মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Jamai Sasthi 2023: বৰাক উপত্যকাত ৰীতি-নীতিৰে পালন হ'ল জামাই ষষ্ঠী 

Jamai Sasthi 2023: বৰাক উপত্যকাত ৰীতি-নীতিৰে পালন হ'ল জামাই ষষ্ঠী 

Jamai Sasthi celebrated in Silchar 

Jamai Sasthi celebrated in Silchar 

আজি 'জামাই ষষ্ঠী' ৷ জামাই অৰ্থাৎ জোৱাই । দেবী ষষ্ঠীৰ কাষত নিজৰ কন্যা আৰু জোৱাইৰ মংগল কামনা কৰি বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰত বঙালীসকলৰ ঘৰত এই অনুষ্ঠান পালন কৰা‌ হৈছে । ই এক পৰম্পৰাগত সাংস্কৃতিক লোকচাৰ ৷

  • Share this:
অসম ৰাজ্য‌ হৈছে বিভিন্ন জাতি-জনগোষ্ঠীৰ বসবাসথলী । প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব সংস্কৃতি আৰু পৰম্পৰা আছে । বৰাক উপত্যকা ৰাজ্যখনৰ অন্যতম অঞ্চল । বাংলা ভাষাৰ উপৰিও বিষ্ণুপ্ৰিয়া মণিপুৰী, মাৰোৱাৰী, ৰাজবংশী, আদিবাসী আদি ভিন্নভাষী আৰু ভিন্ন গোষ্ঠীৰ লোকে বাস কৰে ইয়াত ।

আজি 'জামাই ষষ্ঠী' ৷ জামাই অৰ্থাৎ জোৱাই । দেবী ষষ্ঠীৰ কাষত নিজৰ কন্যা আৰু জোৱাইৰ মংগল কামনা কৰি বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰত বঙালীসকলৰ ঘৰত এই অনুষ্ঠান পালন কৰা‌ হৈছে । ই এক পৰম্পৰাগত সাংস্কৃতিক লোকচাৰ ৷ বঙালিৰ অসংখ্য লৌকিক দেৱ-দেৱীৰ ভিতৰত মা ষষ্ঠী অন্যতম । সন্তানৰ কামনা‌ কৰি সন্তানৰ সুখ প্ৰাৰ্থনা কৰি ষষ্ঠী পূজা কৰা হয় । জেঠ মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত এই লোকাচাৰ পালন কৰা হয় । মুঠতে মৰমৰ জীয়াৰীক সুখী বৈবাহিক জীৱনৰ কামনা কৰি জোৱাই ষষ্ঠীৰ ব্ৰত পালন কৰা‌ হয় ।

কিন্তু শাহুৱেকে ‘জোঁৱাই ষষ্ঠী’ বুলি জোঁৱাই আৰু জীয়েকক আশীৰ্বাদ নিদিয়ে, এই অঞ্চলৰ বেছিভাগ ঘৰতে মাতৃয়ে সন্তানৰ সৈতে ষষ্ঠী পালন কৰে । আজিৰ দিনটোতে মাতৃসকলে সন্তানৰ মংগল কামনা কৰি ষষ্ঠী ৰীতি-নীতি পালন কৰে । মাতৃয়ে সন্তানৰ হাতত হালধীয়া সূতা বান্ধি দিয়ে। মূৰত ধান-দূবৰি দি আশীৰ্বাদ দিয়াৰ পিছত পাঁচবিধ গোটা ফল, মিঠাই আদি সজাই থোৱা হয় । কেৱল নিয়ম মানি চলাই নহয়, মাতৃৰ হাতেৰে ৰন্ধা বিশেষ খাদ্যও থাকে আজিৰ দিনটোত । যেনে মাছৰ পৰা মাংস, দালি, ভাজি, বড়া, চপ, চাটনি আদি। বিভিন্ন ধৰণৰ মিঠাই আৰু বিভিন্ন ধৰণৰ ফলো খাবলৈ দিয়া হয় ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি