শিলচৰ, ৮ মাৰ্চ: বয়স তেওঁৰ ৮০ সম্পূৰ্ণ হওঁ হওঁ । কিন্তু বয়স তেওঁৰ বাবে কোনো বাধা নহয়, বয়স মাথোঁ এটা সংখ্যাহে। অন্ততঃ তেওঁ সেই বুলিয়ে ভাবে ৷ সেয়েহে এই বয়সতো তেওঁ খোজ কাঢ়ি ঘূৰি ফুৰে। বৃদ্ধ বয়সতো তেওঁ একেই সপোন দেখে।
সপোন তেওঁৰ অধিক মহিলাৰ সবলীকৰণ। এতিয়াও তেওঁ এই সপোন বাস্তৱ কৰাৰ বাবে চেষ্টা চলাই আছে। হস্তশিল্পৰ প্ৰশিক্ষণৰ জৰিয়তে মহিলাসকলক নিজৰ ভৰিত থিয় হ’ব পৰাকৈ শক্তিশালী কৰাৰ লক্ষ্যৰে বিগত ৩৮ বছৰ ধৰি অক্লান্তভাৱে কাম কৰি আহিছে এই ৮০ বছৰীয়া বৃদ্ধাগৰাকীয়ে।
নাম তেওঁৰ জ্যোৎস্নাৰাণী চক্ৰৱৰ্তী। আচলতে তেওঁৰ নামৰ আগত সমাজকৰ্মী শব্দটো ব্যৱহাৰ কৰাটোহে সমীচীন হ’ব। কাৰণ ২০০৭ চনত তেওঁ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ গৈছিল।
এখন বিদ্যালয় নিয়মীয়াকৰণৰ দাবীতো ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিছিল। তেওঁ কেৱল হস্তশিল্পৰ জৰিয়তে মহিলাৰ বিকাশৰ বাবে কাম কৰাই নহয়, কাছাৰৰ বিভিন্ন বিদ্যালয়ৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।
জ্যোৎস্না চক্ৰৱৰ্তীৰ বৰ্তমান ঘৰ শিলচৰৰ সৰতপল্লীত। তেওঁ এই হস্তশিল্প শিকিছিল আত্মনিৰ্ভৰশীল হ’বলৈ, নিজৰ পৰিচয় গঢ়ি তুলিবলৈ। জ্যোৎস্না চক্ৰৱৰ্তীয়ে মাতৃ প্ৰয়াত মাতংগিনী ভট্টাচাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। মাকে তেওঁক হস্তশিল্পৰ লগত পৰিচয় কৰাই দিছিল।
১৯৮৫ চনৰ পৰা অৰ্থাৎ ৩৮ বছৰ ধৰি তেওঁ হস্তশিল্পৰ কামত নিয়োজিত হৈ আছে। প্ৰথমে তেওঁ নিজেই বিভিন্ন ধৰণৰ বজাৰ বেগ, লেডিজ বেগ, পাটৰ বেগ, ফুল, পুতলা আৰু বাঁহৰ সামগ্ৰী আদি তৈয়াৰ কৰিবলৈ শিকিছিল।
২০০৮ চনত ‘মহিলা হস্তশিল্প কেন্দ্ৰ’ নামেৰে নাৰীক স্বাৱলম্বী কৰি তোলাৰ বাবে এখোজ আগুৱাই যোৱাৰ বাবে এটা সংগঠন আৰম্ভ কৰে তেওঁ। এই কেন্দ্ৰৰ জৰিয়তে তেওঁ সমগ্ৰ কাছাৰ, বিশেষকৈ গ্ৰামাঞ্চল ভ্ৰমণ কৰি মহিলাসকলক বিভিন্ন ধৰণৰ বেগ, গৃহসজ্জাৰ কামত ব্যৱহাৰ কৰা পাটৰ সামগ্ৰী, পুতলা, ফুল বনোৱা, বাঁহৰ সামগ্ৰীৰে বস্তু, বিস্কুট বনোৱা আৰু আচাৰৰ খাদ্য সংৰক্ষণ কৰা ইত্যাদি শিকাই আহিছে।
এই প্ৰশিক্ষণৰ দ্বাৰা অগণন মহিলা উপকৃত হৈছে, বহু কথা শিকিছে, নিজৰ ভৰিৰ ওপৰত থিয় দি ধন উপাৰ্জনৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ শ্লোগানৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ নিজৰ কাম অব্যাহত ৰাখিছে।
এই প্ৰশিক্ষণৰ দ্বাৰা সমগ্ৰ নাৰী সমাজেই উপকৃত হোৱাটো তেওঁ বিচাৰে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়োৱাৰ বাবে ২০০৭ চনত ৰাষ্ট্ৰীয় যুৱ প্ৰকল্পই তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলক সাক্ষাৎ কৰিবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল।
তেওঁ ৰাষ্ট্ৰপতিৰ পৰা সম্বৰ্ধনাও লাভ কৰিছিল।
তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলে তেওঁক আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছিল। জোৎস্না চক্ৰৱৰ্তী কাছাৰৰ বিভিন্ন বিদ্যালয় পৰিচালনা সংস্থাৰ সৈতেও জড়িত। তেওঁ শিলচৰৰ সৰ্বোদয় পাঠশালা মেনেজমেণ্ট ছ’চাইটিৰ সদস্যও আছিল।
এসময়ত তেওঁ গান্ধী শান্তি প্ৰতিষ্ঠানৰ সম্পাদকৰ দায়িত্বতো আছিল। বৰ্তমান তেওঁ মেহেৰপুৰৰ মাতংগিনী হিন্দী বিদ্যালয়ৰ সৈতে জড়িত। বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ বাবে তেওঁৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে।
সেই দাবীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লগ ধৰিছিল। বিগত ৩৮ বছৰ ধৰি প্ৰশিক্ষক-সমাজকৰ্মী জ্যোৎস্নাৰাণী চক্ৰৱৰ্তীয়ে যি কামত নিয়োজিত হৈ আহিছে, তাৰ ফলত তেওঁৰ হাতত আছে প্ৰায় ১১৫খন প্ৰশংসাপত্ৰ।
- First Published :