প্ৰবল ইচ্ছাশক্তিয়ে যিকোনো ব্যক্তিকে সফলতাৰ সোৱাদ দিব পাৰে । আৰ্থিক দুৰ্দশাই ইচ্ছাশক্তি আৰু প্ৰতিভা প্ৰকাশৰ বাটত বাধাৰ সৃষ্টি কৰিব নোৱাৰে । কাছাৰৰ সোণাইৰ দুৰ্গম গাঁও ভাউৰিকান্দিৰ মাহীৰ আহমেদ বৰভূঞাই পুনৰ প্ৰমাণ কৰিলে এই কথা।
মাহীৰ আহমেদে পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ পথত চানাচুৰ বিক্ৰী কৰে ৷ এনেদৰে পঢ়া-শুনা কৰি মাহীৰ আহমেদে কচুদৰম অগ্ৰগামী বিদ্যা নিকেতন বিদ্যালয়ৰ পৰা তিনিটা বিষয়ত লেটাৰ লৈ এইবাৰ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।
সোমবাৰে হঠাৎ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়তো মাহীয়ে পেটৰ চিন্তাত দৈনন্দিন ৰুটিন মানি ৰাস্তাৰ কাষত চানাচুৰ বিক্ৰী কৰাত ব্যস্ত হৈ আছিল । হঠাতে ঘোষণা কৰা ৰিজাল্ট জানিব পাৰি আনন্দত দুচকু নাচি উঠে মাহীৰৰ হৈ ।
মাহীৰ আহমেদ পূৱ সোণাইৰ ভাউৰিকান্দিৰ দ্বিতীয় খণ্ডৰ নুৰুল হকৰ প্ৰথম পুত্ৰ । দুই পুত্ৰ, দুগৰাকী কন্যা আৰু পত্নীকে ধৰি ছয়জনীয়া পৰিয়াল নুৰুল হকৰ । পৰিয়ালটো চলাই নিয়াত বহু কষ্ট সহ্য কৰিবলগীয়া হৈছে নুৰুল হকে ।
মাহীৰ সৰুৰে পৰা পঢ়া-শুনাত ভাল । সেয়ে কচুদৰমৰ এখন ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিছিল । অষ্টম শ্ৰেণীৰ পৰাই তেওঁ নিজৰ মাচুলৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলে ।
মাহে ছশ টকীয়া মাচুল দি পৰিয়ালটোক সহায় কৰাৰ উপৰিও স্থানীয় হাইদৰ বজাৰত চানাচুৰ বিক্ৰী কৰি নিজৰ খৰচ উলিয়াই আহিছে মাহীয়ে । তেওঁৰ এই সফলতাত তেওঁৰ পিতৃ-মাতৃ আৰু ককাক অধিক সুখী । অঞ্চলটোৰ ৰাইজেও অভিনন্দনেৰে উপচাই পেলাইছে মাহীক ৷
Published by: Subham Goswami
FIRST PUBLISHED : May 25, 2023, 19:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।