মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Gulab Chand Kataria: ''ৰোগীৰ লগত ভাল ব্যৱহাৰ কৰক''- শিলচৰত ৰাজ্যপালৰ পৰামৰ্শ

Gulab Chand Kataria: ''ৰোগীৰ লগত ভাল ব্যৱহাৰ কৰক''- শিলচৰত ৰাজ্যপালৰ পৰামৰ্শ

Governor Gulab Chand Kataria speaking at SMCH

Governor Gulab Chand Kataria speaking at SMCH

ৰাজ্যপালে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত ভাষণ দি তেওঁ চিকিৎসকসকলক ভালদৰে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু লগতে কয় , ৰাইজৰ টকা অতি কষ্টৰ টকা । 

  • Share this:
শিলচৰ, ২৪ মে: ৰোগীৰ লগত সুন্দৰ ব্যবহাৰ কৰিলেই ৰোগীসকল আধা সুস্থ হৈ উঠে। গতিকে চিকিৎসা ক্ষেত্ৰৰ মূল ভিত্তি হৈছে ব্যৱহাৰ। সেয়েহে চিকিৎসকে এইক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। চিকিৎসকসকলক এই পৰামৰ্শ দিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria)ই। তিনিদিনীয়া বৰাক উপত্যকা কাৰ্যসূচীৰ অন্তিম দিনা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ চৌহদত নিৰ্মাণ হৈ থকা কেঞ্চাৰ চিকিৎসালয়ৰ কাম বুধবাৰে পৰিদৰ্শন কৰে ৰাজ্যপাল কাটাৰিয়াই।

ইয়াৰ পূৰ্বে ৰাজ্যপালে শিলচৰ মেডিকেল কলেজ হাস্পতাল (Silchar Medical College & Hospital) ৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত ভাষণ দি তেওঁ চিকিৎসকসকলক ভালদৰে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু লগতে কয় ৰাইজৰ টকা অতি কষ্টৰ টকা। ইয়াৰ সঠিকভাৱে ব্যৱহাৰ কৰি যাতে ৰোগীক উত্তম সেৱা আগবঢ়াব পৰা যায়, সেই কথা মনত ৰাখিবলৈ তেওঁ আহ্বান জনায়।

লগতে তেওঁ চিকিৎসকসকলক কয় যে তেওঁলোকৰ কামৰ বাবে শক্তি আৰু সময় ৰাহি কৰাৰ মূল্য বুজি পোৱাটো অতি প্ৰয়োজনীয়, ইয়াৰ দ্বাৰা সংস্থাটোৰ উন্নতি হ’ব। চিকিৎসালয়খনৰ শৌচাগাৰৰ দুৰ্দশাৰ কথাও উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ৷ তেওঁ কয়, সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চিকিৎসালয়ৰ শৌচাগাৰৰ অৱস্থা অতি দুখজনক হোৱাটো আমাৰ দুৰ্ভাগ্য। গতিকে প্ৰথমে চিকিৎসালয়ৰ শৌচাগাৰৰ অৱস্থা ঠিক কৰাটো অতি জৰুৰী।

শৌচাগাৰ পৰিষ্কাৰ হ’লে গোটেই চিকিৎসালয়খন পৰিষ্কাৰ হৈ পৰিব। আজিৰ দিনটোত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্ত, অধীক্ষক বিশ্বদীপ চৌধুৰী, পৰিচালনা সমিতিৰ অধ্যাপক পৰিমল শুক্লবৈদ্য, পৰিচালনা সমিতিৰ উপ অধ্যক্ষ সাংসদ ডাঃ ৰাজদীপ ৰায়, জিলা উপায়ুক্ত ৰোহণ কুমাৰ ঝাকে ধৰি কেইবাগৰাকী চিকিৎসকো উপস্থিত থাকে।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি