অৱশেষত অন্তিম নিস্বাস ত্যাগ কৰিলে জন্নত খাতুনে ৷ নেপালৰ ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত নেপালৰ ৬২ বছৰীয়া জন্নত খাতুনক শিলচৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখা হৈছিল । ২০১৮ চনত ঘৰৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল নেপালৰ বাসিন্দা জন্নত খাতুন ।
কাছাৰ জিলাৰ কাটিগড়াত মানসিকভাৱে ভাৰসাম্য হেৰুওৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত অবৈধ বিদেশীৰ অভিযোগত দুবছৰ কাৰাবাস খাটিবলগীয়া হৈছিল জন্নত খাতুনে । একাংশ সমাজসেবী আৰু চৰকাৰী বিষয়াৰ যৌথ প্ৰচেষ্টাত প্ৰায় চাৰে চাৰি বছৰৰ মূৰত তেওঁ ঘৰলৈ ৰাওনা হয় ।
২ মাৰ্চত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অসম চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি জন্নত খাতুনক ঘৰলৈ পঠিয়াবলৈ নিৰ্দেশ দিয়ে । সেই মৰ্মে ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কাছাৰ আৰক্ষী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টো আগুৱাই নিবলৈ অনুৰোধ জনায় ।
আৰক্ষীয়ে জন্নতৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি শিলচৰলৈ আহিবলৈ কয় । ১৩ মাৰ্চত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা দলে তেওঁক ঘৰলৈ লৈ যায় । কাছাৰ জিলা আৰক্ষী আৰু পিছলৈ পশ্চিমবংগ আৰক্ষীয়ে তেওঁলোকক সহায় কৰিছিল । নেপালৰ সীমান্তৰ পৰা এম্বুলেঞ্চত নিজা ঘৰ কাকৰভিটাত লৈ যোৱা হয় জন্নত খাতুনক ।
জানুৱাৰী মাহত জন্নত খাতুনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । পিছত ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত বিষয়াসকলে লিখে যে জন্নত খাতুন বৰ্তমান ডিটেনচন কেম্পত আছে আৰু শাৰীৰিক সমস্যাৰ বাবে চিকিৎসাধীন হৈ আছে । তেওঁক ঘূৰাই পঠিয়াবলৈ প্ৰয়োজনীয় আদেশ আহিব লাগে ।
২ মাৰ্চত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগে অসম আৰক্ষীৰ বিশেষ ডিজিলৈ এখন পত্ৰ লিখি শিলচৰৰ ডিটেনচন চেণ্টাৰত থকা জন্নত খাতুনক নিজৰ দেশলৈ ঘূৰাই পঠিয়াব লাগে বুলি অৱগত কৰে । পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘৰলৈ যোৱাৰ পথত তেওঁৰ অৱস্থাৰ অৱনতি ঘটে আৰু প্ৰায় দুসপ্তাহৰ মূৰত জন্নতে শেষ নিশ্বাস ত্যাগ কৰে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 31, 2023, 18:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।