অবিভক্ত ভাৰতৰ চিলেট জিলাৰ কৰিমগঞ্জ মহকুমাৰ বিয়ানীবজাৰ থানাৰ পঞ্চখণ্ড পৰগনাৰ দিঘিৰপাৰ গাঁৱৰ জমিদাৰ পাল চৌধুৰী বংশৰ ভুজপত্ৰত লিখা প্ৰায় ৪০০ বছৰ পুৰণি এক লিপিৰ সন্ধান পোৱা গৈছে ভাৰত-বাংলা সীমান্তৰ জিলা কৰিমগঞ্জৰ পাথাৰকান্দিত।
দেশ বিভাজনৰ পিছত জমিদাৰ মূলৰ প্ৰয়াত জানকী নাথ পাল চৌধুৰী অসম-ত্ৰিপুৰাৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ব্যস্ত পাথাৰকান্দি বজাৰ তিনমাথাৰ গাতে লাগি থকা অঞ্চললৈ গুচি আহিছিল ৷ বংশানুক্ৰমে প্ৰয়াত জানকী নাথ পাল চৌধুৰীৰ একমাত্ৰ পুত্ৰ প্ৰয়াত সুবোধ পাল চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ সিদ্ধাৰ্থ শেখৰ পাল চৌধুৰীয়ে এই প্ৰাচীন নিদৰ্শন নিজৰ বাবে সযতনে সংৰক্ষণ কৰি ৰাখিছে পিতৃপুৰুষৰ স্মৃতি হিচাপে।
এই প্ৰাচীন লিপিৰ প্ৰসংগত সিদ্ধাৰ্থ শেখৰ পাল চৌধুৰীয়ে কয় যে তেওঁৰ ককাকৰ সময়ত প্ৰাচীন লিপিৰে এই ভুজপত্ৰত লিখি মানুহ ক্ৰয় কৰা হৈছিল। যি সকলে জমিদাৰৰ ঘৰত দাস হিচাপে কাম কৰা কৰিছিল।
কিন্তু তেওঁৰ মতে এই প্ৰাচীন লিপিৰ সঠিক নামটোৰ বিষয়ে তেওঁ অৱগত নহয়। ইফালে, শেহতীয়াকৈ সিদ্ধাৰ্থ শেখৰ পাল চৌধুৰীৰ ঘৰৰ পৰা প্ৰায় চাৰিশ বছৰ পুৰণি এক প্ৰাচীন লিপি উদ্ধাৰ হোৱাৰ কথা ব্যাপক চৰ্চা চলিছে। স্থানীয় বহু লোকে এই প্ৰাচীন লিপিৰ মূল নাম চিনাক্ত কৰি সংগ্ৰহালয়ত সংৰক্ষণৰ বাবে অনুৰোধ জনাইছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 25, 2023, 19:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।