মুখ্যপৃষ্ঠা »খবৰ »কাছাৰ »Karimganj News: কৰিমগঞ্জত ৰে'ল বিভাগে উচ্ছেদ কৰিলে ৭৫ টা ঘৰ 

Karimganj News: কৰিমগঞ্জত ৰে'ল বিভাগে উচ্ছেদ কৰিলে ৭৫ টা ঘৰ 

দীৰ্ঘদিন ধৰি কৰিমগঞ্জ ৰে'ল জংচনৰ আশে-পাশে থকা অঞ্চলটোত কেইবাটাও পৰিয়ালে বসবাস কৰি আহিছে । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত ৰে’লৱেৰ ভূমিত বেদখলৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৰে'ল বিভাগে ।

  • Share this:
শিলচৰ, ২১ মাৰ্চ: কৰিমগঞ্জ চহৰৰ গাতে লাগি থকা ৰে'ল বিভাগৰ ভূমিত চলিছে উচ্ছেদ অভিযান । চিআৰপিএফৰ বৃহৎ দল আৰু আৰক্ষী বাহিনীয়ে দণ্ডাধীশৰ উপস্থিতিত আজি উচ্ছেদ অভিযানত নামে ।

ৰে'লৱেৰ মাটিত অবৈধভাৱে বসবাস কৰা লোকসকলে উচ্ছেদৰ সময়ত কোনো ধৰণৰ বাধা নিদিয়াৰ বাবে প্ৰশাসনে কোনো ধৰণৰ শক্তি প্ৰয়োগ নকৰাকৈ শান্তিপূৰ্ণভাবেই সমাধা কৰে উচ্ছেদ অভিযান ৷

দীৰ্ঘদিন ধৰি কৰিমগঞ্জ ৰে'ল জংচনৰ আশে-পাশে থকা অঞ্চলটোত কেইবাটাও পৰিয়ালে বসবাস কৰি আহিছে । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত ৰে’লৱেৰ ভূমিত বেদখলৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৰে'ল বিভাগে ।

ইয়াৰে অংশস্বৰূপে এই উচ্ছেদ অভিযান চলোৱা হয় । অঞ্চলটোত প্ৰায় ৭৫ টা ঘৰ উচ্ছেদ কৰা হৈছে । উচ্ছেদিত লোকসকলে পুনৰ সংস্থাপনৰ বাবে চৰকাৰক আবেদন জনায় । কৰিমগঞ্জ টাউন মৌজাৰ অন্তৰ্গত পাৰ্ট-৫ ব্লক-৯ৰ অন্তৰ্গত ৰে'লৱেৰ মাটিত এই উচ্ছেদ অভিযান চলোৱা হৈছিল ।

লামডিংস্থিত উত্তৰ-পূব ৰে’লৱেৰ বিভাগীয় প্ৰবন্ধক (ওৱৰ্কছ) ৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদকাৰ্য চলে । সংমণ্ডলটোৰ শীৰ্ষ বিষয়াৰ লিখিত নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডধীশ, ৰে’ল বিভাগ আৰু কৰিমগঞ্জৰ আৰক্ষী প্ৰশাসনৰ সৈতে আলোচনা কৰি ৰে’লৱেৰ সংশ্লিষ্ট এলেকাৰ মাটিৰ পৰা বেদখল আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হয় ।

সেই সিদ্ধান্তত কৰিমগঞ্জ ৰে'লৱে জংচনৰ সমীপৰ শিলচৰ ৰোড অঞ্চলৰ প্ৰায় ৭৫টা পৰিয়ালৰ ঘৰ আৰু দোকান ৰে'লৱেৰ মাটিৰ পৰা উচ্ছেদ কৰা হয় ৷ কৰিমগঞ্জৰ সদৰ চক্ৰ বিষয়া অন্তৰা সেন আৰু কাৰ্যবাহী দণ্ডাধীশ বিক্ৰম চাষা বেদখল বিৰোধী অভিযানৰ সময়ত আইন-শৃংখলাৰ পৰিস্থিতিৰ তদাৰক কৰিবলৈ উপস্থিত থাকে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি