মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »এন আই‌ টি শিলচৰৰ নতুন স্থায়ী সঞ্চালক হিচাপে দায়িত্ব ল'লে অধ্যাপক দিলীপ কুমাৰ বৈদ্যই

এন আই‌ টি শিলচৰৰ নতুন স্থায়ী সঞ্চালক হিচাপে দায়িত্ব ল'লে অধ্যাপক দিলীপ কুমাৰ বৈদ্যই

New Director Dilip Kumar Baidya with Incharge Rajat Gupta 

New Director Dilip Kumar Baidya with Incharge Rajat Gupta 

এন আই টি শিলচৰৰ নতুন স্থায়ী সঞ্চালক হিচাপে নেছনেল ইনষ্টিটিউট অফ টেকনলজি খৰগপুৰৰ সঞ্চালক অধ্যাপক ড° দিলীপ কুমাৰ বৈদ্যই  দায়িত্ব ল’লে । 

  • Share this:
শিলচৰ, ২৩ মে: এন আই টি শিলচৰৰ নতুন স্থায়ী সঞ্চালক হিচাপে নেছনেল ইনষ্টিটিউট অফ টেকনলজি খৰগপুৰৰ সঞ্চালক অধ্যাপক ড° দিলীপ কুমাৰ বৈদ্যই দায়িত্ব ল’লে । সোমবাৰে এন আই টি শিলচৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক ৰজত গুপ্তাই অধ্যাপক দিলীপ কুমাৰ বৈদ্যক দায়িত্ব অৰ্পণ কৰে ।

অধ্যাপক বৈদ্য খৰগপুৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যক্ষ আৰু ৰণবীৰ আৰু চিত্ৰ গুপ্ত স্কুল অৱ ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজাইন এণ্ড মেনেজমেণ্টৰ অধ্যাপক আৰু মুৰব্বী আছিল । ১৯৯৪ চনত আই আই টি খড়গপুৰত যোগদান কৰি ২০০৮ চনৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

১৯৮৭ চনত বেংগল ইঞ্জিনিয়াৰিং কলেজৰ (বৰ্তমান আই আই ই এছ টি)ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৯ আৰু ১৯৯৩ চনত আই আই এছ চি বাংগালুৰুৰ পৰা এম ই আৰু পি এইচ ডি কৰে । পাঠদান আৰু গৱেষণাৰ ৩০ বছৰৰো অধিক অভিজ্ঞতা আৰু‌‌ জিঅ’টেকনিকেল ইঞ্জিনিয়াৰিঙৰ ৩৫ খন এম টেক গবেষণামূলক পত্ৰ আৰু আৰু ৯ খন পি এইচ ডি থেছিছৰ তত্বাৱধায়কৰ দায়িত্ব পালন কৰিছে ড° বৈদ্যই ৷

আই আই টি খড়গপুৰ জোনৰ ভাইচ চেয়াৰমেন, চেয়াৰমেন জে ই ই, প্ৰ’ ইনচাৰ্জ পৰীক্ষা আদি দায়িত্বশীল পদকে ধৰি আই আই টি খড়গপুৰত বিভিন্ন প্ৰশাসনিক পদত কাম কৰিছে তেওঁ ।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী আৰু সন্মিলনত তেওঁৰ ১২৫ খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ পাইছে ৷ ইয়াৰে ৪ খন গৱেষণা পত্ৰই শ্ৰেষ্ঠ গৱেষণা পত্ৰৰ বঁটা লাভ কৰিছে । তেওঁ দুবছৰৰ বাবে ইউনিভাৰ্চিটি অৱ ৱেষ্ট ইণ্ডিজ, ট্ৰিনিদাদ এণ্ড ট’বাগোত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি