমি নিয়মিতভাৱে আমাৰ বিভিন্ন স্থায়ী প্ৰকল্প পৰিচালনা কৰোঁ।

১২০০ৰো অধিক স্থায়ী প্ৰকল্পৰ উপৰি আমি যিকোনো জৰুৰী সময়ত বিভিন্ন প্ৰকল্প হাতত লওঁ। " ছুনিলা সোৱনী এগৰাকী সাংবাদিকো। তেখেতৰ গ্ৰন্থ 'লাভ জেহাদ'ৰ ২ লাখৰো অধিক কপি বিক্ৰী হৈছে। তেওঁ লগতে কয়- "আমাৰ প্ৰথম শাখা মহাৰাষ্ট্ৰত স্থাপন কৰা হৈছিল । শিলচৰত ১৯৮২ চনত শাখাটো স্থাপন কৰা হয় । এতিয়া আমাৰ ভাৰতত ৩০০০ৰো অধিক শাখা আৰু ৬৪টা ট্ৰাষ্ট আছে। এই ৬৪টা ট্ৰাষ্টৰ ভিতৰত চাৰিটা ট্ৰাষ্ট এই অঞ্চলত অৱস্থিত।

আমাৰ ৫২ গৰাকী সেৱিকা, যাক প্ৰচাৰক বুলিও কোৱা হয়, তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে। আমি মহিলা ছাত্ৰ-ছাত্ৰীক থকাৰ ব্যৱস্থা কৰি স্বাৱলম্বী কৰি তোলোঁ। আমাৰ হোষ্টেলত বাস কৰা ৬০০০ৰো অধিক মহিলা ছাত্ৰী এতিয়া আমাৰ নিজৰ ক্ষেত্ৰখনত সফল হৈছে। আৰ এছ এছে নাৰী শোষণ বন্ধ কৰিব বিচাৰিছে। আমি বিচাৰোঁ যে মহিলাসকলে দেশৰ বৃদ্ধি আৰু উন্নয়নত অৰিহণা যোগাওক।"

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি