মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »HSLC Results 2023: মাধ্যমিক পৰীক্ষাৰ ফলাফল: মেধাৰ তালিকাত স্থান পোৱা ৪ গৰাকী বৰাকৰ কন্যা

HSLC Results 2023: মাধ্যমিক পৰীক্ষাৰ ফলাফল: মেধাৰ তালিকাত স্থান পোৱা ৪ গৰাকী বৰাকৰ কন্যা

Four daughters of Barak Valley 

Four daughters of Barak Valley 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ বৰাক উপত্যকাৰ মান ৰাখিলে চাৰিগৰাকীকৈ ছাত্ৰীয়ে ৷ 

  • Share this:
শিলচৰ, ২২ মে: হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ বৰাক উপত্যকাৰ মান ৰাখিলে চাৰিগৰাকীকৈ ছাত্ৰীয়ে ৷ প্ৰথম দহটা স্থানৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিছে কাছাৰৰ কাবুগঞ্জ হলি ক্ৰছ স্কুলৰ ছাত্ৰী ছিনাম জইফাবী চানুৱে । তেওঁৰ মুঠ নম্বৰ হৈছে ৫৯১ । আনহাতে শিলচৰ কলেজিয়েট স্কুলৰ ৰীতাজা দেৱে ৫৮৬ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰে ।

শিলচৰ হলি ক্ৰছ এইচ এছ স্কুলৰ দীক্ষিতা ভট্টাচাৰ্যইও একে স্থান লাভ কৰিছে । তেওঁৰ মুঠ নম্বৰ হৈছে ৫৮৬ । ইপিনে, বৰাক উপত্যকাৰ আন এগৰাকী ছাত্ৰী সুকন্যা দাসে নৱম স্থান দখল কৰিবলৈ সক্ষম হয় । কৰিমগঞ্জৰ ৰ’লেণ্ডছ মেম’ৰিয়েল হাইস্কুলৰ ছাত্ৰী তেওঁ । তেওঁৰ মুঠ নম্বৰ হৈছে ৫৮৬ ।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কাছাৰৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৯ শতাংশ । পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৫৩৮২ গৰাকী শিক্ষাৰ্থী আৰু উত্তীৰ্ণ হয় ১৬২৪২ গৰাকী । ইয়াৰে প্ৰথম বিভাগত ৪১১৫ জন, দ্বিতীয় বিভাগত ৭৯১৪ জন আৰু তৃতীয় বিভাগত ৪২১৩ জন উত্তীৰ্ণ হৈছে ।

আনহাতে কৰিমগঞ্জ জিলাৰ উত্তীৰ্ণৰ হাৰ ৬৯.৯২ শতাংশ । এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল‌ ১৫,১০২ জন শিক্ষাৰ্থী । উত্তীৰ্ণ হৈছে ১০৫৬০ জন । ইয়াৰে প্ৰথম বিভাগত ২৯৮৫ জন, দ্বিতীয় বিভাগত ৫০০০ আৰু তৃতীয় বিভাগত ২৫৭৫ জন উত্তীৰ্ণ হৈছে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি