মুখ্যপৃষ্ঠা »খবৰ »Cachar »Silchar News: প্ৰশংসনীয় পদক্ষেপ: মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ই-ৰিক্সা চালকৰ বিনামূলীয়া সেৱা

Silchar News: প্ৰশংসনীয় পদক্ষেপ: মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ই-ৰিক্সা চালকৰ বিনামূলীয়া সেৱা

ই-ৰিক্সা চালকৰ মহানুভৱতা

ই-ৰিক্সা চালকৰ মহানুভৱতা

এক নিদৰ্শন হিচাপে বিবেচিত হোৱা এই ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বাজাৰিছৰা অঞ্চলৰ ৷ বাজাৰিছৰাৰ ই-ৰিক্সাৰ মালিকসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত উপস্থিত কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাকো বিনামূলীয়াকৈ ৷

  • Share this:

শিলচৰ, ৪ মাৰ্চ: এক ব্যতিক্ৰমী ঘটনা ! শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে একাংশ ই-ৰিক্সা চালক ৷

এক নিদৰ্শন হিচাপে বিবেচিত হোৱা এই ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বাজাৰিছৰা অঞ্চলৰ ৷ বাজাৰিছৰাৰ ই-ৰিক্সাৰ মালিকসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত উপস্থিত কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই প্ৰসংগত ই-ৰিক্সা চালক আৰু মালিকসকলে কয় যে মেট্ৰিক পৰীক্ষা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এই দুৰ্গম অঞ্চলটোলৈ পুৱা বহু দূৰৈৰ পৰা একাংশ পৰীক্ষাৰ্থী আহে পৰীক্ষা দিবলৈ ।


যিহেতু পৰীক্ষা কেন্দ্ৰটো বাজাৰিছৰাৰ সমীপৱৰ্তী শিৱেৰগুল মহাবীৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছে, সেয়েহে সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাত বহু পৰীক্ষাৰ্থীৰ পলম হয় ।

এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ই-ৰিক্সা মালিক আৰু চালকসকলে সিদ্ধান্ত লৈছে যে বিভিন্ন গাঁৱৰ লগতে বাজাৰিছৰা গাঁও পঞ্চায়তত থকা সকলো পৰীক্ষাৰ্থীকে সময়মতে পৰীক্ষা কেন্দ্ৰলৈ পঠিয়াই দিয়া হ'ব আৰু তেওঁলোকে পৰীক্ষাৰ সময়ত সম্পূৰ্ণ বিনামূলীয়াকৈ এই সেৱা আগবঢ়াব ।

অৱশ্যে পৰীক্ষালৈ যোৱাৰ সময়তহে এই সেৱা আগবঢ়োৱা হ'ব । পৰীক্ষা শেষ হোৱাৰ পিছত পৰীক্ষাৰ্থীয়ে নিজা ব্যৱস্থাৰে ঘৰলৈ উভতি আহিব লাগিব ।

চালকসকলে কয় যে শুকুৰবাৰে পৰীক্ষাৰ প্ৰথম দিনা সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছাৰূপে একোটাকৈ কলম আগবঢ়োৱা হৈছে ৷ স্থানীয় ই-ৰিক্সা মালিকৰ হৈ পম্পু নাগ, বুৰন দত্ত, কৌশিক পাল, দীপন দাস, পৰিন্দ্ৰ দাস, শুবো দাস, মিটন পাল, প্ৰণবনন্দ আচাৰ্য, পিকলু দাস, সমীম উদ্দিন, আচাব উদ্দিন আদিয়ে এনে ধৰনৰ পদক্ষেপ গ্ৰহণ কৰিছে । ই-ৰিক্সা মালিকসকলৰ এনে পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে ।

তোমাৰ চহৰৰ পৰা(Cachar)

শেহতীয়া বাতৰি