মুখ্যপৃষ্ঠা »খবৰ »Cachar »Silchar News: BCCI ৰ কোচিঙৰ বাবে আমন্ত্ৰিত কৰিমগঞ্জৰ সৌৰভ দে

Silchar News: BCCI ৰ কোচিঙৰ বাবে আমন্ত্ৰিত কৰিমগঞ্জৰ সৌৰভ দে

বিচিচিআইৰ কোচিঙৰ বাবে আমন্ত্ৰিত কৰিমগঞ্জৰ সৌৰভ দে

বিচিচিআইৰ কোচিঙৰ বাবে আমন্ত্ৰিত কৰিমগঞ্জৰ সৌৰভ দে

BCCI: বিচিচিআইৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰা কৰিমগঞ্জৰ প্ৰথমজন ক্ৰিকেটাৰ সৌৰভ দে । 

  • Share this:
শিলচৰ, ১০ মাৰ্চ: কৰিমগঞ্জৰ সৌৰভ দে বিচিচিআইৰ কোচিঙৰ বাবে নিৰ্বাচিত হৈছে । তেওঁ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ ১৯ বছৰ অনুৰ্ধৰ ল’ৰা শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছে ।

এনচিএৰ এই জুনিয়ৰ বাছনি শিবিৰ ২৪ এপ্ৰিলৰ পৰা ১৮ মে’লৈ পণ্ডিচেৰীত অনুষ্ঠিত হ’ব । সৌৰভৰ উপৰিও এই শিবিৰলৈ অসমৰ আৰু এজন ক্ৰিকেটাৰক আমন্ত্ৰণ জনোৱা হৈছে । আমন্ত্ৰণ লাভ কৰা দ্বিতীয়জন খেলুৱৈ হৈছে ৰাজেশ প্ৰসাদ ।

দুয়োকে শিবিৰত যোগদান কৰিবলৈ ২৩ এপ্ৰিলৰ ভিতৰত ৰিপৰ্ট কৰিবলৈ কোৱা হৈছে । এই খবৰ পোৱাৰ পাছতে কৰিমগঞ্জত ক্ৰীড়াপ্ৰেমীসকলৰ মাজত উৎসাহৰ সৃষ্টি হয় ।

১৯ বছৰ অনুৰ্ধ জিলা দলৰ পৰা সৌৰভে অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে । ৰাজ্যিক দলৰ হৈ খেলাৰ পিচত তেওঁ চি কে নাইডু ট্ৰফীত খেলাৰ সুযোগ লাভ কৰে । তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ ফলস্বৰূপে তেওঁক বিচিচিআই একাডেমীলৈ আমন্ত্ৰণ জনোৱা হয় । কৰিমগঞ্জ ডি এছ এৰ সম্পাদক সুদীপ চক্ৰৱৰ্তীয়ে কয় যে কৰিমগঞ্জৰ ক্ৰীড়াৰ ইতিহাসত আজি এক অতি সুখৰ দিন ।

কৰিমগঞ্জৰ পৰা কোনোৱেই বিচিচিআইৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ নিৰ্বাচি হোৱা নাছিল ৷ বিচিচিআইৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰা কৰিমগঞ্জৰ প্ৰথমজন ক্ৰিকেটাৰ সৌৰভ দে । "আমি আশা কৰোঁ সৌৰভে আৰু আগুৱাই গৈ কৰিমগঞ্জ ক্ৰিকেটত অধিক সফলতা কঢ়িয়াই আনিব ৷" সংগঠনটোৰ হৈ সভাপতি অমলেশ চৌধুৰী, ক্ৰিকেট শাখাৰ অধ্যক্ষ সঞ্জীৱ বনিক, সম্পাদক আশীষ দাস পুৰকায়স্থ, খেলপথাৰ আৰু ষ্টেডিয়ামৰ সম্পাদক আশীষ নাগকে ধৰি সংগঠনটোৰ সকলো বিষয়াই সৌৰভ দেলৈ এইদৰে অভিনন্দন জ্ঞাপন কৰে । ইফালে কৰিমগঞ্জৰ প্ৰাক্তন খেলুৱৈ তথা জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যেও সৌৰভক শুভেচ্ছা জনায় ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি