মুখ্যপৃষ্ঠা »খবৰ »Cachar »Agniveer Recruitment 2023: সলনি হ'ল 'অগ্নিবীৰ'ৰ নিযুক্তি প্ৰক্ৰিয়া

Agniveer Recruitment 2023: সলনি হ'ল 'অগ্নিবীৰ'ৰ নিযুক্তি প্ৰক্ৰিয়া

ভাৰতীয় সেনাৰ নিযুক্তি বিষয়া ৰাহুল শৰ্মা

ভাৰতীয় সেনাৰ নিযুক্তি বিষয়া ৰাহুল শৰ্মা

এতিয়াৰে পৰা সেনাবাহিনীত যোগদান কৰিব বিচাৰিলে প্ৰথমে পৰীক্ষাত বহিব লাগিব ।  কিন্তু এই অনলাইন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাবলৈ প্ৰথমে joinindianarmy.nic.in ত পঞ্জীয়ন কৰিব লাগিব ।  

  • Share this:

শিলচৰ, ২৭ ফেব্ৰুৱাৰী:বায়ুসেনা আৰু নৌসেনাই যিদৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ঠিক এনেদৰেই নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ ভাৰতীয় স্থলসেনাই ।

এতিয়াৰে পৰা সেনাবাহিনীত যোগদান কৰিব বিচাৰিলে প্ৰথমে পৰীক্ষাত বহিব লাগিব । কিন্তু এই অনলাইন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাবলৈ প্ৰথমে joinindianarmy.nic.in ত পঞ্জীয়ন কৰিব লাগিব ।

২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতীয় সেনাৰ নিযুক্তিৰ অনলাইন পঞ্জীয়ন যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে । ১৫ মাৰ্চলৈকে এই পঞ্জীয়ন চলিব ।


পিছত অৱশ্যে প্ৰয়োজন অনুসৰি এই তাৰিখ বৃদ্ধি কৰা হ'ব পাৰে । দক্ষিণ অসম আৰু ত্ৰিপুৰাৰ নিযুক্তি সঞ্চালকৰ দায়িত্বত থকা ভাৰতীয় সেনা বাহিনীৰ কৰ্ণেল ৰাহুল শৰ্মাই আজি ‘অগ্নিবীৰ’ক দেশৰ সেৱাত নিয়োজিত হ’ব পৰা প্ৰক্ৰিয়াৰ সবিশেষ দাঙি ধৰে ।

সোমবাৰে শিলচৰস্থিত সেনা নিযুক্তি কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ভাৰতীয় সেনাই ‘অগ্নিবীৰ’ৰ নিযুক্তি প্ৰক্ৰিয়া সলনি কৰিছে ।

এতিয়াৰে পৰা যদি আপুনি অগ্নিবীৰ হিচাপে সেনাবাহিনীত যোগদান কৰিব বিচাৰে তেন্তে কমন প্ৰৱেশ পৰীক্ষা বা CEE দিব লাগিব । এই পৰীক্ষা অনলাইনযোগে হ'ব । CEE উত্তীৰ্ণৰ পিছত লোৱা হ’ব ফিটনেছ টেষ্ট । অৱশেষত দিব লাগিব Madical test ।


ইয়াৰ পূৰ্বে অগ্নিবীৰৰ নিযুক্তিৰ ক্ষেত্ৰতো CEE লোৱা হৈছিল । কিন্তু সেইটোৱেই আছিল শেষ পৰীক্ষা । যিটো এতিয়াৰ পৰা প্ৰথমে লোৱা হ’ব । কৰ্ণেল ৰাহুল শৰ্মাই আৰু কয়, বহু সংখ্যক যুৱক-যুৱতীয়ে ‘অগ্নিবীৰ’ হিচাপে জীৱন আৰম্ভ কৰিবলৈ আবেদন দাখিল কৰিছে ।
পূৰ্বৰ নিয়ম অনুসৰি প্ৰথমে তেওঁলোকে ফিটনেছ টেষ্ট দিব লাগিছিল ।

তাৰ পিছত মেডিকেল পৰীক্ষা । এই দুটাত নিৰ্বাচিত হোৱাসকলকে শিষত CEE ত অৱতীৰ্ণ হ'ব লাগিছিল । এইদৰেই বহু সংখ্যক যুৱক-যুৱতীয়ে সেনাবাহিনীত যোগদান কৰিবলৈ ফিটনেছ পৰীক্ষাত হাজিৰ হৈছিল । সৈনিক আৰু বিষয়াসকলে সেইবোৰ চম্ভালিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

সেইবাবেই প্ৰথমে CEE টেষ্ট দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ইয়ৰ ফলত সমাগম বহু পৰিমাণে কমি যাব বুলি ধাৰণা কৰা হৈছে । লগতে এই অনলাইন পৰীক্ষাটো আৰম্ভ কৰা হৈছে যাতে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ যোৱা যুৱক-যুৱতীসকলে আগতীয়াকৈ কিছু প্ৰযুক্তিৰ অভিজ্ঞতা লাভ কৰিব পাৰে ।

তেওঁ কয়, এতিয়াৰ পৰা প্ৰাৰ্থীসকলে ভাৰতীয় সেনাৰ ৱেবছাইটত গৈ নাম পঞ্জীয়ন কৰিব লাগিব । ইয়াৰ বাবে আধাৰ কাৰ্ড বা মাধ্যমিক পৰীক্ষাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব । পঞ্জীয়নৰ বাবে ২৫০ টকা দিব লাগিব প্ৰাৰ্থীয়ে ।

পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন প্ৰক্ৰিয়াত সুবিধা অনুযায়ী ৫টা পৰীক্ষা কেন্দ্ৰৰ নাম উল্লেখ কৰিব পাৰিব । অহা ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পৰীক্ষা প্ৰক্ৰিয়া । এই অনলাইন পৰীক্ষাত Multiple choice question থাকিব । পৰীক্ষাৰ ১৫ দিন আগতে আহিব এডমিট কাৰ্ড । প্ৰ-পত্ৰ পূৰণৰ সময়ত কোনো তথ্য ভুল হ’লে প্ৰাৰ্থীয়ে চিন্তা কৰিব নালাগে ।

তেওঁলোকক সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰা হ’ব । কিন্তু প্ৰাৰ্থীয়ে নিজৰ ই-মেইল আইডি আৰু সক্ৰিয় মোবাইল নম্বৰ দিব লাগিব । আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভাৰতীয় সেনা নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকৰ ইউটিউব চেনেলত ষ্ট্ৰীম কৰা হৈছে ।

যাতে কাৰো অসুবিধা নহয়মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যুৱক-যুৱতী অৰ্থাৎ চাৰে সোতৰ বছৰৰ পৰা ২১ বছৰ বয়সৰ ‘অগ্নিবীৰ’সকলে কেৱল কাট অফ মাৰ্কৰ জৰিয়তেহে নিযুক্তিৰ ক্ষেত্ৰত এখোজ আগুৱাই যাব পাৰিব ।

ইয়াৰ উপৰিও আৰু কেতবোৰ সুযোগ দিয়া হৈছে বুলিও তেওঁ কয় । সেই সুযোগবোৰ হ’ল- যিসকলে আই টি আইৰ যিকোনো এবছৰ, দুবছৰীয়া, তিনিবছৰীয়া পাঠ্যক্ৰম কৰিছে, যিসকল এন চি চি কেডেট আৰু যিসকলে ৰাজ্যিক পৰ্যায়ৰ কিছুমান খেলত অংশগ্ৰহণ কৰিছে তেওঁলোকক বোনাছ নম্বৰ দিয়া হ’ব ।

৫০ নম্বৰ পৰ্যন্ত বোনাছ লাভ কৰি ফিটনেছত কিছু ৰেহাই পাব । কৰ্ণেল ৰাহুল শৰ্মাই লগতে কয় যে অনলাইন টেষ্টৰ পিছত ১৫ জুনৰ পৰা শাৰীৰিক ফিটনেছ ৰেলী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব প্ৰশিক্ষণ ।

তেওঁ যুৱক-যুৱতীসকলক ‘অগ্নিবীৰ’ৰ নিযুক্তি প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হ’লে সকলো সহায়ৰ আশ্বাস দিয়ে । তেওঁ কয়, ভাৰতীয় সেনাৰ ৱেবছাইটত সকলো সবিশেষ লিখা আছে । লগতে ৭৯৯৬১৫৭২২ নম্বৰত যোগাযোগো কৰিব পাৰে প্ৰাৰথীসকলে ।

এতিয়ালৈকে কাছাৰ জিলাৰ প্ৰায় ৫০ জন যুৱকে ‘অগ্নিবীৰ’ প্ৰকল্পৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছে বুলি তেওঁ প্ৰকাশ কৰে । দক্ষিণ অসমৰ ৭ খন জিলা অৰ্থাৎ পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমাহাচাও, হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ আৰু হোজাই আৰু ত্ৰিপুৰা ৰাজ্যত ভাৰতীয় সেনাৰ নিযুক্তি সঞ্চালক হিচাপে কৰ্মৰত ৰাহুল শৰ্মা ৷

অসমৰ তিনিটা স্থান ক্ৰমে গুৱাহাটী, যোৰহাট আৰু শিলচৰ আৰু মেঘালয়ৰ শ্বিলঙত ভাৰতীয় সেনাৰ নিযুক্তি কাৰ্যালয় আছে । তেওঁ লগতে কয় যে দক্ষিণ অসম আৰু ত্ৰিপুৰাত ভাৰতীয় সেনাবাহিনীৰ খালী পদসমূহ স্থানীয় লোকেৰে পূৰণ কৰা হ'ব ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি