বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / কাছাৰ / Silchar News: ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন, কেইবা ঘণ্টাৰ বাবে বন্ধ যান-বাহন চলাচল 

Silchar News: ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন, কেইবা ঘণ্টাৰ বাবে বন্ধ যান-বাহন চলাচল 

Mudslide at Sonapur Tunnel on NH06

Mudslide at Sonapur Tunnel on NH06

বহু বাহন দুয়োফালে আবদ্ধ হৈ থাকে । কেইবাখনো গাড়ী সুৰংগটোৰ ভিতৰতে আবদ্ধ হৈ পৰে ৷ অৱশ্যে মেঘালয় আৰক্ষীয়ে জনোৱা মতে, পুৱাৰে পৰা বোকা আঁতৰাই পথটো স্বাভাৱিক কৰি তোলাৰ চেষ্টা চলোৱা হয় ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

শিলচৰ, ২৭ মে: শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰত বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ ভূমিস্খলন । ফলত আজি পুৱাৰে পৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত ব্যাহত হৈ পৰে । মেঘালয় আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি শনিবাৰে পুৱা সোণাপুৰ টানেলৰ সমীপত বৰষুণৰ পানীৰে সৈতে পাহাৰৰ পৰা বোকা নামি পথত বাগৰি পৰে । ইয়াৰ ফলত সুৰংগটোৰ মুখ বন্ধ হৈ যায় ।

বিজ্ঞাপন

এই পৰিস্থিতিত বহু বাহন দুয়োফালে আবদ্ধ হৈ থাকে । কেইবাখনো গাড়ী সুৰংগটোৰ ভিতৰতে আবদ্ধ হৈ পৰে ৷ অৱশ্যে মেঘালয় আৰক্ষীয়ে জনোৱা মতে, পুৱাৰে পৰা বোকা আঁতৰাই পথটো স্বাভাৱিক কৰি তোলাৰ চেষ্টা চলোৱা হয় । প্ৰতি বছৰে বাৰিষাৰ সময়ত শিলচৰ – গুৱাহাটী পথৰ যাত্ৰীসকলে প্ৰকৃতিৰ ৰোষৰ সন্মুখীন হয় ।

শিলচৰৰ পৰা শ্বিলঙলৈ যোৱাৰ সময়ত সোণাপুৰ টানেল হৈছে প্ৰৱেশ পইণ্ট । মেঘালয় আৰক্ষীয়ে কেইবা ঘণ্টা ধৰি পূৰ্ণ গতিৰে বোকা আঁতৰোৱাৰ কামত লাগি পৰে । ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ সুৰংগত ভূমিস্খলনৰ বোকা পৰিষ্কাৰ কৰি দুয়োফালে যাতায়তৰ ব্যৱস্থা মুকলি কৰা হয় ।

অৱশ্যে যান-বাহনসমূহক অভাৰটেক নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে । উল্লেখ কৰিব পাৰি যে যোৱা গ্ৰীষ্মকালতো একেধৰণৰ বোকা খহনীয়াই যান-বাহনৰ চলাচলত ব্যাঘাত ঘটাইছিল । ইয়াৰ বাবে যাত্ৰীসকলে চৰম অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল । প্ৰতিবাৰেই শ্বিলং পথত ভূমিস্খলন হয়, চাহিদা বৃদ্ধিৰ বাবে বিমান ভাড়াও আকাশলংঘী হয় ।

এই দুৰ্দশাগ্ৰস্ত সময়চোৱাত দক্ষিণ অসমৰ ৰাইজে হাফলঙৰ মাজেৰে যোৱা ঘাইপথটোৰ গুৰুত্ব উপলব্ধি কৰে যিটোৰ নিৰ্মাণকাৰ্য দশক দশক ধৰি আধৰুৱা হৈ আছে । দীৰ্ঘদিন ধৰি ঘাইপথ অৰ্থাৎ ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে ।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন