মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Silchar News: 'মালেগড় চিপাহী বিদ্ৰোহ‌ স্মাৰক'ৰ উন্নতিৰ আশ্বাস দিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই 

Silchar News: 'মালেগড় চিপাহী বিদ্ৰোহ‌ স্মাৰক'ৰ উন্নতিৰ আশ্বাস দিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই 

Governor Gulab Chand Kataria paying homage to war heroes at Malegarh

Governor Gulab Chand Kataria paying homage to war heroes at Malegarh

তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ৷ ৰাজ্যপালগৰাকীয়ে আজি পৰিদৰ্শন কৰে কৰিমগঞ্জ জিলা ৷

  • Share this:
শিলচৰ, ২৩ মে: তিনিদিনীয়া বৰাক ভ্ৰমণৰ আজি দ্বিতীয় দিনা কৰিমগঞ্জ পৰিদৰ্শন কৰিলে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । আজি কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত মৃদুল যাদৱ, আৰক্ষী, বি এছ এফৰ শীৰ্ষ বিষয়াৰ লগতে জিলাখনৰ সকলো নিৰাপত্তা সংস্থাৰ উচ্চ পদস্থ বিষয়া আৰু বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যপালগৰাকী ।

ইয়াৰ পাছতে তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ, দানশীল প্ৰকল্প, অনুদান আঁচনিৰ বিষয়ে আলোচনা কৰে । ইয়াৰ ভিতৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে শিক্ষা, স্বাস্থ্য, কৰ্ম, জলসম্পদ, জলসিঞ্চন, কৃষি, মীন, পশুপালন আদি বিভাগৰ কামৰ অগ্ৰগতি আৰু ৰূপায়ণৰ পৰ্যালোচনা কৰে । তেওঁ নিৰাপত্তা সংস্থাৰ বিষয়াসকলৰ সৈতেও নিৰাপত্তাজনিত বিষয়সমূহ পৰ্যালোচনা কৰে । পৰ্যালোচনা বৈঠকৰ অন্তত ৰাজ্যপালগৰাকীয়ে সংবাদ মাধ্যমক সাক্ষাৎ কৰি কৰিমগঞ্জ জিলা প্ৰশাসনৰ কাম-কাজ আৰু বিভাগটোৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে ।

জিলাখনৰ কৃষিৰ ক্ষেত্ৰত প্ৰতিটো ঋতুতে খেতিৰ ব্যৱস্থাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ কয় যে জিলাখনত ডায়েৰী ফাৰ্মৰ অভাৱ, যাৰ বাবে তেওঁ ডায়েৰী ফাৰ্ম স্থাপনৰ পৰামৰ্শ আগবঢ়ায় । ইয়াৰ পিছতে তেওঁ সুতাৰকান্দি আভ্যন্তৰীণ বন্দৰ কৰ্তৃপক্ষৰ ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰে ।

তাত ৰাজ্যপালে বাংলাদেশৰ সৈতে বৰ্তমানৰ বাণিজ্য আৰু ইয়াৰ ভৱিষ্যৎ উন্নয়নৰ সম্ভাৱনাৰ পৰ্যালোচনা কৰে । আজিৰ দিনটোতে তেওঁ সুতাৰকান্দি সীমান্তত গছপুলিও ৰোপণ কৰে । সুতাৰকান্দিৰ পৰা মালেগড়লৈকে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি মালেগড় চিপাহী বিদ্ৰোহ স্মাৰক পৰিদৰ্শন কৰে ৷ ৰাজ্যপালগৰাকীয়ে চিপাহী বিদ্ৰোহৰ স্মৃতিসৌধত বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰথম সংগ্ৰাম আৰম্ভ হৈছিল ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ পৰা । মালেগড়ত আশ্ৰয় লোৱা সাহসী জোৱান আৰু অঞ্চলটোৰ জনসাধাৰণে তেওঁলোকক এই বিদ্ৰোহত সহায় কৰিছিল যিয়ে স্বাধীনতা সংগ্ৰামৰ স্ফুলিংগ জগাই তুলিছিল । গতিকে এই অঞ্চলৰ গুৰুত্ব অপৰিসীম । তেওঁ কয় যে চিপাহী বিদ্ৰোহৰ সেই বীৰ জোৱানসকলক স্মৰণ কৰি এই পবিত্ৰ ভূমিৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তেওঁ আলোচনা কৰিব ।

ইয়াৰ উপৰিও দেশ বিভাজনৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদিও দেশ বিভাজনৰ ফলত ভাৰতৰ সিটো পাৰে বাংলাদেশ হৈছে, কিন্তু এই অঞ্চলত বসবাস কৰা লোকসকলৰ ভাষা, কৃষ্টি আৰু সংস্কৃতি সকলো একে । কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ নিৰাপত্তাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি