কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ দ্বাৰা অসমৰ বৰাক উপত্যকা আৰু মণিপুৰৰ ব্যাপক অৰ্থনৈতিক উন্নয়ন সম্ভৱ।
শেহতীয়াকৈ শিলচৰত অনুষ্ঠিত বৰাক-মণিপুৰ ফ্রেণ্ডশ্বিপ এছোচিয়েচনৰ প্ৰথমখন সাধাৰণ সভাত বৰাক মণিপুৰ ক্যাটালিষ্ট টু এক্ট ইষ্ট পলিচী অফ গভর্নমেন্ট অফ ইণ্ডিয়া শীৰ্ষক আলোচনাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এইদৰে কয় মণিপুৰৰ বিশিষ্ট উদ্যোগী বাবিনা গ্ৰুপ অৱ হোটেলছ কোম্পানীৰ অধ্যক্ষ ড° ডাবলি সিঙে ৷
তেওঁ আৰু কয় যে বৰাক আৰু মণিপুৰৰ সম্পৰ্ক ঐতিহাসিক। চৰকাৰৰ নতুন নীতিত মণিপুৰ আৰু বৰাকে দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব পাৰে। ইয়াৰ উপৰি দুয়োটা অঞ্চলৰ মাজত বাণিজ্য আৰু সংস্কৃতিৰ আদান-প্ৰদান অতি গুৰুত্বপূৰ্ণ।
এইক্ষেত্ৰত বৰাক-মণিপুৰ ফ্রেণ্ডশ্বিপ এছোচিয়েছনে বিশেষ ভূমিকা ল’ব পাৰে বুলিও তেওঁ কয়। মণিপুৰৰ বহু বৈশিষ্ট্য থাকিলেও বিভিন্ন কাৰণত অৰ্থনৈতিক উন্নয়ন সেই ধৰণে হোৱা নাই। একেদৰে বৰাক উপত্যকাৰ বহু সম্ভাৱনা থকাৰ পিছতো আৰ্থিকভাৱে উন্নতি হোৱা নাই।
কিন্তু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে এই উন্নয়ন সম্ভৱ, তেওঁ মন্তব্য কৰে। অনুষ্ঠানৰ আয়োজক কেআৰচি ফাউণ্ডেচনৰ মেনেজিং ট্ৰাষ্টি বিশ্বদীপ গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত ভাষণ দি মণিপুৰৰ আন এজন বিশিষ্ট উদ্যোগী ইৰাবন্ত সিঙে কয় যে মণিপুৰ আৰু বৰাকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে মানসিকতা সলনি কৰাৰ সময় আহি পৰিছে।
মণিপুৰ আৰু বৰাক উপত্যকাৰ জনসংখ্যা সমান যদিও মণিপুৰত সমতল মাটিৰ পৰিমাণ কম। কিন্তু বৰাকত প্ৰচুৰ পৰিমাণে আছে সমতল ভূমি। মণিপুৰীসকলৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা আছে আৰু বৰাকৰ মানুহৰো কঠোৰ পৰিশ্ৰমৰ ক্ষমতা আৰু সততা আছে। তেওঁ কয়, যোৱা বিশ বছৰৰ পৰা তেওঁ বৰাকৰ দুৰ্গম অঞ্চললৈ অহা-যোৱা কৰি আহিছে। বৰাকৰ বাট-পথৰ বহু সমস্যা আছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 22:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।