আই আই টি হায়দৰাবাদে নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শিলচৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । এই চুক্তি অনুসৰি শিলচৰ এন আই টিৰ প্ৰতিটো পাঠ্যক্ৰমৰ শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থীয়ে চতুৰ্থ বৰ্ষৰ দুটা ষান্মাসিকত আই আই টি হায়দৰাবাদত অধ্যয়ন কৰিব পাৰিব।
ইয়াৰ উপৰি ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত গেট পৰীক্ষাত নবহাকৈ আই আই টি হায়দৰাবাদত গৱেষণা কৰিব পাৰিব । শিলচৰ এন আই টিৰ হৈ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে পঞ্জীয়ক কৃষ্ণলাল বৈষ্ণৱ । আই আই টি হায়দৰাবাদৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে সঞ্চালক অধ্যাপক বি এছ মূৰ্তিয়ে । তেওঁৰ লগত অধ্যাপক চি এন শৰ্মা আৰু অধ্যাপক ৰাজনীথ মাদুৰাইও উপস্থিত থাকে ।
কৃষ্ণলাল বৈষ্ণবে কয়, ‘দেশৰ প্ৰথম কাৰিকৰী শিক্ষানুষ্ঠান হায়দৰাবাদৰ আই আই টিলৈ দেশ আৰু বিদেশৰ পৰা বহু পুঁজি আহে । তেওঁলোকে বিচাৰে আমাৰ প্ৰতিষ্ঠানসমূহৰ পৰা শ্ৰেষ্ঠ শিক্ষাৰ্থীসকলে তাত গৱেষণা কৰক । এই ধাৰাটোক আগুৱাই নিবলৈ তেওঁলোকে এনে উদ্ভাৱনীমূলক প্ৰস্তাৱ আগবঢ়াইছে আৰু অতি সুখী ।'
লগতে তেওঁ কয়, ‘আমাৰ শিক্ষানুষ্ঠানৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীসকলে তাত চতুৰ্থ বৰ্ষৰ দুটা ষান্মাসিক বিনামূলীয়াকৈ অধ্যয়ন কৰিব পাৰিব । ইয়াৰ ফলত এফালে তেওঁলোকৰ শিক্ষাৰ উন্নতি হ’ব আৰু আনফালে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অতিৰিক্ত সুবিধা লাভ কৰিব । কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল তেওঁলোকে গেট পৰীক্ষাত নবহাকৈয়ে হায়দৰাবাদ আই আই টিত পোনপটীয়াকৈ পঢ়াৰ সুযোগ পাব, ই এক বৃহৎ সিদ্ধান্ত ।’
হায়দৰাবাদ আই আই টিয়ে এই চুক্তিক যুগান্তকাৰী বুলি অভিহিত কৰিছে । শিলচৰ এন আই টিয়ে বৰাক উপত্যকাৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে । এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে শিক্ষাৰ্থীসকলে প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰত নতুন উৎসাহ লাভ কৰিব।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 13:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।