মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত আজি শিলচৰত উলিওৱা হয় এক সমদল। অল আছাম মণিপুৰি য়ুথ এচোছিয়েশ্যন, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভা, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৃতি পৰিষদ, বিষ্ণুপ্ৰিয়া মণিপুৰী মহিলা সন্থা, মেইৰা পেইবি, ৰংপুৰ মেইৰা সমিতিকে ধৰি বহুকেইটা বৰাকৰ সংগঠনে এই সমদলত যোগদান কৰে।
শিলচৰত ইটখলাৰ পৰা আৰম্ভ হোৱা এই সমদলত ৫ হাজাৰৰো অধিক লোকে যোগদান কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমৱেত হয়। মহাসভাৰ মহাসচিব স্বপন সিনহাই স্পষ্টকৈ কয়, "আমি মণিপুৰত যিমান পাৰি সোনকালে শান্তি বিচাৰোঁ, নিৰীহ লোকে অন্তহীন কষ্ট ভোগ কৰি আছে। যিকোনো সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে। সংঘৰ্ষ বন্ধ হওক। দেশৰ প্ৰধানমন্ত্ৰীয়ে অতি সোনকালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।"
সদৌ অসম মণিপুৰী যুৱ সন্থাৰ মুখ্য উপদেষ্টা কুন্দন ক্ষেত্ৰিয়মে কয় যে মণিপুৰত সততা বজাই ৰাখিব লাগিব । মণিপুৰৰ মণিপুৰীসকলে সহ্য কৰিব নোৱাৰাকৈয়ে কষ্ট পাইছে । কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মণিপুৰক বচাব লাগিব। মণিপুৰৰ অস্তিত্ব সংকটত। সকলো মণিপুৰী একত্ৰিত হোৱা উচিত।
মহাসভাৰ প্ৰাক্তন অসম ৰাজ্যিক সভাপতি ৰাজেন্দ্ৰ সিনহাই আৱেগিকভাৱে কয়, "আমাৰ মাতৃভূমি মণিপুৰ এতিয়া সংকটত পৰিছে। সকলো মণিপুৰী এক হ'ব লাগিব। "মহাসভাৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক জিষ্ণু সিনহা, সাংস্কৃতিক পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিলীপ সিং, সাধাৰণ সম্পাদক বিশ্বজিৎ সিং, বিষয়া ৰাজেশ সিঙকে ধৰি অন্যান্য সংগঠনৰ নেতাসকলে ভাষণ প্ৰদান কৰে।''
Published by: Gautam Barman
FIRST PUBLISHED : May 25, 2023, 22:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।