মুখ্যপৃষ্ঠা »খবৰ »Cachar »Silchar News: আয়ান‌ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ 

Silchar News: আয়ান‌ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ 

আয়ানৰ শেষ জন্মদিন পালন 

আয়ানৰ হত্যাকাণ্ডৰ সৈতে জড়িত পৰিয়ালটোৰ পাঁচজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিচতে সজীব উদ্দিন মজুমদাৰ নামৰ দ্বিতীয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 

  • Share this:
শিলচৰ, ১৮ মাৰ্চ: আয়ানৰ পৰিয়ালে কেতিয়াও সপোনতো ভবা নাছিল যে এইবাৰ কণমানিটিৰ শেষ জন্মদিন পালন কৰা হ’ব । শিলচৰৰ ৱাটাৰ ৱৰ্কছ ৰোডৰ বাসিন্দা আঠ বছৰীয়া আয়ান মঞ্জুৰ বৰভূঞাই জন্মদিনৰ ঠিক পিচদিনাই পৃথিৱীৰ পৰা বিদায় ল’বলগীয়া হৈছিল ।

চুবুৰীয়াৰ সৈতে চলি থকা দীৰ্ঘদিনীয়া মাটিৰ বিবাদৰ বাবেই তেওঁৰ মৃত্যু হয় । মাটিৰ বিবাদ মানে কি সেয়াও বুজি পোৱাৰ বয়স হোৱা নাছিল আয়ানৰ ৷ অপু মজুমদাৰ নামৰ এজন যুৱকে বিগত ১১ মাৰ্চত ঘৰৰ সমীপত দিনৰ পোহৰতে চোকা অস্ত্ৰৰে হত্যা কৰে আয়ানক । এই ঘটনাই সমগ্ৰ ৰাজ্যতে ধুমুহাৰ সৃষ্টি কৰিছিল । দোষীক ফাঁচী দিয়াৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল ।

একমাত্ৰ পুত্ৰৰ মৃত্যুক লৈ মতামত ব্যক্ত কৰিছে শোকত থকা পিতৃ মনজুৰ আহমেদ বৰভূঞাই । শনিবাৰে শিলচৰ ৱাটাৰ ৱৰ্কছ ৰোডত আয়োজন কৰা এক সংবাদমেলত তেওঁ কয় যে যদি আয়ানৰ হত্যাকাৰীক ৰক্ষা কৰা হয় তেন্তে ভৱিষ্যতে আৰু বহু আয়ান হেৰাই যাব আৰু বহু মাতৃৰ কোলা সুদা হ’ব ।

লগতে তেওঁ কয় যে ৮ বছৰ ১ দিনীয়া শিশু আয়ান মনজুৰ বৰভূঞাক কোলাৰ পৰা টানি নি হত্যাকাৰী অপু মজুমদাৰে ৰাজপথত নিৰ্মমভাৱে হত্যা কৰে । হত্যাকাণ্ডৰ আগদিনা পৰিয়ালৰ লোকে আয়ানৰ জন্মদিন পালন কৰিছিল । কিন্তু আয়ানে পিছদিনা সকলোকে এৰি যাব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল ।

আয়ানৰ হত্যা সন্দৰ্ভত কাছাৰ জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমে যিদৰে ন্যায়ৰ দাবীত আগবাঢ়ি আহিছে তাৰ বাবে মনজুৰ আহমেদ বৰভূঞা আৰু তেওঁৰ পৰিয়ালে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । মনজুৰ আহমেদ বৰভূঞাই জনায়, আয়ানৰ হত্যাকাণ্ডৰ সৈতে জড়িত পৰিয়ালটোৰ পাঁচজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিচতে সজীব উদ্দিন মজুমদাৰ নামৰ দ্বিতীয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

বাকী তিনিজন হাছান লস্কৰ, বাপ্পু মজুমদাৰ আৰু পাপ্পু মজুমদাৰ এতিয়াও পলাতক‌ । বাকী তিনিজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই আয়ানৰ পিতৃয়ে । তেওঁ কয়, যদি অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি দিয়া হয়, তেন্তে ভৱিষ্যতে কোনো মানুহেই এনে ঘটনা কৰিবলৈ সাহস নকৰে । আয়ান হত্যাকাণ্ডৰ মূল অভিযুক্তক ফাঁচী দিয়াৰ বাবে চৰকাৰক তীব্ৰ আহ্বান জনাইছে আয়ানৰ পৰিয়ালৰ লোকে ।

তেওঁ আৰু কয়, সকলোৰে সহযোগিতা আৰু শান্তনাৰ বাবে আজি তেওঁ জীয়াই আছে। নহ’লে তেওঁ একমাত্ৰ পুত্ৰৰ অকাল মৃত্যুৰ বেদনা লৈ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা আঁতৰি গ’লহেঁতেন ।

৮ বছৰীয়া পুত্ৰ আয়ানক হেৰুৱাই চকুপানী শুকাই গৈছে পিতৃৰ । হত্যাকাৰী অপু মজুমদাৰকে ধৰি আন পাঁচজন অভিযুক্তক ৰেহাই নিদিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে পিতৃ মনজুৰ আহমেদ বৰভূঞাকে ধৰি পৰিয়ালৰ লোকে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি